ETV Bharat / state

প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ পথ নিৰ্মাণৰ নামত দুৰ্নীতি! - বন বিভাগ

জলসম্পদ বিভাগৰ মথাউৰিৰ ওপৰত পকী পথ নিৰ্মাণৰ কথা শুনি ৰাইজে প্ৰথমে সুখী হৈছিল যদিও পথ নিৰ্মাণৰ কাম আৰম্ভ হোৱাৰ পাচতে ৰাইজৰ সকলো আশা আকাংক্ষা পানীত পৰে । নৈৰ খহনীয়াৰ গ্ৰস্ত অংশত প্ৰায় উলমি থকা অৱস্থাতেই বনোৱা হৈছে পথটো ।

প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ পথ নিৰ্মাণৰ নামত দুৰ্নীতি!

author img

By

Published : Feb 28, 2020, 8:08 PM IST

কৰিমগঞ্জ,28 ফেব্ৰুৱাৰীঃ প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ পথ নিৰ্মাণৰ নামত ব্যাপক দুৰ্নীতিৰ অভিযোগ কৰিমগঞ্জত । জলসম্পদ বিভাগৰ মথাউৰি চাপৰ কৰি নৈত কাষতে প্ৰায় উলমি থকা অবস্থাতে নিৰ্মাণ কৰা হৈ আছে পথ । ব্লক দি নিৰ্মাণ কৰা পথৰ গাৰ্ড ওৱালত নাই কোনো ৰড। আানকি নৈৰ বিপৰীত ফালে কিছু ঠাইত ৰিটেইনিং ওৱালতো ব্যবহাৰ কৰা হোৱা নাই ৰড । ১২ বস্তা শিল আৰু বালিৰ লগতে মাথো এক বস্তা ছিমেন্ট ব্যবহাৰ কৰাৰ অভিযোগ । বন বিভাগৰ কৰ্মচাৰীয়ে ৰাইজক ভাবুকি প্ৰদান কৰি এনে নিম্নমানৰ কাম চলাই যোৱাৰে অভিযোগ ।

প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ পথ নিৰ্মাণৰ নামত দুৰ্নীতি!

এয়া কৰিমগঞ্জ জিলাৰ দক্ষিণ কৰিমগঞ্জ বিধানসভা সমষ্টিত থকা ৪৪নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা বড়ইটুক পথ নিৰ্মাণত ব্যাপক অনিয়মৰ অভিযোগ। প্ৰায় ৬ কিলোমিটাৰ পথটো নিৰ্মাণৰ বাবে আবন্টন কৰা হৈছে প্ৰায় ৫ কোটি টকা । জলসম্পদ বিভাগৰ মথাউৰিৰ ওপৰত পকী পথ নিৰ্মাণৰ কথা শুনি ৰাইজে প্ৰথমে সুখী হৈছিল যদিও পথ নিৰ্মাণৰ কাম আৰম্ভ হোৱাৰ পাচতে ৰাইজৰ সকলো আশা আকাংক্ষা পানীত পৰে । নৈৰ খহনীয়াৰ গ্ৰস্ত অংশত প্ৰায় উলমি থকা অৱস্থাতেই বনোৱা হৈছে পথটো । আনফালে মথাউৰিটোত মাটি ভৰোৱাৰ বিপৰীতে কাটি সমান কৰি কিছু পৰিমাণে চাপৰ কৰি দিয়া হৈছে । ইয়াৰ বাহিৰেও পথৰ গাৰ্ড ওৱালত ৰড নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে ৷ ৰাইজৰ অভিযোগ বন বিভাগত কাম কৰা এগৰাকী কৰ্মচাৰী আৰু স্থানীয় পালি নেতাই ঠিকাৰ কাম লৈ নিৰ্মাণ কাৰ্যত গাফিলতি কৰিছে।চৰকাৰে গ্ৰামাঞ্চলৰ বাট পথৰ উন্নয়নৰ বাবে কোটি কোটি টকা খৰচ কৰিলেও এচাম ঠিকাদাৰ,পালিনেতাৰ বাবে সঠিকৰূপে বাস্তবায়িত হোৱা নাই বুলি অভিযোগ উত্থাপন কৰিছে ৰাইজে ৷

লগতে চাওকঃ

ছায়া যুদ্ধ সজ্য কৰা নহ’ব : বিপিন ৰাৱট

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.