কৰিমগঞ্জ, ১১ নৱেম্বৰ: কৰিমগঞ্জৰ বদৰপুৰত বুধবাৰে অনুষ্ঠিত দলীয় সভাত অসম-মিজোৰামৰ বিবাদক লৈ বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰে অসম জাতীয় পৰিষদৰ আহ্বায়ক অদীপ ফুকনে। তেওঁ অভিযোগ উত্থাপন কৰে যে, অসম-মিজোৰামৰ সীমা বিবাদ সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰৰ ষড়যন্ত্ৰ। আগন্তুক বিধানসভা নির্বাচনৰ পূৰ্বে ভূমি বিবাদৰ সমস্যা সৃষ্টি কৰি নিৰ্বাচনী ইস্যু কৰিব খুজিছে বুলি মন্তব্য কৰে দলটোৰ আহ্বায়কগৰাকীয়ে।
তেওঁ কয় যে, এনে ষড়যন্ত্ৰ অসম জাতীয় পৰিষদৰ দৰে আঞ্চলিক দলে মানি নলয়। কৰিমগঞ্জৰ মেধালীচৰাৰ প্ৰায় ১০০ হেক্টৰ ভূমি মিজোৰামে দখলৰ অপচেষ্টা কৰা বিষয় সন্দৰ্ভত এই মন্তব্য কৰে অদীপ ফুকনে। আনহাতে, এই সভাতে ২০০ গৰাকী সদস্য অসম গণ পৰিষদ আৰু কংগ্ৰেছ দল ত্যাগ কৰি অসম জাতীয় পৰিষদত যোগদান কৰে।
লগতে পঢ়ক:বিধায়ক বলিন চেতিয়াৰ বিৰুদ্ধে নাৰী উন্নয়ন সন্থাৰ ৰাজহুৱা সভা