কৰিমগঞ্জ, 11 নৱেম্বৰঃ বাংলাদেশৰ পৰা প্ৰথমখন পণ্যবাহী জাহাজ মঙলবাৰে আহি পালে কৰিমগঞ্জ । ইয়াৰ লগে লগে জলপথেৰে বাংলাদেশৰ সৈতে বৰাক উপত্যকা তথা ভাৰতৰ্ষৰ এক বাণিজ্যিক সম্পৰ্কৰ সাক্ষী হ'ল কৰিমগঞ্জ জিলা ।
উল্লেখ্য যে,বাংলাদেশৰ নাৰায়নগঞ্জৰ পৰা কুছিয়াৰা নৈৰে কৰিমগঞ্জ বন্দৰত আহি উপস্থিত হয় ছিমেন্টভৰ্তি এই জাহাজ । সমান্তৰালভাৱে জাহাজখনক আদৰণি জনাই বিএছএফৰ জোৱানৰ লগতে কৰিমগঞ্জ প্ৰশাসনিক বিষয়াসকলে ৷ জানিব পৰা মতে কৰিমগঞ্জৰ লগতে শিলচৰ আৰু হাইলাকান্দি জিলালৈকে যাব জাহাজ খনত অহা এই ছিমেণ্ট।
লগতে পঢ়কঃআমগুৰিৰ নামতিত পথ নিৰ্মাণত অনিয়মৰ অভিযোগ