ETV Bharat / state

কৰিমগঞ্জত ভয়ংকৰ বান - কৰিমগঞ্জ পৌৰসভা

কৰিমগঞ্জত ভয়ংকৰ কৃত্ৰিম বান পৰিস্থিতি ৷ পৌৰসভাৰ চৰম হেমাহিৰ ফলতেই এতিয়া চহৰ খনত কৃত্ৰিম বানৰ সৃষ্টি হৈছে বুলি অভিযোগ কৰে স্থানীয় ৰাইজে ৷

ETV BHARAT
কৰিমগঞ্জত ভয়ংকৰ বান
author img

By

Published : Jun 2, 2020, 7:16 PM IST

কৰিমগঞ্জ, 2 জুনঃ কৰিমগঞ্জত ভয়ংকৰ বান পৰিস্থিতি ৷ বানত ইতিমধ্যে স্তব্ধ হৈ পৰিছে সাধাৰণ জনজীৱন ৷ সমগ্ৰ ৰাজ্যৰ লগতে কৰিমগঞ্জতো নেৰা-নেপেৰা বৰষুণৰ ফলত সৃষ্টি হৈছে ভয়ংকৰ বান ৷ জিলাৰ চহৰৰ মিছন ৰোড,মেইন ৰোড আদিকে দৰি বিভিন্ন বাট-পথ বৰ্তমান পানীত ডুব গৈ আছে ৷ ফলত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে সমগ্ৰ কৰিমগঞ্জত ৷ ইতিমধ্যে বানত ব্যাহত হৈ পৰিছে যাতায়াত সেৱা ৷

কৰিমগঞ্জত ভয়ংকৰ বান

আনহাতে,চহৰৰ স্থানীয় লোকসকলে কৰিমগঞ্জ পৌৰসভাৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি কয় যে,কৰিমগঞ্জ পৌৰসভাৰ ব্যর্থতাৰ ফলত দুৰ্ভোগ ভুগিবলগা হৈছে চহৰৰ ৰাইজে ৷ তাৰোপৰি,পৌৰসভাৰ চৰম হেমাহিৰ ফলতেই এতিয়া চহৰ খনত কৃত্ৰিম বানৰ সৃষ্টি হৈছে বুলি অভিযোগ কৰে স্থানীয় ৰাইজে ৷ অতি শীঘ্ৰে জিলা খনত বানৰ পৰা ৰক্ষা পাবলৈ উপযুক্ত ব্যৱস্থা কৰি দিবলৈ বিভাগীয় কৰ্তৃপক্ষৰ লগতে চৰকাৰ প্ৰশাসনক আহ্বান জনাইছে স্থানীয় লোকসকলে ৷

লগতে পঢ়ক- কৰিমগঞ্জত ভূমিস্খলন : প্ৰাণ হেৰুৱালে একে পৰিয়ালৰে 5 সদস্যই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.