ETV Bharat / state

পথ নে নৈ নাচালে ধৰিব নোৱাৰি, কৰিমগঞ্জত ব্যাহত যাতায়াত - water drainage system

এজাক বৰষুণতে বুৰ গ’ল কৰিমগঞ্জৰ বদৰপুৰ সমষ্টিৰ অন্তৰ্গত মনছাংগন পথৰ প্ৰায় পাঁচশ মিটাৰ অংশ (Artificial flood in Karimganj) ৷ বন্ধ হৈ পৰিছে প্ৰায় 32 হাজাৰ লোকৰ যোগাযোগ ব্যৱস্থা ৷ ফলত বিমোৰত পৰিছে অঞ্চলবাসী ৷ বিভাগীয় কৰ্তৃপক্ষক শীঘ্ৰে এই সমস্যা সমাধানৰ দাবী জনাইছে অঞ্চলটোৰ ৰাইজে ৷

এজাক বৰষুণতে বুৰ গ’ল কৰিমগঞ্জৰ গৰকাপ্তানি বিভাগ পথ

author img

By

Published : Apr 28, 2022, 9:44 AM IST

কৰিমগঞ্জ, 28 এপ্ৰিল : বাৰিষা এতিয়াও অহাই নাই ৷ তথাপিও অৱতৰীয়া এজাক বৰষুণতে বুৰ গ’ল কৰিমগঞ্জৰ এটা অঞ্চল (Artificial flood in Karimganj) ৷ এজাক বৰষুণৰ পিছত কৰিমগঞ্জৰ বদৰপুৰ সমষ্টিৰ অন্তৰ্গত মনছাংগন পথৰ প্ৰায় পাঁচশ মিটাৰ অংশ বৰ্তমান বুৰ গৈছে পানীৰ তলত ৷

ফলত কৰিমগঞ্জৰ বদৰপুৰ সমষ্টিৰ অন্তৰ্গত মনছাংগন পথৰ এই দুৰৱস্থাৰ বাবে এতিয়া বন্ধ হৈ পৰিছে যোগাযোগ ব্যৱস্থা (People are travelling dangerously) । উপায়ন্তৰ হৈ এতিয়া ৰাজপথলৈ ওলাই আহিছে অঞ্চলবাসী ৷ এই সমস্যাৰ পৰা পৰিত্ৰাণ বিচাৰি বিভাগীয় কৰ্তৃপক্ষক দাবী জনাইছে অঞ্চলটোৰ ৰাইজে ৷

এজাক বৰষুণতে বুৰ গ’ল কৰিমগঞ্জৰ পথ

তথ্য অনুসৰি, প্ৰায় 32 হাজাৰ লোকে দৈনিক যাতায়াত কৰে বদৰপুৰ সমষ্টিৰ মনছাংগন গাঁৱৰ গুৰুত্বপূৰ্ণ লোক নিৰ্মাণ বিভাগৰ অন্তৰ্গত পথটোৰে । কেৱল এই বৰষুণ জাকেই নহয়, বছৰটোৰ অধিকাংশ সময় পানীৰ তলত থাকে এই গুৰুত্বপূৰ্ণ পথটো ৷ লোক নিৰ্মাণ বিভাগে কোনো পূৰ্ব পৰিকল্পনা নকৰাকৈয়ে বিজ্ঞানসন্মত বিহীনভাৱে নিৰ্মাণ কৰিছে এই পথচোৱা ৷

লগতে পঢ়ক : জোনাইত আলোকৰ সন্ধানত এক বিপদ সংকুল যাত্ৰা এজাক শিশুৰ

ফলত যমৰ যাতনা ভোগ কৰিবলগাত পৰিছে অঞ্চলটোৰ ৰাইজে ৷ এই অভিযোগ অঞ্চলবাসীৰ ৷ প্ৰতিদিনেই বিপদসংকুলভাৱে যাত্ৰা কৰে বহু হাজাৰ লোকে । স্থানীয় ৰাইজে সদৰি কৰা অনুসৰি, অঞ্চলটোত নাই পানী নিষ্কাষণৰ কোনো ব্যৱস্থা ৷ জমা পানী নিষ্কাষণৰ সু-ব্যৱস্থা (water drainage system) বিচাৰি বিভাগীয় কৰ্তৃপক্ষৰ সৈতে বাৰম্বাৰ যোগাযোগ কৰিও বিফল হৈছে অঞ্চলটোৰ ৰাইজ ৷

অঞ্চলটোৰ ৰাইজৰ অভাৱ-অভিযোগক আওকাণ কৰা বুলিও বিভাগীয় কৰ্তৃপক্ষৰ বিৰুদ্ধে অভিযোগ উত্থাপিত হৈছে ৷ অঞ্চলটোৰ ৰাইজে শীঘ্ৰে এই সমস্যা সমাধান কৰিবলৈ দাবী উত্থাপন কৰিছে অঞ্চলটোৰ ৰাইজে ৷ যদি এই সমস্যা শীঘ্ৰে সমাধান নহয়. তেন্তে বৃহত্তৰ আন্দোলনৰ হুংকাৰ প্ৰদান কৰিছে ভুক্তভোগীয়ে ৷

লগতে পঢ়ক : ধেমাজিত বানত বুৰ শ শ বিঘা নহৰু খেতি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.