কৰিমগঞ্জ , 19 ফেব্ৰুৱাৰীঃ পাছপ’ৰ্ট ভিছাৰ নিয়ম উলংঘন কৰি অসমত এজন ইছলামিক নেতাই চলাই আছিল দপ-দপনি ৷ এই ইছলামিক নেতা গৰাকী হৈছে বাংলাদেশ ব্ৰাক্ষণবাৰিয়াতৰ ইছলামিক নেতা মুফতি হুচেইন আহমদ ছিদ্দিকি ৷
বিগত ফেব্ৰুৱাৰী মাহৰ 7 তাৰিখে অসমলৈ চিকিৎসা ভিছা লৈ আহিছিল এই বাংলাদেশী নেতা জন ৷ কিন্তু চিকিৎসা ভিছা লৈ অসমৰ বিভিন্ন প্ৰান্তৰ লগতে কৰিমগঞ্জৰ বহু এলেকাত ধৰ্ম প্ৰচাৰ কৰিছিল এই বাংলাদেশী নেতাজনে ।
এক গোপন সূত্ৰৰ পম খেদি কৰিমগঞ্জ আৰক্ষীয়ে বৃহস্পতিবাৰে আটক কৰে এই বাংলাদেশী মূলৰ নেতা জনক ৷ কিয়নো চিকিৎসা ভিছা লৈ অসমলৈ আহি ধৰ্ম প্ৰচাৰ কৰি আছিল এই নেতা জনে ৷ কিন্তু পৰিতাপৰ বিষয় যে মাৰ্চলৈকে ভিছাৰ সময়সীমা আছিল যদিও ভিছাৰ নিয়ম উলংঘা কৰাৰ অপৰাধত কৰিমগঞ্জ আৰক্ষীয়ে এই বাংলাদেশী মূলৰ নেতা জনক আটক কৰি স্ব গৃহলৈ উভতাই পঠিয়াই কৰিমগঞ্জ আৰক্ষীয়ে ৷