ETV Bharat / state

বদৰপুৰ ৰে’ল ষ্টেচনত বৃহৎ পৰিমাণৰ মাৰণাস্ত্ৰ জব্দ - কৰিমগঞ্জত ৰে’ল আৰক্ষীৰ তৎপৰতাত মাৰণাস্ত্ৰ জব্দ

বদৰপুৰ ৰে’ল ষ্টেচনত মাৰণাস্ত্ৰ জব্দ(Weapons recovered in Badarpur) ৷ ৰে’ল আৰক্ষীৰ তৎপৰতাত জব্দ হোৱা মাৰণাস্ত্ৰসমূহৰ ভিতৰত আছে চাৰিটা 7.65 পিষ্টল, 8 টা মেগজিন আৰু 15 জাঁই সজীৱ গুলি ৷ এই ঘটনা সন্দৰ্ভত আটক কৰা হৈছে দুজনকৈ লোক ৷

arms-and-ammunitions-recovered-in-badarpur-rail-station
বদৰপুৰত বৃহৎ পৰিমাণৰ মাৰণাস্ত্ৰ জব্দ
author img

By

Published : Apr 4, 2022, 10:29 AM IST

কৰিমগঞ্জ, 4 এপ্ৰিল : কৰিমগঞ্জৰ বদৰপুৰত জব্দ বৃহৎ পৰিমাণৰ মাৰণাস্ত্ৰ (Arms and ammunitions recovered in Badarpur) ৷ বদৰপুৰ ৰে’ল ষ্টেচনৰ পৰা ৰে’ল আৰক্ষী(Badarpur Rail police recovered weapons) য়ে জব্দ কৰে চাৰিটা 7.65 পিষ্টল, 8 টা মেগজিন আৰু 15 জাঁই সজীৱ গুলি ৷ এই ঘটনা সন্দৰ্ভত আটক কৰা হৈছে দুজনকৈ লোক ৷

ঘটনাৰ বিৱৰণী অনুসৰি, গুৱাহাটীৰ পৰা আগৰতলা অভিমুখী ৰে’ল নোপোৱাৰ ফলত বদৰপুৰ ৰে’ল ষ্টেচনৰ এখন নিৰ্মীয়মান উৰণীয়া সেঁতুৰ তলত বহি আছিল তিনিজনকৈ লোক ৷ তিনিজনীয়া দলটোক উক্ত স্থানত প্ৰত্যক্ষ কৰে ৰে’ল আৰক্ষীৰ অভিযানকাৰী দলে ৷ দলটোৰ ওপৰত আৰক্ষীৰ সন্দেহ ওপজাত ওচৰলৈ যাওতেই লোক কেইজনে পলায়নৰ চেষ্টা চলায় ৷

বদৰপুৰ ৰে’ল ষ্টেচনত বৃহৎ পৰিমাণৰ মাৰণাস্ত্ৰ জব্দ

ইয়াৰে দুজন লোকক আৰক্ষীয়ে আটক কৰে যদিও এজনে পলায়ন কৰিবলৈ সক্ষম হয় ৷ আটকাধীন লোক দুজন ক্ৰমে সুমন কুমাৰ আৰু বিকাশ কুমাৰ তিৱাৰী বুলি জানিব পৰা গৈছে ৷

দুয়োজন ব্যক্তিৰে ঘৰ বিহাৰৰ শাপলা জিলাত ৷ দলটোৰ লগত থকা বেগৰ পৰা ৰে’ল আৰক্ষীয়ে উদ্ধাৰ কৰে উক্ত মাৰণাস্ত্ৰসমূহ ৷ এই ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ বদৰপুৰতে সৃষ্টি হৈছে চাঞ্চল্য ৷ সম্প্ৰতি দুয়োজন লোকৰে জেৰা অব্যাহত ৰাখিছে ৰে’ল আৰক্ষীয়ে ৷

লগতে চাওক: নলবাৰীৰ লোহাৰকাঠাত চুৰিকাঘাটৰ ঘটনা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.