ETV Bharat / state

বিনা অপৰাধত কাৰাবাস খাটিলে এজন লোকে: ক’ত সংঘটিত হৈছে এই ঘটনা ? - অপহৰণ আৰু ধৰ্ষণৰ অভিযোগ

কোনো অপৰাধ নোহোৱাকৈ 15 দিন কাৰাবাস খাটিলে এজন যুৱকে ৷ আৰক্ষীয়ে প্ৰকৃত অপৰাধীক আটক নকৰি একে নামৰ আন এজন লোকক আটক কৰাক কেন্দ্ৰ কৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷

an-innocent-man-spent-15-days-in-prison
বিনা অপৰাধত কাৰাবাস খাটিলে এজন লোকে: ক’ত সংঘটিত হৈছে এই ঘটনা ?
author img

By

Published : May 30, 2021, 9:58 PM IST

কৰিমগঞ্জ, 30 মে’: কোনো অপৰাধ নোহোৱাকৈ 15 দিন কাৰাবাস খাটিলে এজন যুৱকে ৷ এই কাণ্ড সংঘটিত হৈছে পাথাৰকান্দিৰ বান্দৰকোনা গাঁৱত । ঘটনা সন্দৰ্ভত জানিব পৰা মতে, ২০১৪ চনত বাৰইগ্ৰাম আৰক্ষী চকীৰ অন্তৰ্গত বান্দৰকোনা গাঁৱৰ হুছেইন আহমেদে নামৰ এগৰাকী লোকৰ উপৰত অপহৰণ আৰু ধৰ্ষণৰ অভিযোগত গোচৰ ৰুজু কৰা হৈছিল ।

আৰক্ষীয়ে হুছেইন আহমেদৰ বিৰুদ্ধে ৰুজু হোৱা GR/1286/ 14 নম্বৰৰ গোচৰৰ ভিত্তিত আটক কৰি আদালতত হাজিৰ কৰায় ৷ পৰৱৰ্তী সময়ত আদালতে অভিযুক্ত হুছেইন আহমেদক জামিন দিয়াৰ লগতে গোচৰৰ শুনানিৰ দিনা আদালতত হাজিৰ থকাৰ নিৰ্দেশ দিছিল । কিন্তু অভিযুক্তজন সময়ত আদালতত হাজিৰ নোহোৱাত আদালতৰ নিৰ্দেশ অমান্য কৰাত গ্ৰেপ্তাৰৰ নিৰ্দেশ দিয়ে ৷

বিনা অপৰাধত কাৰাবাস খাটিলে এজন লোকে: ক’ত সংঘটিত হৈছে এই ঘটনা ?

কিন্তু আদালতৰ হেঁচাত বাৰইগ্ৰাম আৰক্ষী চকীৰ জনৈক আৰক্ষী বিষয়াই একেই নামৰ আন এজন নিৰ্দোষী হুছেইন আহমেদক ১২মে’ নিশাৰ ভাগত গ্ৰেপ্তাৰ কৰি আদালতলৈ প্ৰেৰণ কৰে । যাৰ পাছতে আদালতে আৰক্ষীয়ে আটক কৰি দিয়া হুছেইন আহমেদক জেললৈ পঠাই দিয়ে । যাৰ ফলত বিনা অপৰাধত দিন হাজিৰা কৰা হুছেইন আহমেদে কাৰগাৰত দিন কটাব লগা হয় ।

এই ঘটনাৰ পাছতে অভিযোগকাৰীয়ে লিখিত ভাৱে আদালতত জনায় যে, যিজনক আৰক্ষীয়েই আটক কৰিছে সেইজন অভিযুক্ত হুছেইন আহমেদ নহয় । যাৰ পাছত আদালতে বাৰইগ্ৰাম আৰক্ষীক কাৰণ দৰ্শোৱাৰ নিৰ্দেশ দিয়াৰ লগতে হুছেইন আহমেদক কাৰগাৰৰ পৰা মুক্ত কৰি দিয়াৰ নিৰ্দেশ দিয়ে । সম্প্ৰতি এই ঘটনাই সমগ্ৰ জিলাখনতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷

লগতে পঢ়ক: পৰিত্যক্ত অৱস্থাত অত্যাধুনিক সুবিধাযুক্ত এখন বিশেষ বাহন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.