কৰিমগঞ্জ, 23 মাৰ্চ : এইবাৰ কেন্দ্ৰীয় চৰকাৰৰ বিত্তীয় প্ৰতিষ্ঠান ডাকঘৰৰ বিৰুদ্ধে উত্থাপিত হৈছে আৰ্থিক কেলেংকাৰীৰ অভিযোগ(Alleged Financial fraud against Post Office) । ঘটনা কৰিমগঞ্জৰ ৰামকৃষ্ণ নগৰ ডাকঘৰৰ । গ্ৰাহক আৰু এজেণ্টৰ কেইবালাখ টকা উধাও এক দুষ্ট চক্ৰ । আনফালে ডাকঘৰটোলৈ নিজৰ টকা বিচাৰি বৃদ্ধি পাইছে গ্ৰাহকৰ ভিৰ ।
অৱশ্যে এতিয়ালৈকে কোনো ধৰণৰ গোচৰ তৰা হোৱা নাই, কাৰণ পোষ্ট মাষ্টৰজনে নিজৰ মাটি বিক্ৰী কৰি গ্ৰাহকৰ ধন ঘূৰাই দিয়া আৰম্ভ কৰিছে বুলি নিৰ্ভৰযোগ্য সূত্ৰে জানিব পৰা হৈছে । ইপিনে বাৰে বাৰে পোষ্ট মাষ্টৰৰ প্ৰতিক্ৰিয়া জনাৰ বাবে আমাৰ সাংবাদিকে চেষ্টা চলালেও তেওঁ কোনো ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই ।
জানিব পৰা মতে, এই কেলেংকাৰীৰ আঁৰত আছে দ্বিতীয় এক অস্থায়ী কৰ্মচাৰী ৷ কিন্তু যিহেতু সকলো দায়িত্ব পোষ্ট মাষ্টৰৰ অধীনত, গতিকে আৰ্থিক কেলেংকাৰীৰ তথ্য পোহৰলৈ যাতে নাহে তাৰ বাবে নিজেই গ্ৰাহকৰ টকা প্ৰদান কৰিছে পোষ্ট মাষ্টৰজনে । জানিব পৰা মতে প্ৰায় ত্ৰিশ লাখ টকাৰ অধিক কেলেংকাৰী সংঘটিত হৈছে । এতিয়া প্ৰশ্ন হ’ল কেন্দ্ৰীয় চৰকাৰৰ এই বিত্তীয় প্ৰতিষ্ঠানৰ কেলেংকাৰীৰ তদন্ত কৰিব নে উৰ্ধতম কৰ্তৃপক্ষই ৷
লগতে পঢ়ক : Majuli Bridge: মাজুলীবাসীৰ আৱেগক ব্যৱহাৰ কৰি জয়ী হৈছিল সৰ্বানন্দ সোণোৱাল