ETV Bharat / state

ABMSU Ex-President joins UPPL : ৰাজনৈতিক পথাৰত নামিল এবিএমছুৰ প্ৰাক্তন সভাপতি আশ্ৰাফুল ইছলাম

author img

By ETV Bharat Assamese Team

Published : Oct 5, 2023, 11:52 AM IST

বুধবাৰে এবিএমছুৰ প্ৰাক্তন সভাপতি আশ্ৰাফুল ইছলামে যোগদান কৰে ইউপিপিএল দলত ৷ ‘‘প্ৰমোদ বড়োৰ নেতৃত্বত বিটিআৰত শান্তি ঘূৰি আহিছে ৷ পূৰ্বৰ চৰকাৰৰ দিনত বিটিআৰত দিন দুপৰতে ঘূৰি-ফুৰাৰ পৰিৱেশ নাছিল ৷’’ এই মন্তব্য আশ্ৰাফুল ইছলামৰ ৷

ABMSU Ex President join UPPL
জাতীয় সংগঠন এৰি ৰাজনৈতিক পথাৰত যোগদান আশ্ৰাফুল ইছলামৰ

কোকৰাঝাৰ, 5 অক্টোবৰ : জন প্ৰতিনিধি হোৱাৰ অংকত ব্যস্ত নেকি একাংশ জাতীয় সংগঠনৰ নেতা ! নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে একাংশ জাতীয় সংগঠনৰ নেতৃত্বই ৰাজনৈতিক পথাৰত পদাৰ্পনৰ চিন্তাত নিমজ্জিত হৈছে ৷ বিশেষকৈ বিটিআৰত তুংগত উঠিছে দল ত্যাগ আৰু যোগদানৰ ৰাজনীতি ৷

বুধবাৰে এবিএমছু ত্যাগ কৰি ইউপিপিএলত যোগদান কৰে প্ৰাক্তন এবিএমছু নেতা আশ্ৰাফুল ইছলামে ৷ তেওঁৰ লগতে এবিএমছু আৰু আমছুৰ আন 50 গৰাকী সদস্যই যোগদান কৰে ইউপিপিএল দলত ৷

কোকৰাঝাৰ চহৰস্থিত ইউপিপিল দলৰ মুখ্যকাৰ্যালয়ত বুধবাৰে অনুষ্ঠিত এক সভাত যোগদান কৰে প্ৰাক্তন এবিএমছুৰ নেতাগৰাকীয়ে ৷ বিটিআৰ প্ৰধান তথা ইউপিপিএলৰ সভাপতি প্ৰমোদ বড়োৰ উপস্থিতিত অনুষ্ঠিত সভাতে যোগদান কৰে প্ৰাক্তন ছাত্ৰ নেতা আশ্ৰাফুল ইছলামে ৷

বিটিআৰ প্ৰধান প্ৰধান তথা ইউপিপিএলৰ সভাপতি প্ৰমোদ বড়োই সকলোকে ইউপিপিএল দললৈ একোখনকৈ ফুলাম গামোছাৰে আদৰণি জনায় ৷ যোগদান সভাত নিজৰ ভাষণত প্ৰমোদ বড়োৱে কয় যে, বিটিআৰত শান্তি, ঐক্য আৰু উন্নয়নৰ লগতে সকলোকে নিৰাপত্তা সুনিশ্চিত কৰি তোলাই ইউপিপিএলৰ লক্ষ্য হিচাপে কাম কৰি যাব ৷ এই ক্ষেত্ৰত শাসনৰ আঢ়ৈ বছৰতে ৰাইজে ইউপিপিএল দলক আকোঁৱালি লৈছে ৷

‘‘বিগত 17 বছৰত হাগ্ৰামা মহিলাৰীয়ে যিবিলাক কাম কৰা নাছিল সেইবিলাক আজি আমাৰ আমোলত নতুন উদ্যমেৰে উন্নয়ন আনিবলৈ সক্ষম হৈছো ৷ আগন্তুক দুটা বৰ্ষত ইউপিপিএলৰ দলে উন্নয়ন তৰান্বিত কৰি বিটিআৰৰ ৰেহৰূপ সলনি কৰা হ’ব ৷’’ এই মন্তব্য বিটিচি প্ৰধান প্ৰমোদ বড়োৰ ৷

ইপিনে ইউপিপিএল দলত যোগদান কৰি এবিএমছুৰ প্ৰাক্তন সভাপতি আশ্ৰাফুল ইছলামে কয় যে, প্ৰমোদ বড়োৰ নীতি-আদৰ্শৰ প্ৰতি অনুপ্ৰাণিত হৈয়ে মই ইউপিপিএল দলত যোগদান কৰিছো ৷ বিটিআৰৰ পূৰ্বৰ চৰকাৰক সমালোচনা কৰি ইছলামে লগতে কয়, ‘‘প্ৰমোদ বড়োৰ নেতৃত্বত বিটিআৰত শান্তি ঘূৰি আহিছে ৷ পূৰ্বৰ চৰকাৰৰ দিনত বিটিআৰত দিন দুপৰতে ঘূৰি-ফুৰাৰ পৰিৱেশ নাছিল ৷ মানুহৰ মনত শংকা, ভয় আছিল ৷ পূৰ্বৰ চৰকাৰৰ দিনতে বিটিআৰত গোষ্ঠী সংঘৰ্ষ হৈছিল ৷ প্ৰমোদ বড়োৰ নেতৃত্বত আজিৰ দিনত বিটিআৰত মানুহৰ মাজত কোনো ভয় আৰু শংকা নাই ।’’

লগতে পঢ়ক:Protest on Kokrajhar : টে'ট উত্তীৰ্ণ প্ৰাৰ্থীৰ ধৰ্ণাত উত্তাল কোকৰাঝাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.