ETV Bharat / state

65 বছৰীয়া অনিল মালাকাৰৰ কথাৰে ...

দৰিদ্ৰতা আৰু সুযোগৰ অভাৱত লোকজনে নিজৰ সপোনবোৰক আধাতে সামৰিবলগীয়া হৈছিল যদিও কোনো প্ৰশিক্ষণ নোলোৱাকৈ কৰি গৈছিল সাঁতোৰৰ অভ্যাস আৰু শৰীৰ চৰ্চা ৷

author img

By

Published : Aug 24, 2020, 3:20 PM IST

65-years-old-man-story
ত্ৰিপুৰাৰ 65 বছৰীয়া অনিল মালাকাৰৰ কথাৰে ...

কৰিমগঞ্জ, 24 আগষ্ট : অদম্য ইচছাশক্তি আৰু কিবা এটা কৰাৰ হেঁপাহ থাকিলে যে বয়সে কেতিয়াও বাধাৰ প্ৰাচীৰ হৈ থিয় দিব নোৱাৰে তাকে যেন প্ৰমাণ কৰি দেখুৱালে এগৰাকী 65 বছৰীয়া বৃদ্ধই ৷ লোকজনৰ নাম অনিল মালাকাৰ ৷ ঘৰ ত্ৰিপুৰাৰ ঊনকোটি জিলাৰ কামাৰাঙ্গাবাড়ি অঞ্চলত ৷ লোকজন পেচাত এজন দিন হাজিৰা কৰা লোক ৷ কিন্তু লোকজনৰ আছে এক বিশেষ প্ৰতিভা ৷ 65 বছৰ বয়সতো বহু সময় ধৰি পানীত উপঙি থাকিব পৰা এক বিশেষ প্ৰতিভা আছে লোকজনৰ ৷ বয়সৰ বাধাকো নেওচি লোকজনে শৰীৰ চৰ্চা কৰাৰ লগতে এতিয়াও একেৰাহে মাৰিব পাৰে এশৰো অধিক পুশ্বআপ ৷ এই বয়সতো নিজকে যথেষ্ট শক্তিশালী কৰা লোকজনে সৰুৰে পৰা সাঁতোৰৰ লগতে শৰীৰচৰ্চাত আছিল বিশেষ দখল ৷

কিন্তু দৰিদ্ৰতা আৰু সুযোগৰ অভাৱত লোকজনে নিজৰ সপোনবোৰক আধাতে সামৰিবলগীয়া হৈছিল যদিও কোনো প্ৰশিক্ষণ নোলোৱাকৈ কৰি গৈছিল সাঁতোৰৰ অভ্যাস আৰু শৰীৰ চৰ্চা ৷ লোকজনে আজিৰ প্ৰজন্মক শৰীৰক সতেজ আৰু শক্তিশালী কৰি ৰাখিবলৈ শৰীৰচৰ্চা কৰিবলৈ আহ্বান জনাইছে ৷

লগতে পঢ়ক :বগৰীবাৰীৰ মথাউৰি নিৰ্মাণৰ কামত অনিয়মৰ অভিযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.