ETV Bharat / state

Bangladeshi arrested: ধৰ্মনগৰত বাংলাদেশী ৫ নাগৰিকক গ্ৰেপ্তাৰ

author img

By

Published : Jun 10, 2023, 10:10 PM IST

পুনৰ ভাৰতলৈ প্ৰবজন ঘটিছে বাংলাদেশী নাগৰিকৰ । উত্তৰ ত্ৰিপুৰা জিলাৰ ধৰ্মনগৰত আটক ৫ জন কৈ বাংলাদেশী নাগৰিকক (5 Bangladeshi arrested in Dharmanagar) । বাংলাদেশৰ পছুৰগুনিয়া অঞ্চলৰ বাংলাদেশী নাগৰিক কেইজনক গ্ৰেপ্তাৰ কৰে ধৰ্মনগৰ আৰ পি এফে ।

5 Bangladeshi arrested in Dharmanagar
ধৰ্মনগৰত বাংলাদেশী ৫ নাগৰিকক গ্ৰেপ্তাৰ

কৰিমগঞ্জ, ১০ জুন: উত্তৰ ত্ৰিপুৰা জিলাৰ ধৰ্মনগৰত পুনৰ ৰাজ্য পাৰ হৈ বিদেশী ৰাজ্যত প্ৰৱেশ কৰাৰ পথত ৫ বাংলাদেশী নাগৰিকক গ্ৰেপ্তাৰ কৰা হয় । বাংলাদেশী নাগৰিকক আটক কৰে ৰাখিলে ধৰ্মনগৰ আৰ পি এফে (5 Bangladeshi arrested in Dharmanagar) । ইয়াৰে ৩ জন পুৰুষ আৰু ২ গৰাকী মহিলা ।

আটক কৰা বাংলাদেশীকেইটা বাংলাদেশৰ পছুৰগুনিয়া অঞ্চলৰ পৰা ক্ৰমে ছফিকুল ইছলাম, মহম্মদ ৰফিক, চাহাব আলী শ্বেখ আৰু পশুখালি অঞ্চলৰ পৰা মমতাজ আখতাৰ আৰু ৰজিনা বেগম বুলি জানিবপৰা গৈছে । ধৰ্মনগৰ আৰ পি এফে পাঁচ বাংলাদেশী নাগৰিকক জিম্মাত ৰাখি জেৰা অব্যাহত ৰাখিছে (5 Bangladeshi Nationals detained by RPF)।

ঘটনাৰ সবিশেষ তথ্য অনুসৰি শনিবাৰে ধৰ্মনগৰ আৰ পি এফে গোপন তথ্য লাভ কৰে যে ৫ জন সন্দেহযুক্ত বাংলাদেশী নাগৰিকে হমছফৰ এক্সপ্ৰেছ ৰে’লেৰে ৰাজ্য পাৰ হৈ বিদেশলৈ গৈ আছে । সেই মতে ধৰ্মনগৰ আৰ পি এফৰ উপ পৰিদৰ্শক এন.আৰ. হামছফৰ এক্সপ্ৰেছ ৰে’লৰ পৰা গ্ৰেপ্তাৰ কৰে দলটোৱে ।

পিছত আৰ পি এফৰ জেৰাৰ সময়ত ধৃত লোককেইজনে বাংলাদেশী নাগৰিক বুলি স্বীকাৰ কৰে । তেওঁলোকে জনোৱা মতে, অবৈধভাৱে ভাৰতলৈ পাৰ হ’বলৈ তেওঁলোকৰ পৰা প্ৰতি মূৰত ২০ হাজাৰ বাংলাদেশী টকা লৈছিল দালালটোৱে । মাজনিশা দালালে বাংলাদেশৰ আমতালি নামৰ ঠাই এখনৰ মাজেৰে কাইটিয়া তাঁৰৰ বেৰখন পাৰ হৈ ভাৰতৰ সীমান্ত উপস্থিত হৈছিলহি ।

তাৰ পৰা আগৰতলা ৰেল ষ্টেচনলৈ যায় দলটো । ইয়াৰ পিছত তেওঁলোকে হামছফৰ এক্সপ্ৰেছ ৰেলযোগে দেশ পাৰ হৈ বাংগালুৰুলৈ যোৱাৰ কথা আছিল । জানিবপৰা অনুসৰি যে গ্ৰেপ্তাৰ হোৱা পাঁচজন বাংলাদেশী নাগৰিকৰ ভিতৰত মহম্মদ ৰফিক দীৰ্ঘদিন ধৰি ব্যৱসায়ৰ বাবে বাংগালুৰুত আছিল ।

খবৰ পোৱা গৈছে যে ইয়াৰ পূৰ্বে তেওঁ অবৈধভাৱে বাংলাদেশৰ পৰা বহু নাগৰিকক বাংগালুৰুলৈ লৈ গৈছিল । সেয়ে ধৰি লোৱা হৈছে যে বাকী চাৰিজন বাংলাদেশী নাগৰিকক তেওঁ কৰ্মসূত্ৰে বাংগালুৰুলৈ লৈ গৈছিল । আনহাতে, ধৰ্মনগৰ আৰ পি এফৰ উপ-পৰিদৰ্শক এন আৰ দাসে ঘটনাৰ সত্যতা নিশ্চিত কৰে । সম্প্ৰতি আৰ পি এফে তেওঁলোকৰ জিম্মাত থকা পাঁচজন বাংলাদেশী নাগৰিকৰ তদন্ত অব্যাহত ৰাখিছে ।

লগতে পঢ়ক: Odisha train tragedy: ওড়িশাৰ AIIMSত চিকিৎসাধীন ৰে’ল দুৰ্ঘটনাত আহত অসমৰ দুলাল; পুত্ৰত সাক্ষাৎ কৰি আৱেগিক পিতৃ

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.