ETV Bharat / state

কৰিমগঞ্জত উপস্থিত বহিঃৰাজ্যত আৱদ্ধ ৪৬ জন লোক

চেন্নাইৰ পৰা বিশেষ ৰেলযোগে উপস্থিত গুৱাহাটীত, কৰিমগঞ্জ জিলা প্ৰশাসনে স্বাস্থ্য পৰীক্ষা কৰি কোৱাৰেন্টাইনলৈ প্ৰেৰণ ৷

author img

By

Published : May 19, 2020, 12:40 PM IST

AS_KRJ_804_18MAY_PEOPLE COME FROM CHENNAI, KARIMGANJ
কৰিমগঞ্জত উপস্থিত বহিঃৰাজ্যত আবদ্ধ ৪৬ জন লোক

কৰিমগঞ্জ,19মেঃ ৰাজ্যলৈ অব্যাহত আছে বহিঃ ৰাজ্যত আৱদ্ধ হৈ থকা ব্যক্তিসকলৰ প্ৰত্যাগমন । সোমবাৰে দ্বিতীয় পৰ্যায়ত চেন্নাইৰ পৰা বৰাকত আহি উপস্থিত হ‘ল ৪৬ গৰাকীকৈ লোক ৷ চেন্নাইৰ পৰা বিশেষ ৰেলযোগে গুৱাহাটীত আহি উপস্থিত হোৱাৰ পাছতেই তেওঁলোকক অসম চৰকাৰৰ পৰিবহন নিগমৰ বাছযোগে বৰাকলৈ লৈ যোৱা হয় ।

কৰিমগঞ্জত উপস্থিত বহিঃৰাজ্যত আৱদ্ধ ৪৬ জন লোক

সোমবাৰে বদৰপুৰঘাট আহি পোৱাৰ লগে লগে কৰিমগঞ্জ জিলা প্ৰশাসনৰ ফালৰ পৰা তেওঁলোকক প্ৰাথমিক স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে স্কেনিং কৰোৱা হয় । ইয়াৰে কৰিমগঞ্জ জিলাৰ ৪১ জন আৰু কাছাৰ জিলাৰ ৫ গৰাকীকৈ লোক বুলি জানিব পৰা গৈছে । কৰিমগঞ্জৰ ৪১ গৰাকী লোকৰ ৮ গৰাকী বদৰপুৰ সমষ্টিৰ হোৱা বাবে তেওঁলোকক বদৰপুৰৰ হোটেলত কোৱাৰেন্টাইনৰ ব্যবস্থা কৰা হয় ।

উত্তৰ কৰিমগঞ্জ সমষ্টিৰ ৩৩ গৰাকী লোকক কৰিমগঞ্জ চহৰলৈ লৈ যোবা হয় আৰু তেওঁলোকক চহৰখনৰ ভোলা গেষ্ট হাউছত ১৭ গৰাকী আৰু আন এখন হোটেলত অন্য ১৭গৰাকী লোকক কোৱাৰেন্টাইনত ৰখা হয় । চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ এজন কৰ্মচাৰীয়ে জনাই যে, এই সকল লোকক সেই স্থানত তিনিদিন ৰখা হ'ব আৰু ইয়াতে তেওঁলোকৰ পৰীক্ষা কৰোৱা হ'ব আৰু পৰীক্ষাত নিগেটিভ লাভ কৰিলেহে এই সকল লোকক ১১ দিনৰ বাবে হোম কোৱাৰেন্টাইনলৈ পঠিওবা হ'ব বুলি জানিবলৈ দিয়ে ৷

লগতে পঢ়কঃ গোলাঘাটত নতুনকৈ দুজনৰ দেহত COVID-19

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.