ETV Bharat / state

আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ 12 সন্দেহযুক্ত নাগৰিক

author img

By ETV Bharat Assamese Team

Published : Dec 24, 2023, 9:34 PM IST

Suspected Person arrested : ত্ৰিপুৰাৰ তেলিয়ামুৰাত আৰক্ষীয়ে আটক কৰে 12 জনকৈ সন্দেহযুক্ত নাগৰিক ৷ আৰক্ষীয়ে গোপন তথ্যৰ ভিত্তিত অভিযান চলাই আটক কৰিবলৈ সক্ষম হয় এই লোক কেইজনক ৷

12 Suspected Person arrested
ত্ৰিপুৰাৰ তেলিয়ামুৰাত আৰক্ষীৰ অভিযান
12 জনকৈ সন্দেহযুক্ত নাগৰিক আটক

কৰিমগঞ্জ, 24 ডিচেম্বৰ : ত্ৰিপুৰাৰ তেলিয়ামুৰাত আটক সন্দেহযুক্ত নাগৰিক ৷ ইয়াৰে কেইবাজনকো তেলিয়ামুৰাৰ ভাৰত-বাংলাদেশ সীমান্তৰে অবৈধভাৱে প্ৰৱেশ কৰাৰ সন্দেহ কৰিছে আৰক্ষীয়ে ৷

উল্লেখ্য যে, ত্ৰিপুৰাৰ খোৱাই জিলাৰ তেলিয়ামুৰাকে ধৰি ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত যোৱা কেইদিনমানৰ পৰা বাংলাদেশী নাগৰিকৰ অবৈধ অনুপ্ৰৱেশ বৃদ্ধি পাইছে ৷ অৱশ্যে এই ক্ষেত্ৰত আৰক্ষীয়ে ক্ষীপ্ৰতাৰে ব্যৱস্থা গ্ৰহণ কৰি অবৈধ অনুপ্ৰৱেশকাৰীক আটক কৰাত সফল হৈছে ৷ তথাপিও ৰাজ্যখনত সীমান্ত সুৰক্ষা বাহিনী আৰু আৰক্ষীৰ চকুত ধূলি দি অবৈধ অনুপ্ৰৱেশকাৰী ৰাজ্যখনত প্ৰৱেশ কৰি আৰক্ষী আৰু সীমান্তৰক্ষী বাহিনীৰ মূৰৰ কামোৰণি বৃদ্ধি কৰিছে ৷

শনিবাৰে নিশাৰ ভাগত ৰাজ্যখনৰ তেলিয়ামুৰা থানাৰ আৰক্ষীয়ে গোপন তথ্যৰ ভিত্তিত অভিযান চলাই 12 জন সন্দেহযুক্ত নাগৰিকক আটক কৰিবলৈ সক্ষম হয় ৷ ঘটনাৰ সবিশেষ তথ্য অনুসৰি তেলিয়ামুৰা থানাৰ আৰক্ষীয়ে গোপন সূত্ৰ যোগে তেলিয়ামুৰা চহৰৰ বাহিৰৰ দুটা পৃথক ঘৰত কেইবাজনো সন্দেহযুক্ত থকাৰ খবৰ লাভ কৰে ৷ এই খবৰৰ ভিত্তিত তেলিয়ামুৰা আৰক্ষীয়ে আটাইকেইজন ব্যক্তিকে আটক কৰিবলৈ এক বিশেষ অভিযান চলায় ৷

ইতিমধ্যে আৰক্ষীয়ে 12 জনকৈ সন্দেহযুক্ত অনুপ্ৰৱেশকাৰীক আটক কৰি তদন্ত আৰম্ভ কৰিছে ৷ আৰক্ষীৰ তথ্য অনুসৰি দীৰ্ঘদিন ধৰি অবৈধভাৱে প্ৰৱেশ কৰা বাংলাদেশীকে ধৰি আন ঠাইৰ লোকে তেলিয়ামুৰাত বিভিন্ন সামগ্ৰীৰ বেহা চলাই আহিছে ৷ আটকাধীন 12 সন্দেহযুক্ত নাগৰিকৰ ভিতৰত বাংলাদেশী অনুপ্ৰৱেশকাৰীও আছে বুলি জানিব পৰা গৈছে ৷

আটক হোৱা মাফুজ মোল্লা, মাহাছিৰ মুন্সী আৰু ৰামপ্ৰসাদ বিশ্বাস নামৰ অভিযুক্তকেইটাই তিনিওটা বাংলাদেশৰ গোপালগঞ্জৰ বাসিন্দা বুলি স্বীকাৰ কৰিছে ৷ ত্ৰিপুৰাৰ ভাৰত-বাংলাদেশ সীমান্তই দি বৈধ নথি-পত্ৰ অবিহনে অবৈধ উপায় গ্ৰহণ কৰি ৰাজ্যখনত অনুপ্ৰৱেশ কৰিছে এই অভিযুক্ত কেইটাই ৷ একেলগে 12 টা সন্দেহজনক নাগৰিক গ্ৰেপ্তাৰ কৰাৰ ঘটনাই সমগ্ৰ তেলিয়ামুৰাত চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷

লগতে পঢ়ক : শদিয়াৰ তিনি যুৱকলৈ আৰক্ষীৰ গুলীচালনাৰ সন্দৰ্ভত আৰক্ষী অধীক্ষকৰ স্পষ্টীকৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.