ETV Bharat / state

কৰিমগঞ্জৰ নৰসিংহ মন্দিৰৰ ডকাইতিকাণ্ডৰ 12 অভিযুক্তক আটক

author img

By

Published : May 1, 2021, 11:13 AM IST

কৰিমগঞ্জৰ ঐতিহ্যমণ্ডিত নৰসিংহ মন্দিৰৰ ডকাইতিকাণ্ডৰে জড়িত 12 জন লোকক আটক কৰিছে কৰিমগঞ্জ আৰক্ষীয়ে ৷ লগতে দুষ্কৃতিকাৰীকেইটাৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে মন্দিৰ পৰা চুৰি হোৱা সোণ-ৰূপৰ অলংকাৰ, মোবাইল আৰু অন্যান্য বহু সামগ্ৰী ৷

12 person's Arrest by Karimganj police
কৰিমগঞ্জৰ নৰসিংহ মন্দিৰৰ ডকাইতিকাণ্ডৰ 12 অভিযুক্তক আটক

কৰিমগঞ্জ, 1 মে’ : কৰিমগঞ্জৰ প্ৰায় তিনিশবছৰ পুৰণি নৰসিংহ মন্দিৰৰ ডকাইতিকাণ্ডৰে জড়িত 12 জন লোকক আটক কৰিছে কৰিমগঞ্জ আৰক্ষীয়ে ৷ লগতে দুষ্কৃতিকাৰীকেইটাৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে মন্দিৰ পৰা চুৰি হোৱা সোণ-ৰূপৰ অলংকাৰ, মোবাইল আৰু অন্যান্য বহু সামগ্ৰী ৷ শুকুৰবাৰে নিশা কৰিমগঞ্জৰ আৰক্ষী অধীক্ষক মায়ন কুমাৰে নিলামবাজাৰ আৰক্ষী থানাত সংবাদমেলৰ আয়োজন কৰি সদৰি কৰে এই তথ্য ৷

আৰক্ষী অধীক্ষকগৰাকীয়ে জানিবলৈ দিয়া অনুসৰি, গোপন সুত্ৰৰ পমখেদি ঘটনাৰ মূল অভিযুক্ত ছালিম উদ্দিনক ডিমাপুৰৰ পৰা গ্ৰেপ্তাৰ কৰাৰ লগতে কৰিমগঞ্জৰ বিভিন্ন স্থানৰ পৰা 11 জন অভিযুক্তক আটক কৰিছে আৰক্ষীয়ে ৷

উল্লেখ্য যে, ১২ এপ্ৰিলত কৰিমগঞ্জৰ বালিয়াত থকা নৰসিংহ মন্দিৰত সংঘটিত হৈছিল চাঞ্চল্যকৰ ডকাইতিকাণ্ড ৷ ভাৰত-বাংলাদেশ সীমান্তত অৱস্থিতি প্ৰায় তিনিশবছৰ পুৰণি মন্দিৰটোত নিশা অস্ত্ৰ-শস্ত্ৰ লৈ ডকাইতিকাণ্ড চলাইছিল ৭/৮ জনীয়া দুৰ্বৃত্তৰ দলে ৷

তদুপৰি দুৰ্বৃত্তৰ দলটোৱে মন্দিৰৰ পুৰোহিতৰ পৰিয়ালকো মাৰপিট কৰাৰ লগতে মন্দিৰৰ আপুৰুগীয়া আ-অলংকাৰ লুট কৰি নিয়াৰ অভিযোগ উত্থাপন হৈছিল ৷ এই ঘটনাৰ পাছতে আৰক্ষীৰ লগতে সীমা সুৰক্ষা বাহিনীয়েও ঘটনাৰ তদন্তত নামি পৰিছিল ৷ যাৰ পাছতে আৰক্ষীয়ে আটক কৰে অভিযুক্ত কেইজনক ৷

লগতে পঢ়ক: বেতেৰে নিৰ্মাণ কৰা এখন অত্যাধুনিক বিশেষ বুলেট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.