ETV Bharat / state

কেব বিৰোধী প্ৰতিবাদৰ ক'লা ধোঁৱাই ছানিছে অসম

author img

By

Published : Dec 10, 2019, 9:15 PM IST

আকাশ ছানি ধৰিছে কলা ধোঁৱাই । প্ৰতিবাদত উত্তাল অসম। নিৰবিছিন্ন ভাৱে চলিছে প্ৰতিবাদ । দৰ্শকৰ ৰূপত থিয় দিছে আৰক্ষী । পৰিৱেশ ক্ৰমান্বয়ে গতি কৰিছে অসম আন্দোলনৰ সময়লৈ । কেবৰ বিৰুদ্ধে নেছুৰ আহ্বানত জনোৱা উত্তৰ পূৰ্বাঞ্চলৰ বন্ধৰ সমৰ্থনত সমগ্ৰ ৰাজ্যত তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৷

10 December assam cab protest
কেব বিৰোধী প্ৰতিবাদৰ ক'লা ধোঁৱাই ছানিছে অসম

ধেমাজি,10 ডিচেম্বৰ: কেৱল কলম আৰু কেমেৰাৰে নহয় এইবাৰ দলসংগঠনৰ সৈতে সমজুৱা মুণ্ডণ কৰি প্ৰতিবাদত নামিল সংবাদকৰ্মী ৷ ধেমাজি জিলাৰ বৃহত্তৰ গোগামুখ প্ৰেছ ক্লাবৰ সভাপতি লগতে আন বহু কেইজনে সাংবাদিকে মংগলবাৰে আছু, এই জে ৱাই চি পি, কৃষক মুক্তিকে আদি কৰি ৩০ টা জনগোষ্ঠীয় সংগঠনৰ কেব বিৰোধী প্ৰতিবাদত অংশ লৈ সমজুৱা মুণ্ডণ কৰে ৷

ধেমাজিত সমজুৱা মুণ্ডণ কৰি প্ৰতিবাদত নামিল সংবাদকৰ্মী

লগতে পঢ়ক:প্ৰতিবাদী ক্ষোভৰ বজ্ৰ নিনাদেৰে অগ্নিগৰ্ভা অসম '

মৰাণ: নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত সমগ্ৰ অসমৰ সমান্তৰালভাৱে মৰাণতো জাতীয় সংগঠন সমূহে কেব বাতিলৰ দাবীত আন্দোলন তীব্ৰ কৰি তুলিছে । সোমবাৰে চুতীয়া ছাত্ৰ সন্থাই ১২ ঘন্টীয়া নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ লগতে ছয় জনগোষ্ঠী জনজাতিকৰণৰ দাবীত অসম বন্ধ দিয়াৰ পাছত আজি মঙলবাৰে পুৱা ৫ বজাৰ পৰা ১২ ঘন্টীয়া অসম বন্ধ আহ্বান কৰিছিল উত্তৰ-পূৰ্বাঞ্চল ছাত্ৰ সংগঠনে । মৰাণত এই বন্ধৰ প্ৰভাৱ সৰ্বাত্মক ৰূপ লোৱা পৰিলক্ষিত হয় । ৰাজপথত আন্দোলন তীব্ৰ কৰি তোলাৰ পাছতে আজি মৰাণ আঞ্চলিক ছাত্ৰ সন্থাৰ নেতৃত্ব, মৰাণৰ সকলো জাতি-জনগোষ্ঠীয় সংগঠনৰ প্ৰায় পাঁচ শতাধিক নেতা কৰ্মী একগোট হৈ মৰাণ বিধানসভা সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈৰ ঘৰ ঘেৰাও কৰে প্ৰতিবাদকাৰি সকলে । প্ৰতিবাদকাৰী সকলে বিধায়ক জনৰ ঘৰ সন্মুখতে কেব বিৰোধী শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে । লগতে মৰাণৰ সকলো ব্যৱসায়িক প্ৰতিষ্ঠান , যানবাহনৰ চলাচল সম্পূৰ্ণকৈ বন্ধ কৰি দিয়ে প্ৰতিবাদ কাৰিয়ে ।

কেব বাতিলৰ দাবীত মৰাণত আন্দোলন তীব্ৰ

লগতে পঢ়ক:নগাঁৱত প্ৰতিবাদকাৰীৰে আৰক্ষীৰ হতাহতি

গুৱাহাটী: দল-সংগঠন নহয় এইবাৰ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাজপথত নামিল সাধাৰণ ৰাইজ । মহানগৰীৰ কাহিলিপাৰাৰ হাজাৰ হাজাৰ লোক ওলাই আহিল নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি । গণেশগুৰিত পথৰ ওপৰতে বহি প্ৰতিবাদ কাহিলিপাৰাবাসী ৰাইজৰ । কাহিলিপাৰাবাসী ৰাইজৰ লগতে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সদস্য সকলেও এই প্ৰতিবাদী সমদলত অংশগ্ৰহণ কৰি ৰাজপথ উত্তাল কৰি তোলে ।

গুৱাহাটীত কেবৰ বিৰুদ্ধে ৰাজপথত নামিল সাধাৰণ ৰাইজ

লগতে পঢ়ক:একালৰ সন্ত্ৰাসবাদী এতিয়া সাংসদঃ বিশ্বজিত দৈমাৰী

যোৰহাট: নেছুৰ আহ্বানত জনোৱা উত্তৰ পূৰ্বাঞ্চলৰ বন্ধৰ সময়ত ৰাজ্যখনৰ বিভিন্ন অঞ্চলৰ লগতে সমগ্ৰ যোৰহাট জিলা খনত সংঘটিত হৈছে ব্যাপক প্ৰতিবাদী কাৰ্যসূচী । পুৱাৰ পৰা প্ৰতিবাদকাৰীয়ে টায়াৰ জ্বলাই সাব্যস্ত কৰে প্ৰতিবাদ । আৰক্ষী আৰু প্ৰশাসনৰ চকুৰ আগতে টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰিছে যদিও আৰক্ষীয়ে নিৰ্বিকাৰ ভূমিকা গ্ৰহণ কৰাৰ বাদে অন্য বিকল্প নোহোৱা হৈছে । বৰ্তমান সময়তো যোৰহাটত ব্যাপক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি আছে বিভিন্ন দল সংগঠনে‌ । জিলা উপায়ুক্ত কাৰ্যলয়ৰ সন্মুখত প্ৰতিবাদে তীব্ৰ ৰূপ লোৱাৰ উপৰি জিলা খনৰ বিভিন্ন ঠাইত ৰাষ্ট্ৰীয় ঘাইপথত টায়াৰ জ্বলাই পথ অৱৰোধ কৰিছে প্ৰতিবাদকাৰীয়ে । সকলোৱে মুখত এটাই আৰু শেষ কথা কেব আমি নেমানো ।

যোৰহাটত কেব বিৰুদ্ধে প্ৰতিবাদ

ইফালে যোৰহাটৰ মৰিয়নীতো অসম বন্ধৰ প্ৰভাৱ সৰ্বাত্মক । দল সংগঠন নিৰ্বিশেষে সকলো মৰিয়নীবাসী ৰাইজ ৰাজপথলৈ ওলাই আহি 'কেব'ৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে । বন্ধৰ সমৰ্থকে ঠায়ে-ঠায়ে টায়াৰ জ্বলাই পথ অৱৰোধ কৰাৰ লগতে বিজেপিৰ নেতা দুলেন নায়ক আৰু অসমভাষিক সংখ্যালঘু পৰিষদৰ চেয়াৰমেন বিজেপিৰ অলক ঘোষৰ ঘৰৰ সন্মুখত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে ।

অসম বন্ধৰ সৰ্বাত্মক প্ৰভাৱ মৰিয়নীত

বঙাইগাঁও: বঙাইগাঁৱত আছু কৰ্মীক মাৰধৰ ৷ চাৰিগৰাকী আহত ৷ ব্যৱসায়ীক প্ৰতিষ্ঠান বন্ধ কৰিবলৈ কোৱাৰ বাবে আক্ৰমণ কৰে একাংশ বাঙালী লোকে ৷ লাঠি, জং লৈ আক্ৰমণ কৰিৱলৈ খেদি আহে আছু কৰ্মীক ৷ প্ৰায় শতাধিক বঙালীলোকে লোকে খেদি আহি আক্ৰমণ কৰে আছুৰ প্ৰতিবাদৰকাৰীক ৷ ঘটনা সন্দৰ্ভত বঙাইগাঁও থানাত আক্ৰমণকাৰীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে আছুৱে ৷ বৰ্তমান বঙাইগাঁও অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন আহত আছু কৰ্মীসকল ৷ আহত আছু কৰ্মী ক্ৰমে মৃগাংকৰ ৰায়, সুখদেৱ বৰ্মন, ৰূপম চৌধুৰী আৰু দয়াল বৰ্মন ৷ আছু কৰ্মীক আক্ৰমণ কৰা ঘটনাৰ পিচতে এতিয়া উত্তপ্ত পৰিস্থিত সমগ্ৰ বঙাইগাঁও চহৰত ।

বঙাইগাঁৱত কেব বিৰোধী প্ৰতিবাদত আছু কৰ্মীক আক্ৰমণ

লগতে পঢ়ক:তপন গগৈ আৰু আঙুৰলতাৰ ঘৰ ঘেৰাও : প্ৰতিবাদকাৰীৰ হৈতে আৰক্ষীৰ হতাহতি

কৰিমগঞ্জ: কৰিমগঞ্জত জিলাত সোমাবাৰে নিশাৰ পৰা ১৪৪ ধাৰা বলবৎ কৰা হৈছে । ১৪৪ ধাৰা নেওচি কেবক লৈ আন্দোলনত বহিল জিলাৰ ১২ টাকৈ ইছলামিক সংগঠনে ৷ প্ৰাক্তন মন্ত্ৰী ছিদ্দিক আহমেদৰ নেতৃত্বত চৰকাৰী আবৰ্ত ভবনত সকলো একত্ৰিত হৈ শ্ল'গানৰে সমদল কৰি কৰিমগঞ্জৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সন্মুখত বিশাল আৰক্ষী বাহিনী আৰু দণ্ডাধীশৰ উপস্থিতিত তীব্ৰ প্ৰতিবাদ কৰে প্ৰতিবাদকাৰীয়ে ।

কৰিমগঞ্জত কেবক লৈ আন্দোলনত বহিল জিলাৰ ১২ টাকৈ ইছলামিক সংগঠন

লগতে পঢ়ক:গোলাঘাটত কেবৰ বিৰোধিতাৰে উলংগ প্ৰতিবাদ

মাৰ্ঘেৰিটা: সমগ্ৰ অসমৰ লগতে তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাত কেব তথা বিজেপি চৰকাৰৰ বিৰুদ্ধে ব্যাপক প্ৰতিবাদ । পুৱাৰে পৰা হাজাৰ হাজাৰ লোক ওলাই আহিল আছুৰ আহ্বানত ৰাজপথলৈ । প্ৰতিবাদী সমদল বাইক ৰেলী তথা ৰাজপথত ওলাই আহি সমগ্ৰ দিন জুৰি সাব্যস্ত কৰিলে জাতি ধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ । নৰেন্দ্ৰ মোডী অমিত শ্বাহ সৰ্বানন্দ হিমন্তৰ বিৰুদ্ধে ধাৰাবাহিক শ্ল'গানেৰে গুজৰি উঠিল সমগ্ৰ মাৰ্ঘেৰিটাৰ আকাশ বতাহ । ৰাজপথতে গালে সমস্বৰে জাতীয় সংগীত । তেজ দিম তথাপি অসমত কেব কাৰ্যকৰী হ'ব নিদিওঁ লাগিলে অসমীয়া জাতিয়ে দ্বিতীয় খন শৰাইঘাটৰ যুদ্ধ কৰিব বুলিও চৰকাৰক সকীয়াই দিয়ে প্ৰতিবাদকাৰী সকলে ৷

মাৰ্ঘেৰিটাত কেব তথা বিজেপি চৰকাৰৰ বিৰুদ্ধে ব্যাপক প্ৰতিবাদ

লগতে পঢ়ক:কেবৰ বিৰুদ্ধে ৰাজপথত কানহায়া কুমাৰ : পাটনাৰ ৰাজপথত দাহ কৰিলে অ-সংবিধানিক বিধেয়ক

Intro:গোগামুখত সমজুৱা মুণ্ডন কৰি প্ৰতিবাদ কৰিলে সাংবাদিকে ৷Body:

ধেমাজি , ১০ ডিচেম্বৰ : কেৱল কলম আৰু কেমেৰাৰে নহয় এইবাৰ দলসংগঠনৰ সৈতে সমজুৱা মুণ্ডণ কৰি প্ৰতিবাদত নামিল সংবাদকমী’ ৷ ধেমাজি জিলাৰ
বৃহত্তৰ গোগামুখ প্ৰেছ ক্লাবৰ সভাপতি, আৰু প্ৰাগ নিউজৰ ভিডিঅ' জাৰ্ণেলিষ্ট গৰাকীয়ে মংগলবাৰে আছু, এই জে ৱাই চি পি, কৃষক মুক্তি কে আদি কৰি ৩০ টা জনগোষ্ঠী য় সংগঠনৰ প্ৰতিবাদত অংশ লৈ সমজুৱা মুণ্ডণ কৰে

byte,1.&2

Pradunya Bharali , Dhemaji , assam .10/12/2019Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.