ETV Bharat / state

World Indigenous Day : ডিফুত বিভিন্ন জনজাতীয় সংগঠনৰ উদ্যোগত বিশ্ব খিলঞ্জীয়া দিৱস উদযাপন

author img

By

Published : Aug 9, 2023, 9:33 PM IST

কাৰ্বি আংলং জিলাৰ ডিফুত বুধবাৰে আন্তৰ্জাতিক খিলঞ্জীয়া দিৱস উদযাপন কৰা হয় ৷ 'ইণ্ডিজেনাছ ইউথ এজ এজেণ্টছ অফ চেন্জ ফৰ ছেল্ফ ডিটাৰমেনেছন'ক থীম হিচাপে লৈ ডিফু ক্লাৱত এপিএইছএলচি আৰু ৰাংছিনা ছাৰপ' কালচাৰেল হলত আছাম ইণ্ডিজেনাছ উইমেন ফ'ৰামৰ উদ্যোগত উদযাপন কৰা হয় এই দিৱস ৷

World Indigenous Day Observed at Diphu
আন্তৰ্জাতিক খিলঞ্জীয়া দিৱস
ডিফুত আন্তৰ্জাতিক খিলঞ্জীয়া দিৱস উদযাপন

ডিফু, ৯ আগষ্ট : সমগ্ৰ বিশ্বৰ লগতে কাৰ্বি আংলং জিলাৰ ডিফুতো বুধবাৰে আন্তৰ্জাতিক খিলঞ্জীয়া দিৱস উদযাপন কৰা হয় ৷ এই দিৱস উপলক্ষে বুধবাৰে 'ইণ্ডিজেনাছ ইউথ এজ এজেণ্টছ অফ চেন্জ ফৰ ছেল্ফ ডিটাৰমেনেছন'ক থীম হিচাপে লৈ ডিফু ক্লাৱত এপিএইছএলচি আৰু ৰাংছিনা ছাৰপ' কালচাৰেল হলত আছাম ইণ্ডিজেনাছ উইমেন ফ'ৰামৰ উদ্যোগত বিশ্ব খিলঞ্জীয়া দিৱস উদযাপন কৰা হয় ৷

ডিফু ক্লাৱত ৰাষ্ট্ৰ সংঘৰ পতাকা উত্তোলন কাৰ্যসূচীৰ পিছত আৰম্ভ হয় মূল সভা ৷ মূল সভাত এপিএইছএলচিৰ সভাপতি অৱসৰপ্ৰাপ্ত আইএছ বিষয়া জে আই কাথাৰ, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা ৰাজু দেউৰী, আৰএনপিচিৰ সভাপতি কেনিল' ৰেংমা, মতিলাল নুনিচা আৰু বিক্ৰম হাঞ্চে উপস্থিত থাকে ৷ এই সভাত বিভিন্ন জনজাতিৰ প্ৰায় দুই শতাধিক লোকে অংশগ্ৰহণ কৰে ৷ সভাৰ শেষত এপিএইছএলচিৰ সভাপতি জে আই কাথাৰে কয় যে, আজিৰ বিশ্বৰ খিলঞ্জীয়া দিৱসৰ সভাত ডিফু ক্লাৱত কাৰ্বি, কুকি, ৰেংমা, ডিমাছা, খাছী, দেউৰী, গাৰো, দেউৰী আৰু আদিবাসীৰ লোকে অংশ গ্ৰহণ কৰিছে ৷ খিলঞ্জীয়া সকলৰ ভূমি আৰু সংস্কৃতি সুৰক্ষাৰ বাবে বিশ্ব খিলঞ্জীয়া দিৱস পালন কৰা হয় ৷ তেনেক্ষেত্ৰত খিলঞ্জীয়াৰ স্বাৰ্থ সুৰক্ষি়ত হবই লাগিব ৷

আনহাতে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা ৰাজু দেউৰীয়ে সাংবাদিকৰ আগত কয় যে, খিলঞ্জীয়া দিৱসে খিলঞ্জীয়াসকলক জীয়াই থকাৰ অধিকাৰ দিছে ৷ চৰকাৰে খিলঞ্জীয়াক যথাযথ মৰ্যদা প্ৰদান কৰিব লাগে ৷ চৰকাৰে খিলঞ্জীয়াসকলৰ লগত কোনো ধৰণৰ বৈষম্যমূলক আচৰণ নকৰি ৰাষ্ট্ৰ সংঘই দিয়া ধৰণে খিলঞ্জীয়া সকলৰ ভূমি, সংস্কৃতি আৰু ৰাজনৈতিক অধিকাৰ সুনিশ্চিত কৰিব লাগে ৷ খিলঞ্জীয়াসকলৰ অধিকাৰ উপভোগ কৰিবলৈ সুবিধা কৰি দিব লাগে ৷

আনহাতে খিলঞ্জীয়াক কোনো কাৰণতে চৰকাৰে জাপি দিব বিচৰা ইউচিচি নলয় বুলি হুংকাৰ দিয়ে অধিবক্তাগৰাকীয়ে ৷ খিলঞ্জীয়া সকলৰ বাবে ১৯৮৯ চনৰ অনুসূচীত জাতি আৰু অনুসূচিত জনজাতিৰ নিৰ্যাতন আইন চৰকাৰে ৰূপায়ণ কৰিব লাগে বুলি দাবী জনায় ৷ ইফালে ডিফুৰ লৰুলাংচস্থিত ৰাংছিনা ছাৰপ' কালচাৰেল হলতো আচাম ইণ্ডিজেনাছ উইমেন ফ'ৰামৰ উদ্যোগতো বিশ্ব খিলঞ্জীয়া দিৱসটি উদযাপন কৰা হয় বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক : Assam governor visit Haflong: দুদিনীয়া কাৰ্যসূচীৰে ডিমা হাছাও উপস্থিত ৰাজ্যপাল গোলাব চান্দ কাটাৰীয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.