ETV Bharat / state

Workers union protest: কেন্দ্ৰীয় চৰকাৰৰ শ্রমিক-কৃষক বিৰোধী নীতি পৰিৱৰ্তনৰ দাবীত কেইবাটাও সংগঠনৰ প্ৰতিবাদ - দাম বৃদ্ধি ৰোধ কৰা

চৰকাৰে শ্ৰমিক বিৰোধী নীতি গ্ৰহণ কৰাৰ অভিযোগ উত্থাপন কৰি গুৱাহাটীত কেইবাটাও সংগঠনৰ প্ৰতিবাদ ৷ দাম বৃদ্ধি হ্ৰাস কৰা, সৰ্বস্তৰৰ নিবনুৱাৰ নিয়োগ সুনিশ্চিত কৰা, কৃষকৰ উৎপাদিত ফচলৰ ন্যূনতম সমর্থন মূল্য নিৰ্ধাৰণ আদিৰ দাবীৰে সাব্যস্ত কৰা হয় এই প্ৰতিবাদ (Workers union protest in Guwahati) ৷

Workers union protes
কেন্দ্ৰীয় চৰকাৰৰ শ্রমিক-কৃষক বিৰোধী নীতি পৰিৱৰ্তনৰ দাবীত কেইবাটাও সংগঠনৰ প্ৰতিবাদ
author img

By

Published : Apr 6, 2023, 1:33 PM IST

কেন্দ্ৰীয় চৰকাৰৰ শ্রমিক-কৃষক বিৰোধী নীতি পৰিৱৰ্তনৰ দাবীত কেইবাটাও সংগঠনৰ প্ৰতিবাদ

গুৱাহাটী, 6 এপ্ৰিল: চৰকাৰৰ শ্ৰমিক-কৃষক বিৰোধী নীতিৰ পৰিৱৰ্তনৰ দাবীত মেঘদূত ভৱনৰ সন্মুখত প্ৰতিবাদ ৷ অসম ৰাজ্যিক কৃষক সভা, চি আই টি ইউ, অসম কৃষি শ্ৰমিক ইউনিয়ন, এছ এফ আই, ডি ৱাই এফ আই আৰু গণতান্ত্ৰিক মহিলা সমিতিৰ উদ্যোগত প্ৰতিবাদ সাব্যস্ত কৰা হয় (Workers union protest in Guwahati) ৷

অসম ৰাজ্যিক কৃষক সভা, চি আই টি ইউ, অসম আৰু অসম কৃষি শ্ৰমিক ইউনিয়নে দিল্লীৰ মহাবিক্ষোভৰ লগত সংগতি ৰাখি অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বৃদ্ধি ৰোধ কৰা (Protest against price hike), সৰ্বস্তৰৰ নিবনুৱাৰ নিয়োগ সুনিশ্চিত কৰা, কৃষকৰ উৎপাদিত ফচলৰ ন্যূনতম সমর্থন মূল্য নিৰ্ধাৰণ (MSP) কৰি আইনগত স্বীকৃতি প্ৰদান কৰা, পুঁজিপতিৰ স্বাৰ্থত প্ৰস্তুত কৰা শ্ৰম সংহিতা চাৰিখন বাতিল কৰা, ন্যূনতম মজুৰি মাহিলি 21,000 টকা ধাৰ্য কৰা, অংগনৱাড়ী কর্মী-সহায়িকা, আশা কৰ্মী আৰু ৰন্ধন কৰ্মচাৰীসকলক মাননিৰ সলনি মজুৰি প্ৰদান কৰা, নতুন পেঞ্চন নীতি বাতিল কৰা আদি দাবীৰ ভিত্তিত মেঘদূত ভৱনৰ সন্মুখত বিক্ষোভ প্ৰদৰ্শন কৰা হয় (CITU protest in Guwahati) ৷

প্ৰতিবাদকাৰীসকলে প্ৰতিবাদ সাব্যস্ত কৰি কয়, ‘‘বৰ্তমান চৰকাৰে দেশৰ সম্পদ সৃষ্টিকাৰী দুটা শ্ৰেণী শ্ৰমিক আৰু কৃষকৰ লগতে মজদুৰসকলৰ বিৰুদ্ধে অর্থনৈতিক আগ্ৰাসনৰ বাট লৈছে ৷ দেশৰ কৰ্পোৰেট গোষ্ঠীসমূহৰ সৰ্বাধিক মুনাফা অৰ্জনৰ পথ সুগম কৰাৰ ক্ষেত্ৰত মোডী চৰকাৰে অগ্ৰাধিকাৰ দি আছে ৷ নব্যউদাৰবাদী আৰ্থিক নীতি আগ্ৰাসীভাৱে ৰূপায়ণ কৰি কৃষি ক্ষেত্ৰটোক কৰ্পোৰেটাইজ কৰিবলৈ অগ্ৰসৰ হৈছে ৷’’

ৰাজহুৱা খণ্ডৰ বিলোপ সাধন কৰি চৰকাৰে ৰাষ্ট্ৰীয় সম্পদ দেশী-বিদেশী কৰ্পোৰেটক অৰ্পণ কৰি আছে বুলিও গুৰুতৰ অভিযোগ উত্থাপন কৰে প্ৰতিবাদী দল কেইটাই ৷ তেওঁলোকে লগতে কয়, ‘‘শ্ৰম আইনসমূহ বিলোপ কৰি চাৰিটা শ্ৰম সংহিতাৰ মাজেৰে শ্ৰমিকক মালিকৰ কৃতদাসত পৰিণত কৰিব বিচাৰিছে ৷ এফালে কৰ্পোৰেট খণ্ডক প্ৰভূত পৰিমাণৰ কৰ ৰেহাই দিছে আৰু কৰৰ বোজা আৰু দামবৃদ্ধিৰ ফলত সাধাৰণ মানুহৰ জীৱন দুৰ্বিসহ হৈ পৰিছে (Price hike of essential commodities) ৷’’

দেশত অভূতপূৰ্বভাৱে নিবনুৱাৰ হাৰ বৃদ্ধি হৈছে বুলি উল্লেখ কৰি দেশৰ মানুহৰ 60 শতাংশৰো অধিক লোক আজি কর্মহীন বুলি কয় প্ৰতিবাদী সংগঠন কেইটাই ৷ লগতে কয় যে কেন্দ্ৰীয় চৰকাৰৰ দপ্তৰবোৰতেই 42 লাখৰো অধিক পদ খালী হৈছে ৷ এই পদৰ বাবে নতুন নিযুক্তি দিায়ৰ পৰিৱৰ্তে পদসমূহ বিলোপ কৰি আছে ৷

লগতে পঢ়ক: Asssam CWLW replaced: ৰাষ্ট্ৰপতি মূৰ্মুৰ কাজিৰঙা ভ্ৰমণৰ পূৰ্বে ৰাজ্যৰ মুখ্য বন সংৰক্ষকক বদলি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.