ETV Bharat / state

Drugs seized at Barpathar: তিনিচুকীয়া অভিমুখী নৈশ বাছৰ পৰা জব্দ লাখ টকাৰ হেৰʼইন, আটক মহিলা সৰবৰাহকাৰী

author img

By ETV Bharat Assamese Team

Published : Sep 25, 2023, 7:07 AM IST

বৰপথাৰত তিনিচুকীয়া অভিমুখী নৈশ বাছত আৰক্ষীৰ তালাচী ৷ ১৫ লাখ টকাৰ হেৰʼইনসহ আৰক্ষীয়ে আটক কৰে সৰবৰাহকাৰী মহিলা ৷

woman detain with huge amount of drugs at Barpathar
নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অভিযান

ডিফু, ২৫ ছেপ্টেম্বৰ : আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ সৰবৰাহকাৰী চক্ৰৰ বিৰুদ্ধে কাৰ্বি আংলং জিলা আৰক্ষীয়ে অব্যাহত ৰাখিছে ধাৰাবাহিক অভিযান ৷ এই অভিযান চলাই থকাৰ সময়তে শনিবাৰে নিশা কাৰ্বি আংলং জিলাৰ বৰপথাৰত আৰক্ষীয়ে এখন নৈশ বাছত চলায় অভিযান ৷ এই অভিযানত অভিযানকাৰী আৰক্ষীয়ে বুজন পৰিমাণৰ হেৰʼইনসহ এগৰাকী মহিলা সৰবৰাহকাৰী আটক কৰিবলৈ সক্ষম হয় ।

প্ৰাপ্ত তথ্য অনুসৰি, প্ৰতিদিনাৰ দৰে শনিবাৰে নিশা জিলাখনৰ বৰপথাৰ থানাৰ অন্তৰ্গত খকৰাজানত আৰক্ষীয়ে চলাই আছিল নিয়মীয়া তালাচী ৷ এই নিয়মীয়া তালাচীৰ সময়তে ডিমাপুৰৰ পৰা তিনিচুকীয়া অভিমুখে গৈ থকা এখন নৈশ বাছত আৰক্ষীয়ে অভিয়ান চলায় ৷ এই অভিযানতে খকৰাজানত আৰক্ষীয়ে AS ০১ GC ৭৭৫৪ নম্বৰৰ নৈশ বাছখনৰ এগৰাকী মহিলা যাত্ৰীৰ জিম্মাৰ পৰা ১৪ টা চাবোনৰ বাকচত ১৭৬.৭১ গ্ৰাম হেৰʼইন জব্দ কৰিবলৈ সক্ষম হয় ।

আৰক্ষীৰ ফালৰ পৰা জানিব পৰা মতে, সৰবৰাহকাৰী মহিলাগৰাকী নাগালেণ্ডৰ ডিমাপুৰৰ নিয়ামজুন মুনিয়েক (২৭) বুলি চিনাক্ত কৰা হৈছে । আৰক্ষীয়ে মহিলাগৰাকীক আটক কৰি তদন্ত অব্যাহত ৰাখিছে । ইফালে জব্দ হোৱা হেৰʼইনখিনিৰ আন্তঃৰাষ্ট্ৰীয় বজাৰ মূল্য কমেও প্ৰায় পোন্ধৰ লাখ টকা হ’ব বুলি অনুমান কৰিছে আৰক্ষীয়ে ।

আনহাতে, AS ০১ GC ৭৭৫৪ নম্বৰৰ নৈশ বাছখনৰ এগৰাকী মহিলা যাত্ৰীৰ পৰা নিচাজাতীয় সামগ্ৰী উদ্ধাৰ হোৱাৰ পাচতে বাছখনত থকা অন্য যাত্ৰীৰ মাজত সৃষ্টি হয় এক হুলস্থূলীয়া পৰিৱেশৰ ৷ এই বাতৰিয়ে স্পষ্ট কৰিছে যে, প্ৰশাসন যিমানেই কঠোৰ নহওক কিয়, ৰাজ্যত এতিয়া অব্যাহত আছে ড্ৰাগছ তথা নিচাজাতীয় সামগ্ৰীৰ বেহা ৷ নাকী লগাবলৈ সক্ষম হোৱা নাই আৰক্ষী ৷

নিতৌ ন ন কৌশল অৱলম্বন কৰি অসম আৰক্ষীক বুঢ়া আঙুলি দেখুৱাই সৰবৰাহকাৰী কৰি গৈছে ড্ৰাগছ তথা নিচাজাতীয় সামগ্ৰীৰ বেহা ৷ এই লৈ চিন্তিত এতিয়া সচেতন লোক ৷

লগতে পঢ়ক : Drunk police video viral: ড্ৰাই ডে’ ! ৰাজপথত দিন দুপৰতে ঢলং পলং আৰক্ষী জোৱান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.