ETV Bharat / state

১০ লাখ গছপুলি ৰোপণেৰে ডিফুত বিশ্ব পৰিৱেশ দিৱস উদযাপন

author img

By

Published : Jun 5, 2020, 9:53 PM IST

কাৰবি আংলং বন বিভাগৰ পশ্চিম সংমণ্ডলৰ উদ্যোগত ডিফু মাটিপুং পথৰ আৰবৰেটাম আৰু ক্ৰাফ্ট চেণ্টাৰৰ পথৰ কাষত এক বৃক্ষ ৰোপণ কাৰ্যসূচী অনুষ্ঠিত কৰা হয় ৷ কাৰবি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে মুখ্য ৰোপক হিচাপে আনুষ্ঠানিকভাৱে এজোপা বৃক্ষ ৰোপণ কৰি কাৰ্যসূচীৰ শুভাৰম্ভ কৰে ৷

with-focus-on-air-pollution-world-environment-day-celebrated-at-diphu
১০ লাখ গছপুলি ৰোপণেৰে ডিফুত বিশ্ব পৰিৱেশ দিৱস উদযাপন

ডিফু, ৫ জুন: বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি পাহাৰীয়া জিলাৰ সদৰ চহৰ ডিফুতো শুকুৰবাৰে বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয় ৷ চহৰ খনৰ চৰকাৰী,বেচৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগতে স্কুল,কলেজ,আৱাস গৃহ আদিতো গছপুলি ৰোপণ কৰি বিশ্ব পৰিৱেশ দিৱস পালন কৰে ৷ এই উদ্দেশ্য পুৱা কাৰ্বি আংলং বন বিভাগৰ পশ্চিম সংমণ্ডলৰ উদ্যোগত ডিফু মাটিপুং পথৰ আৰবৰেটাম আৰু ক্ৰাফ্ট চেণ্টাৰৰ পথৰ কাষত এক বৃক্ষ ৰোপণ কাৰ্যসূচী অনুষ্ঠিত কৰা হয় ৷ কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে মুখ্য ৰোপক হিচাপে আনুষ্ঠানিক ভাৱে এজোপা বৃক্ষ ৰোপণ কৰি কাৰ্যসূচীৰ শুভাৰম্ভ কৰে ৷

মুখ্য কাৰ্যবাহী সদস্যৰ লগতে সাংসদ হৰেণছিং বে',কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ ফৰেষ্ট ব'ৰ্ড চেয়াৰেমেন তথা এমএচি কিচাৰ্ড টকবী,প্ৰাক্তন বিধায়ক বিদ্যাছিং ইংলেং,বোকাজানৰ বিধায়ক ডা: নোমল ম'মিনৰ লগতে কেইবাগৰাকী ইএম আৰু এমএচি,বনবিভাগৰ মুখ্য বন সংৰক্ষক অভিজিত ৰাভাইয়ো এজোপাকৈ বৃক্ষ ৰোপণ কৰে ৷

আনহাতে, সাংবাদিকৰে সৈতে হোৱা বাৰ্তালাপত মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে বিশ্ব পৰিৱেশ দিৱসৰ পৱিত্ৰ ক্ষণত কাৰবি আংলং জিলাক সেউজ কাৰ্বি আংলং হিচাপে গঢ়ি তোলাৰ বাবে সংকল্প লোৱাৰ আহ্বান জনায় ৷ লগতে পৰিষদৰ এইবাৰৰ একছন প্লেনত ১০ লাখ বৃক্ষৰ পুলি বিতৰণ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি জনায় ৷ এই পুলি প্ৰতিখন গাঁৱৰ চুবুৰীয়ে চুবুৰীয়ে বিতৰণ কৰাৰ ব্যৱস্থা কৰা হ'ব বুলি জনায় ৷কাৰবি আংলঙৰ পৰিৱেশ সতেজ কৰি ৰাখিবলৈ বৃক্ষৰ সংৰক্ষণ আৰু সংবৰ্ধনৰ বহু প্ৰয়োজন বুলি মন্তব্য কৰে ৷

আনহাতে ডিফুৰ চন্দ্ৰছিম টেৰণ উচ্চ মাধ্যমিক বিদ্যালয়ৰ ইক' ক্লাৱৰ উদ্যোগতো বিদ়্যালয় চৌহদতো অনুষ্ঠিত হয় বৃক্ষ ৰোপণ কাৰ্যসূচী ৷ এই উদ্যেশ্যে বিদ্যালয় খনৰ পৰিচালনা সমিতিৰ সভাপতি মজাহাৰুল ইছলামে বৃক্ষপুলি ৰোপণ কৰি কাৰ্যসূচী শুভাৰম্ভ কৰাৰ পিছতে বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰী অৰুণিমা পাঠকেকে ধৰি আন আন বিষয় শিক্ষক- শিক্ষয়িত্ৰী সকলেও গছপুলি ৰোপণ কৰি বিশ্ব পৰিৱেশ দিৱস পালন কৰে ৷ বৃক্ষ ৰোপণ কাৰ্যসূচী থলীত বিদ্যালয় খনৰ পৰিচালনা সমিতিৰ সভাপতি মজাহাৰুল ইছলামে কয় যে, বৃক্ষ ৰোপণ কাৰ্যসূচী এক মহৎ কাম ৷ বৃক্ষ ৰোপণ কাৰ্যই পৰিৱেশ আৰু পৰিপাৰ্শ্বিকতা সুস্থ কৰি ৰখাৰ লগতে এই বৃক্ষ ৰোপণে ভৱিষ্যত প্ৰজন্মক অধিক সুৰক্ষিত কৰি ৰাখিব বুলি মন্তব্য কৰে ৷ লগতে পঢ়ক : সেউজ প্ৰকল্প গঢ়াৰ উদ্দেশ্য জোনাইৰ প্ৰান্তে-প্ৰান্তে গছপুলি ৰোপণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.