ETV Bharat / state

ডিফুত জিলা সত্ৰ ন্যায়াধীশৰ কাৰ্যালয়ত ৩০০ গছপুলি ৰোপণ

author img

By

Published : Jun 5, 2020, 10:14 PM IST

শুকুৰবাৰে ডিফুৰ জিলা ও সত্ৰ ন্যায়াধীশৰ কাৰ্যালয়ৰ চৌহদত ন্যায়িক ষ্টাফ সকলে ৩০০ জোপা গছপুলি ৰোপণ কৰি পৰিৱেশ দিৱস উদযাপন কৰে ৷ সামাজিক দুৰত্ব বজাই ৰাখি জিলা আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত এই কাৰ্যসূচী ৰূপায়ণ কৰা হয় ।

with-focus-on-air-pollution-world-environment-day-celebrated-at-diphu court- Etv bharat news

ডিফু, ৫ জুন: বিশ্ব পৰিৱেশ দিৱসৰ সংগতি ৰাখি সমগ্ৰ বিশ্বৰ লগতে শুকুৰবাৰে ডিফুৰ জিলা ও সত্ৰ ন্যায়াধীশৰ কাৰ্যালয়ৰ চৌহদত ন্যায়িক ষ্টাফ সকলে ৩০০ জোপা গছপুলি ৰোপণ কৰি পৰিৱেশ দিৱস উদযাপন কৰে ৷ সামাজিক দুৰত্ব বজাই ৰাখি জিলা আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত অনুষ্ঠিত কাৰ্যসূচী খনত জিলা ও সত্ৰ ন্যায়াধীশ আব্দুল হাকিম,অতিৰিক্ত সত্ৰ ন্যায়াধীশ কল্যাণ জ্যোতি শইকীয়া আৰু সহকাৰী সত্ৰ ন্যায়াধীশ মিছবাহুল আনচাৰীয়ে এজোপাকৈ গছ পুলি ৰোপণ কৰি কাৰ্যসূচীৰ শুভাৰম্ভ কৰে ।

ডিফুত জিলা সত্ৰ ন্যায়াধীশৰ কাৰ্যালয়ত ৩০০ জোপা গছপুলি ৰোপনৰে পৰিবেশ দিৱস উদযাপন

পৰৱৰ্তী সময়ত মুখ্য ন্যায়িক দণ্ডাধীশ এম ভাদানী,অতিৰিক্ত মুখ্য ন্যায়িক দণ্ডাধীশ ডিম্বেশ্বৰ টাই ডিএলএছ এৰ সচিব নাগিব আহমেদকে ধৰি বহু কেইজন অধিবক্তাৰ লগতে ন্যায়িক ষ্টাফ সকলে গছপুলি ৰোপণ কৰে ৷

জিলা ও সত্ৰ ন্যায়াধীশ আব্দুল হাকিমে কয় যে, বিভিন্ন কাৰণত আমাৰ পৰিৱেশৰ হোৱা ক্ষতি সমূহ বৃক্ষ ৰোপণৰ জৰিয়তেহে পূৰণ কৰিব লাগিব ৷ বৃক্ষ ৰোপণে ভৱিষ্যত প্ৰজন্মক অধিক দায়িত্বশীল কৰাৰ লগতে সুৰক্ষিত কৰিব বুলি মন্তব্য প্ৰদান কৰে ৷

with-focus-on-air-pollution-world-environment-day-celebrated-at-diphu court- Etv bharat news
ডিফুত জিলা সত্ৰ ন্যায়াধীশৰ কাৰ্যালয়ত ৩০০ গছপুলি ৰোপণ

আনহাতে, ডিএলএছএৰ সচিব নাগিব আহমেদে ১৯৭২ চনৰ পৰা আৰম্ভ হোৱা বিশ্ব পৰিৱেশ দিৱসৰ ইতিহাসৰ ওপৰত আলোকপাত কৰে ৷ সচিব গৰাকীয়ে গছপুলি ৰুই ডাঙৰ নোহোৱালৈকে ধৈৰ্য সহকাৰে তাৰ দায়িত্ব পালন কৰিবলৈ সকলোকে আহ্বান জনায় ৷ ইয়াৰোপৰি ডিএলএছএৰ উদ্যোগত এই দিৱসৰ লগত সংগতি ৰাখি অনলাইন চিত্ৰাংকণ প্ৰতিযোগিতা এখনি অনুষ্ঠিত কৰে আৰু এই প্ৰতিযোগিতাৰ বাবে প্ৰতিযোগীৰ পৰা বহু সঁহাৰি পোৱা বুলি জনায় সচিব নাগিব আহমেদে ৷

লগতে পঢ়ক : পৰিৱেশ দিৱসত ঔষধি গছ ৰোপণ নগাওঁ জিলা উপায়ুক্তৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.