ETV Bharat / state

বকলীয়াঘাটত অচিনাক্ত মৃতদেহ উদ্ধাৰ

author img

By

Published : Jul 19, 2020, 7:48 PM IST

দেওঁবাৰে ডিফুৰ বকলীয়াঘাটত এজন অচিনাক্ত লোকৰ মৃতদেহ উদ্ধাৰ হয় ৷ ৰাইজৰ সন্দেহ অনুসৰি, নদীত গা ধুবলৈ অহাৰ সময়ত ভৰি পিছলি এই শোকাবহ ঘটনা সংঘটিত হোৱাৰ আশংকা কৰা হৈছে । বকলীয়াঘাট আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে ।

unknown deadbody recover in jamuna river bokoliaghat
বকলীয়াঘাটত অচিনাক্ত মৃতদেহ উদ্ধাৰ

ডিফু, 19 জুলাই : ৰাজ্যত ক'ভিড-19 আৰু বানপানীৰ সন্ত্ৰাস চলি থকাৰ সময়তে দেওঁবাৰে ডিফুৰ বকলীয়াঘাটত এজন অচিনাক্ত লোকৰ মৃতদেহ উদ্ধাৰ হয় ৷ বিয়লি প্ৰায় ৪.৩০ বজাত স্থানীয় লোকে যমুনা নৈৰ বুকুৰে উটি অহা লোকজনক প্ৰত্যক্ষ কৰে ।

বকলীয়াঘাটত অচিনাক্ত মৃতদেহ উদ্ধাৰ

পৰৱৰ্তী সময়ত স্থানীয় লোকৰ তৎপৰতাত লোকজনক অতি সংকটজনক অৱস্থাত উদ্ধাৰ কৰি এম্বুলেঞ্চক খবৰ দিয়ে যদিও এম্বুলেঞ্চ আহি পোৱাৰ পূৰ্বেই লোকজনৰ মৃত্যু হয় বুলি জানিব পৰা গৈছে ।

বকলীয়াঘাটত অচিনাক্ত মৃতদেহ উদ্ধাৰ

ৰাইজৰ সন্দেহ অনুসৰি, নদীত গা ধুবলৈ অহাৰ সময়ত ভৰি পিছলি এই শোকাবহ ঘটনা সংঘটিত হোৱাৰ আশংকা কৰা হৈছে । উল্লেখযোগ্য যে, মৃতদেহটো বৰ্তমানলৈ চিনাক্ত কৰিব পৰা হোৱা নাই যদিও বকলীয়াঘাট আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে ।

লগতে পঢ়ক : তিনিচুকীয়াৰ জিলা উপায়ুক্তৰ কাৰ্যালয় আৰু আৱাসৰ চৌহদক কণ্টেইনমেণ্ট জ'ন ঘোষণা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.