ETV Bharat / state

ষ্টেনফ’ৰ্ড বিশ্ববিদ্যালয়ৰ বিজ্ঞানীৰ তালিকাত বকলীয়াঘাটৰ উজ্জ্বল কুমাৰ সাহা

author img

By

Published : Nov 8, 2020, 9:25 PM IST

বিশ্বৰ শীর্ষস্থানৰ 2 শতাংশ বিজ্ঞানীৰ তালিকাত স্থান লাভ কার্বি আংলং জিলাৰ বকলীয়াঘাটৰ সু-সন্তান উজ্জ্বল কুমাৰ সাহাৰ ৷ সম্প্রতি আইআইটি গুৱাহাটীৰ মেকানিকেল ইঞ্জিনিয়াৰিং বিভাগৰ অধ্যাপক হিচাপে কর্মৰত সাহা ৷

Ujjwal kumar saha
উজ্জ্বল কুমাৰ সাহা

ডিফু,8 নৱেম্বৰ : আমেৰিকাৰ ষ্টেনফ’ৰ্ড বিশ্ববিদ্যালয়ৰ দ্বাৰা নির্বাচিত বিশ্বৰ শীর্ষস্থানৰ 2 শতাংশ বিজ্ঞানীৰ তালিকাত স্থান লাভ কৰিছে কার্বি আংলং জিলাৰ বকলীয়াঘাটৰ সু-সন্তান উজ্জ্বল কুমাৰ সাহাই । সম্প্রতি আইআইটি গুৱাহাটীত কর্মৰত জ্যেষ্ঠ অধ্যাপক গৰাকীৰ এনে সাফল্যই সমগ্র কার্বি আংলং জিলাৰ বিদ্বৎ সমাজক বাৰুকৈয়ে উৎফুল্লিত কৰি তুলিছে ।

গৱেষণাৰ জীৱনজোৰা সাধনাৰে বিশ্বৰ শীর্ষ 2 শতাংশ বিজ্ঞানীৰ তালিকাত স্থান লাভ কৰি বিৰল সন্মান অর্জন কৰিবলৈ সক্ষম হোৱা বিজ্ঞানী উজ্জ্বল কুমাৰ সাহাক গৃহ চহৰ বকলীয়াঘাটত ৰাজহুৱাভাৱে সম্বৰ্ধনা জনোৱাৰ বাবে ইতিমধ্যে প্ৰস্তুতি আৰম্ভ কৰিছে স্থানীয় ৰাইজে ৷

উল্লেখ্য যে, বকলীয়াঘাটৰ বালিজান গাঁও নিবাসী ক্ষুদ্র ব্যৱসায়ী ৰবীন্দ্র নাথ সাহা আৰু অৰুণা বাণী সাহাৰ একমাত্র পুত্র উজ্জ্বল কুমাৰ সাহাই বকলীয়াঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ত হাইস্কুলীয়া শিক্ষা সমাপ্ত কৰাৰ পাচত 1996 চনত আইআইটি বোম্বেৰ পৰা এৰ’স্পেছ ইঞ্জিনিয়াৰিঙত পিএইচডি ডিগ্রী লাভ কৰে । সুদীর্ঘ 24 বছৰ কাল শিক্ষকতা, গৱেষণা আৰু প্রশাসনীয় অভিজ্ঞতাৰে সম্প্রতি সাহা আইআইটি গুৱাহাটীৰ মেকানিকেল ইঞ্জিনিয়াৰিং বিভাগৰ অধ্যাপক হিচাপে কর্মৰত ৷

প্রচুৰ মেধাসম্পন্ন এইগৰাকী বিজ্ঞানীয়ে বিগত সময়ছোৱাত এৰ’স্পেছ প্রপালছন, এপ্লাইড এ আৰ ডাইনেমিকছ, টাৰব মেচিনেৰী, ৱাইণ্ড এনার্জী, অল্টাৰনেটিভ ফুৱেলছ আৰু কম্বাশ্বন ইঞ্জিন বিষয়ৰ গৱেষণাৰ কামতো জড়িত হৈছে । বিজ্ঞানীগৰাকীৰ তত্বাৱধানত ইতিমধ্যে দহগৰাকী ছাত্রই পিএইচডি সম্পূর্ণ কৰাৰ বিপৰীতে আন আঠগৰাকী শিক্ষার্থীয়ে গৱেষণা কৰি আছে ।

ৰাষ্ট্রীয় আৰু আন্তঃৰাষ্ট্রীয় ক্ষেত্রত দীর্ঘদিন ধৰি বিশেষ খ্যাতি অর্জন কৰা উজ্জ্বল কুমাৰ সাহাৰ 80 খনকৈ গৱেষণা পত্র ইতিমধ্যে ৰাষ্ট্রীয় আৰু আন্তঃৰাষ্ট্রীয় পর্যায়ৰ জার্ণেলত প্রকাশ পাইছে । ইয়াৰোপৰি ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্রীয় পর্যায়ৰ সন্মিলনত এতিয়ালৈকে বিজ্ঞানীগৰাকীৰ 85 খন গৱেষণাপত্র পাঠ কৰা হৈছে ।

লক্ষণীয় যে, প্রচুৰ মেধা আৰু প্রজ্ঞাৰে খ্যাতি অর্জন কৰি সফল হোৱাৰ পাচতো তেনেই সাধাৰণ জীৱন যাপন কৰা বিজ্ঞানী উজ্জ্বল কুমাৰ সাহাই ওপজা ঠাই বকলীয়াঘাটৰ সৈতেও অব্যাহত ৰাখিছে সু-সম্পর্ক। বকলীয়াঘাটৰ দৰে এখন তুলনামূলকভাৱে সৰু ঠাইৰ পৰা গৈ আন্তঃৰাষ্ট্ৰীয় পর্যায়ত নিজৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হোৱা উজ্জ্বল কুমাৰ সাহাৰ এনে সাফল্যক লৈ স্বাভাৱিকতে আজি বকলীয়াঘাটবাসী গর্বিত। বিজ্ঞানীগৰাকীৰ এনে সফলতাৰ বাতৰি লাভ কৰাৰ পাচতে এলেকাটোৰ বিশিষ্ট ব্যক্তি আৰু বিভিন্ন দল-সংগঠনে গভীৰ সন্তুষ্টি আৰু আনন্দ প্রকাশ কৰিছে ।

লগতে পঢ়ক : সমাগত দিপাৱলী : মাটিৰ চাকি ক্ৰয় কৰাত ব্যস্ত মহানগৰবাসী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.