ডিফু,৬ ফেব্ৰুৱাৰী: শনিবাৰে নিশা 36 নং ৰাষ্ট্রীয় ঘাইপথৰ ওপৰত সংঘটিত হােৱা দুটাকৈ ভয়ংকৰ পথ দুর্ঘটনাত এজন লােক নিহত হােৱাৰ বিপৰীতে আহত হৈছে আন কেইবাজনাে লােক ৷ মাঞ্জা থানাৰ অন্তর্গত লংনিটত এখন তীব্র বেগী এল্ট’ বাহনে পথৰ দাঁতিত ৰখাই থােৱা এখন অট’ৰিক্সাত প্রচণ্ড জোৰেৰে খুন্দা মৰাৰ ফলত এজন লােক নিহত হয় । ঘটনাৰ বিৱৰণী অনুসৰি, ডিফুৰ ৰে’লৱে কলনী নিবাসী তথা ফল-মূলৰ ব্যৱসায়ী উত্তম মজুমদাৰে দুই পুত্র ক্ৰমে বিশ্বজিৎ আৰু অৰজিতৰ সৈতে নিজৰ এএছ ০৯ ১৫০৮ নম্বৰৰ অট’ৰিক্সাৰে আগন্তুক সৰস্বতী পূজাৰ বাবে লংনিটৰ পৰা ফলমূল সংগ্রহৰ বাবে গৈছিল ।
সেই সময়তে বকলীয়াঘাটৰ পৰা তীব্র বেগে আহি থকা এমএন ০৩ এ ২০২৫ নম্বৰৰ তীব্র বেগী এল্ট’খনে পথৰ দাঁতিত ৰখাই থােৱা অট’খনত প্রচণ্ড জোৰেৰে খুন্দা মৰাৰ ফলত তিনিওজন আৰোহী গুৰুতৰভাৱে আহত হয় । স্থানীয় লােকসকলে তৎপৰতাৰে তিনিওকে উদ্ধাৰ কৰি মাঞ্জা চিকিৎসালয়ত ভর্তি কৰোৱায় যদিও আঘাত অতি গুৰুতৰ হােৱাত তিনিওকে উন্নত চিকিৎসাৰ বাবে ডিফু চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্রেৰণ কৰে চিকিৎসকে । পৰৱৰ্তী সময়ত চিকিৎসালয়তে বিশ্বজিৎ মজুমদাৰ (১৭)ৰ মৃত্যু হয় ৷ দুর্ঘটনাটোত গুৰুতৰভাৱে আহত উত্তম মজুমদাৰৰ আন গৰাকী পুত্র অৰজিৎ মজুমদাৰৰ অৱস্থা এতিয়াও সংকটজনক ৷ দুর্ঘটনাটো সংঘটিত কৰা এল্ট’খনৰ চালকগৰাকীক কৰায়ত্ত কৰিছে আৰক্ষীয়ে ৷ এই সন্দর্ভত মাঞ্জা থানাত পঞ্জীয়ন কৰা হৈছে এক গােচৰ ৷
আনহাতে, পুৱাৰ ভাগত নগাঁৱৰ ৰূপহী তিনিআলিৰ জাতীয় বিদ্যা নিকেতনৰ পৰা কার্বি আংলং জিলাৰ শিলনীজানলৈ শিক্ষামূলক ভ্রমণৰ বাবে আহি থকা অৱস্থাত বকলীয়াঘাট থানাৰ অন্তৰ্গত তিচম গাঁৱত এখন যাত্রীবাহী বাছে বিপৰীত দিশৰ পৰা আহি থকা এখন নিচান ৰেডিগ' বাহনত সন্মুখৰ পৰা প্রচণ্ড জোৰেৰে খুন্দা মৰাৰ ফলত দুর্ঘটনা সংঘটিত হয় । দুর্ঘটনাটোৰ ফলত বাহনখনত থকা কেইবাজনাে লােক কম-বেছি পৰিমাণে আহত হয় ৷
লগতে পঢ়কঃ 3 হাজাৰ টকাৰ বিপৰীতে চাহ শ্ৰমিকৰ দৈনিক মজুৰি 351 টকালৈ বৃদ্ধিৰ দাবী আটছাৰ