ETV Bharat / state

ডিফুত কুঁৱা চাফা কৰিবলৈ গৈ আৱদ্ধ হৈ পৰিল দুই মিস্ত্ৰী

author img

By

Published : Nov 6, 2021, 5:30 PM IST

Updated : Nov 9, 2021, 5:18 PM IST

ডিফুত সংঘটিত হ'ল এক শিহৰণকাৰী দুৰ্ঘটনা ৷ পানীখোৱা নাদৰ ভিতৰত আৱদ্ধ হৈ পৰিল দুই কুঁৱা মিস্ত্ৰী ৷

Two labourers trapped while cleaning ringwell in Diphu
ডিফুত কুঁৱা চাফা কৰিবলৈ গৈ আৱদ্ধ হৈ পৰিল দুই মিস্ত্ৰী

ডিফু, 6 নৱেম্বৰ : শনিবাৰে পুৱাৰ ভাগতে ডিফুত সংঘটিত হ'ল এক শিহৰণকাৰী দুৰ্ঘটনা ৷ পানীখোৱা নাদৰ ভিতৰত আৱদ্ধ হৈ পৰিল দুই কুঁৱা মিস্ত্ৰী ৷ প্ৰাপ্ত খবৰ অনুসৰি, শনিবাৰে পুৱা ডিফু-লামডিং পথৰ ৰংপিৰবি বজাৰৰ নিবাসী বিৰেণচন বে'ৰ বাসগৃহত চাৰিজন লোকে কুঁৱাৰ পৰিষ্কাৰৰ কাম কৰি আছিল ৷

কুঁৱাটোৰ ভিতৰভাগ পৰিষ্কাৰ কৰিবলৈ প্ৰথমতে ৰামচিং ৰাজপুত নামৰ লোকজন কুঁৱাটোত নামি যায় আৰু তেওঁ কুঁৱাটোৰ ভিতৰত আৱদ্ধ হৈ পৰে ৷ কিছু সময়ৰ পাচত ৰামচিং ৰাজপুতৰ পৰা কোনো সঁহাৰি লাভ নকৰাত প্ৰায় ৫৫ বছৰীয়া বিজয় কুমাৰ তললৈ নামি যায় আৰু প্ৰথমজনৰ দৰে আৱদ্ধ হৈ পৰে ৷

লগতে পঢ়ক: দীপাৱলীৰ পাছত প্ৰদূষিত গুৱাহাটী মহানগৰীৰ বায়ুমণ্ডল

ইয়াৰ লগে লগে আন দুজনে আৱদ্ধ হৈ পৰা লোক দুজনৰ কোনো সহাঁৰি লাভ নকৰাত স্থানীয় লোকক খবৰ দিয়ে ৷ স্থানীয় লোকে ঘটনাস্থলীত উপস্থিত হৈ অৱগত কৰে আৰক্ষীক ৷ খবৰ লাভ কৰাৰ পাচতে ডিফু অগ্নি নিৰ্বাপক বাহিনীৰ ভাৰপ্ৰাপ্ত বিষয়া বিদ্যাচিং বে' আৰু ডিফু থানাৰ উপ-পৰিদৰ্শক ছামছুদ্দিন আহমেদৰ নেতৃত্বত এটা অভিযানকাৰী দল ঘটনাস্থলীত উপস্থিত হয় ৷

অভিযানকাৰী দলটোৱে স্থানীয় লোকৰ সহযোগত উদ্ধাৰ অভিযান আৰম্ভ কৰে ৷ প্ৰথমে অভিযানকাৰী দলটোৱে কুঁৱাটোৰ ভিতৰত প্লাষ্টিকৰ পাইপেৰে অক্সিজেনৰ যোগান ধৰাৰ ব্যৱস্থা কৰে ৷ ইয়াৰ পাচত অগ্নিনিৰ্বাপক বাহিনীয়ে দুঘন্টা জোৰা অভিযানৰ অন্তত আৱদ্ধ হৈ থকা লোক দুজনক কুঁৱাটোৰ পৰা উদ্ধাৰ কৰে ৷ পৰৱৰ্তী সময়ত ১০৮ সেৱাৰ জৰিয়তে উন্নত চিকিৎসাৰ বাবে লোক দুজনক ডিফু চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হয় ৷

লগতে পঢ়ক: বৰপেটা আৰক্ষীৰ অভিযানত উদ্ধাৰ চোৰাংভাৱে সৰবৰাহ কৰা ২০ টাকৈ গৰু

Last Updated : Nov 9, 2021, 5:18 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.