ডিফু, 28 ছেপ্টেম্বৰ : প্ৰায় দুমাহ পূৰ্বে সমগ্ৰ ৰাজ্যজুৰি ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰা চুপাৰি ছিণ্ডিকেটৰ সৈতে নাম সাঙুৰ খাই পৰা বোকাজানৰ দুই সাংবাদিকক অৱশেষত জিলাখনৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ৷ উল্লেখ্য যে, পূৰ্বে সামাজিক মাধ্যমযোগে বিয়পি পৰা আটাছুৰ তেতিয়াৰ সভাপতি মিলন বুঢ়াগোঁহাই আৰু বিজেপি নেতা লাচিত গগৈৰ মাজত হোৱা বাৰ্তালাপত বাৰ্মিজ চুপাৰিৰ অবৈধ সৰবৰাহৰ বাবে গঢ় লৈ উঠা ছিণ্ডিকেটৰ বিস্ফোৰক তথ্য পোহৰলৈ অহাৰ লগতে এইক্ষেত্ৰত কাৰ্বি আংলঙৰ আৰক্ষী অধীক্ষকৰ নামো অডিঅʼ ক্লিপিঙত উল্লেখ হৈছিল ৷
ঘটনা সন্দৰ্ভত লগে লগে কাৰ্বি আংলং আৰক্ষীয়ে এক গোচৰ পঞ্জীয়ন কৰি বিজেপি নেতা লাচিত গগৈক গ্ৰেপ্তাৰ কৰে ৷ এই ছিণ্ডিকেট চক্ৰত কাৰ্বি আংলং জিলাৰ, বোকাজানৰ দুই সাংবাদিক ক্ৰমে কল্যাণ বৰবৰুৱা আৰু সীমান্ত লাহনৰ নামো সাঙুৰ খাই পৰিছিল ৷ তেতিয়াৰ পৰায়ে আত্মগোপন কৰা বোকাজানৰ এই দুয়োগৰাকী যুৱ সাংবাদিক যোৱা দুমাহ ধৰি পলাতক অৱস্থাত থকাৰ পিছত বুধবাৰে নিশা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷
দুয়োজন সাংবাদিক অবৈধ বাৰ্মিজ চুপাৰিৰ সৰবৰাহৰ নামত দালালিত জড়িত হৈ পৰাৰ অভিযোগ উত্থাপন হৈছে ৷ দুয়োগৰাকী সাংবাদিকক ইতিমধ্যে জে’ললৈ প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে ৷
উল্লেখ্য যে, প্ৰায় দুমাহ পূৰ্বে সামাজিক মাধ্যমত তথা বিভিন্ন সংবাদ মাধ্যমত বিয়পি পৰা কথোপকথনৰ এটা অডিঅ’ই ৰাজ্যত ধুমুহাৰ সৃষ্টি কৰিছিল ৷ দুজন ব্যক্তিৰ মাজত হোৱা কথোপকথনৰ এই অডিঅ’ই ৰাজ্যজুৰি চাঞ্চল্যৰ সৃষ্টি কৰাৰ লগতে আৰক্ষীৰ শীৰ্ষ মহলতো ধুমুহাৰ সৃষ্টি কৰিছিল ৷ এই অডিঅ’টোত দুজন ব্যক্তিৰ কথোপথনত ৰাজ্যৰ কিছু জ্যেষ্ঠ ৰাজনৈতিক নেতা, কাৰ্বি আংলং জিলাৰ আৰক্ষী অধীক্ষক আৰু গোলাঘাটৰ আৰক্ষী অধীক্ষকৰ নাম উল্লেখ কৰা হৈছিল ৷ অভিযোগ অনুসৰি এই অডিঅ’ বাৰ্তালাপ আটাছুৰ তেতিয়াৰ সভাপতি মিলন বুঢ়াগোঁহাই আৰু বিজেপি নেতা লাচিত গগৈৰ আছিল ৷
লগতে পঢ়ক : Holiday coupon scam: বশিষ্ঠ আৰক্ষীৰ জালত ‘হলিডে’ কুপনৰ নামত প্ৰৱঞ্চনা কৰা বহিঃৰাজ্যৰ ১৯টা প্ৰৱঞ্চক