ETV Bharat / state

ডিফুত পথ দুৰ্ঘটনাত আহত দুজন

ডিফু লামডিঙ পথৰ উপায়ুক্ত কাৰ্যালয়ৰ কাষত পথ দুৰ্ঘটনা ৷ গুৰুতৰভাৱে আহত দুজনকৈ স্কুটী আৰোহী ৷ আঘাতপ্ৰাপ্ত স্কুটি আৰোহীজন ডিফু ৰে'ল কলনিৰ অনু মালাকাৰ ৷

author img

By

Published : Jun 15, 2021, 10:20 PM IST

ডিফুত পথ দুৰ্ঘটনাত আহত দুজন
ডিফুত পথ দুৰ্ঘটনাত আহত দুজন

ডিফু, ১৫ জুন: মঙলবাৰে দিনৰ ভাগত ডিফুত হোৱা এটা পথ দুৰ্ঘটনাত দুজন স্কুটী আৰোহী আহত হয় ৷ ইয়াৰে এজন গুৰুতৰভাৱে আহত হৈ সংকটজনক অৱস্থাত চিকিৎসাধীন হ’বলগীয়া হৈছে ৷ প্ৰাপ্ত খবৰ অনুসৰি, মঙলবাৰে বিয়লি ১ বাজি ১৫ মিনিটত ডিফু লামডিঙ পথৰ উপায়ুক্ত কাৰ্যালয়ৰ কাষত দুৰ্ঘটনাটো সংঘটিত হয় ৷

জানিব পৰা মতে, ডিফু মেডিকেল কলেজৰ দিশৰ পৰা তীব্ৰ বেগে আহি থকা অৱস্থাত নম্বৰ প্লেটবিহীন এখন স্কুটিয়ে ৰৈ থকা এখন ৰঙা ৰঙৰ এছ- ০৯-এফ-১৯৪৬ নম্বৰৰ মাৰুতি ইপছ গাড়ীত পিছফালৰ পৰা খুন্দিওয়াৰ ফলতে দুৰ্ঘটনাটো সংঘটিত হয় ৷

দুৰ্ঘটনাটোৰ ফলত মাৰুতি গাড়ীখনৰ আংশিক ক্ষতিসাধন হোৱাৰ লগতে স্কুটি আৰোহীজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ সংকটজনক অৱস্থাত ডিফু চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি হ’বলগীয়া হয় ৷ আঘাতপ্ৰাপ্ত স্কুটি আৰোহীজন ডিফু ৰে'ল কলনিৰ অনু মালাকাৰ বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়কঃ কাণত ধৰি পুনৰ অসমলৈ নহাৰ পণ কিয় ল’লে এজন ট্ৰাক চালকে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.