ETV Bharat / state

আৰক্ষীৰ অভিযানত কাৰ্বি আংলঙত বৃহৎ পৰিমানৰ হেৰইন জব্দ - আৰক্ষী অধীক্ষক

কাৰ্বি আংলং আৰক্ষীৰ বৃহৎ সফলতা ৷ আৰক্ষীয়ে অভিযান চলাই দুটা স্থানৰ পৰা উদ্ধাৰ কৰে নিষিদ্ধ হেৰইন ৷ উল্লেখ্য যে, ড্ৰাগছ বিৰোধী অভিযানত কাৰ্বি আংলং আৰক্ষীয়ে ধাৰাবাহিক সফলতা লাভ কৰিবলৈ সক্ষম হৈছে ৷

Two Drug dealer arrested in karbi anglang
আৰক্ষীৰ অভিযানত কাৰ্বি আংলঙত বৃহৎ পৰিমানৰ হেৰইন জব্দ
author img

By

Published : Aug 31, 2020, 9:43 PM IST

ডিফু, 31 আগষ্ট : ক'ভিড-19 ৰ ত্ৰাসৰ মাজতে মঙলবাৰে কাৰ্বি আংলং আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই দুটাকৈ বৃহৎ সফলতা লাভ কৰিবলৈ সক্ষম হৈছে ৷ পুৱাৰ ভাগত লাহৰিজান এলেকাত এখন ডি আই ট্ৰাকৰ স্পেয়াৰ চকাৰ পৰা আৰক্ষীয়ে প্ৰায় 30 লক্ষাধিক টকাৰ নিষিদ্ধ হেৰইন সহ দুটা সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হৈছে ৷

Two Drug dealer arrested in karbi anglang
আৰক্ষীৰ অভিযানত কাৰ্বি আংলঙত বৃহৎ পৰিমানৰ হেৰইন জব্দ

আনহাতে, বোকাজান মহকুমা আৰক্ষী বিষয়া জন দাসৰ নেতৃত্বত খটখটী থানা এলেকাৰ নথাং বস্তিত আৰক্ষীৰ দলে অভিযান চলাই NL 07 R 6728 পঞ্জীয়ন নম্বৰৰ স্কুটিৰ পৰা 364 গ্ৰাম নিষিদ্ধ হেৰইন ভৰ্তি 30 টা চাবোনৰ বাকছ উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ জব্দ কৰা হেৰইন খিনিৰ সৈতে আৰক্ষীয়ে কাৰ্বি আংলং জিলাৰ খটখটী থানা এলেকাৰ নথাং বস্তিৰ ভৈৰৱ প্ৰধানৰ পুত্ৰ সঞ্জীৱ প্ৰধান আৰু দ্বিতীয়জন মণিপুৰৰ সেনাপতি জিলাৰ মাও থানা এলেকাৰ লাইৰচিং গাঁৱৰ মৃত কুবাৰ পুত্ৰ তিৱা আগষ্টিন নামৰ দুটা সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ৷

আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা অনুসৰি, নিৰপেক্ষ সাক্ষীৰ সন্মূখত ড্ৰাগছ থকা চাবোনৰ বাকছ সমূহ খুলি ড্ৰাগছ ডিটেকছন টেষ্ট কিটত প্ৰাথমিক পৰীক্ষা কৰি ড্ৰাগছখিনি হেৰইন বুলি নিশ্চিত কৰা হৈছে ৷ ধৃত সৰবৰাহী দুটাই স্বীকাৰ কৰা অনুসৰি, ড্ৰাগছ খিনি সোমবাৰে মণিপুৰৰ পৰা এখন এল পি জি ট্ৰাকত অনা হৈছিল ৷

উল্লেখযোগ্য যে, পাহাৰীয়া জিলাখনৰ নাগালেণ্ড সীমান্তৱৰ্তী এলেকাত যুৱ প্ৰজন্মৰ মাজত ড্ৰাগছৰ বৰ্দ্ধিত হাৰৰ আসক্তিৰ ক্ষেত্ৰত মণিপুৰৰ ড্ৰাগছ মাফিয়াৰ অপৰাধী চক্ৰই নিয়ন্ত্ৰণ কৰি আহিছে বুলি আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰিছে ৷

উল্লেখ্য যে, জিলা আৰক্ষী অধীক্ষক দেৱজিৎ দেউৰীয়ে শেহতীয়াকৈ ড্ৰাগছৰ বিৰুদ্ধে গ্ৰহণ কৰা কঠোৰ স্থিতিয়ে কাৰ্বি আংলং-নাগালেণ্ড সীমান্ত এলেকাত ড্ৰাগছ বিৰোধী অভিযানত কাৰ্বি আংলং আৰক্ষীয়ে ধাৰাবাহিক সফলতা লাভ কৰিবলৈ সক্ষম হৈছে ৷

লগতে পঢ়ক : পৃথিৰাজ নাৰায়ণ মেচৰ বিৰুদ্ধে জাঙোৰ খাই উঠিল অবড়ো গণ সুৰক্ষা পাৰ্টি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.