নিউজ ডেস্ক, 22 ফেব্ৰুৱাৰী : পশ্চিম কাৰ্বি আংলং জিলাৰ বৈঠালাংছ’ৰ বৰপানী নৈত সংঘটিত হৈছে এক অঘটন । নৈত গা ধুবলৈ গৈ সন্ধানহীন হৈছে দুজনকৈ ছাত্ৰ । দেওবাৰে দুপৰীয়া অষ্টম শ্ৰেনীত অধ্যয়নৰত ছাত্ৰ বিদ্যা চেনাৰ আৰু দশম শ্ৰেণীৰ সঞ্জয় চেনাৰে নদীত গা ধুবলৈ আহিছিল বুলি জানিব পৰা গৈছে । তেওঁলোকৰ লগত অহা ৰবিন হাঞ্চে নামৰ বন্ধুজনক ডুব যোৱাৰ পৰা বচাবলৈ গৈ দুয়োজন ছাত্ৰ নৈত ডুব যোৱাৰ সন্দেহ প্ৰকাশ কৰা হৈছে ।
দেওবাৰে মাজনিশা আৰক্ষীয়ে ঘটনা সন্দৰ্ভত অৱগত হোৱাৰ পিছত সোমবাৰে পুৱাৰ পৰা এছডিআৰএফৰ সহযোগত উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে । বৰ্তমানলৈকে ছাত্ৰ দুজনৰ কোনো সন্ধান লাভ কৰিবলৈ সক্ষম নহ‘ল উদ্ধাৰকাৰী দলে ৷
লগতে পঢ়ক: মানৱ সেৱাৰ বাবে ৰাজপথত নামিল আৰক্ষী অধীক্ষকৰ পত্নী