ETV Bharat / state

ডাইনী সন্দেহকাণ্ডৰ দুই অভিযুক্তক গ্ৰেপ্তাৰ ডিফু আৰক্ষীৰ

author img

By ETV Bharat Assamese Team

Published : Nov 18, 2023, 9:01 AM IST

ডিফুৰ বৰছিং তিমুং গাঁৱত সংঘটিত ডাইনী সন্দেহকাণ্ডত জড়িত দুই অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ৷ ১৩ নৱেম্বৰৰ নিশা গাঁওখনত সংঘটিত হৈছিল ভয়ংকৰ ঘটনা ৷ ডাইনীৰ সন্দেহত নিৰ্মম অত্যাচাৰ কৰা হৈছিল এটা পৰিয়ালৰ ওপৰত ৷

diphu witch suspicion case
ডিফুৰ ডাইনী সন্দেহকাণ্ড

ডিফু, ১৭ নৱেম্বৰ : কাৰ্বি আংলঙৰ ডিফু চহৰৰ দাঁতিকাষৰীয়া কাকতি ৰংহাং অঞ্চলৰ বৰছিং তিমুং গাঁৱত সংঘটিত হৈছিল এক ডাইনী সন্দেহৰ ঘটনা ৷ এটা পৰিয়ালৰ ওপৰত অত্যাচাৰ চলোৱাৰ লগতে পৰিয়ালটোক গাঁও এৰি যাবলৈ বাধ্য কৰোৱা হৈছিল ।

গাঁওবাসীয়ে পৰিয়ালটোৰ মুৰব্বী সুৰেন তেৰাং আৰু তেওঁৰ পত্নীক কণমানি কন্যা শিশুৰ সন্মুখত মাছধৰা জালেৰে আৱদ্ধ কৰি অত্যাচাৰ কৰাৰ লগতে পৰিয়ালটোৱে ডাইনী বুলি স্বীকাৰ কৰিবলৈ বাধ্য কৰোৱাইছিল । এই খবৰ লাভ কৰি ডিফু আৰক্ষীয়ে তৎপৰতাৰে নিশাই পৰিয়ালটোক উদ্ধাৰ কৰি ডিফু থানালৈ লৈ আনিছিল ।

উক্ত ঘটনাৰ সন্দৰ্ভত ডিফু আৰক্ষীয়ে নিজাববীয়াকৈ এটা গোচৰ ৰুজু কৰি তদন্ত জোৰদাৰ গতিত আৰম্ভ কৰিছিল । যাৰ বাবে গাঁওখনৰ বহু লোকক আৰক্ষীয়ে জেৰা চলোৱাৰ অন্তত উক্ত ডাইনী সন্দেহকাণ্ডৰ মূল অভিযুক্ত আৰু ডাইনী সন্দেহকাণ্ডৰ মূল ষড়যন্ত্ৰকাৰী হিচাবে দুজন লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে । ডিফু আৰক্ষীয়ে ১১৪/২৪ গোচৰৰ ভিত্তিত লোক দুজনক গ্ৰেপ্তাৰ কৰে ।

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ব্যক্তি দুজন ক্ৰমে ৰাজেন্দ্ৰ বে' (৫৩) আৰু অর্জুন বে’(২৬) । আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি দুয়োজন ব্যক্তি বৰছিং তিমুং গাঁৱৰে বাসিন্দা । উল্লেখ্য যে, যোৱা ১৩ নৱেম্বৰৰ নিশা ঘটনাটো সংঘটিত হৈছিল ।

ইয়াৰ পাচতেই আৰক্ষীয়ে তৎপৰতা প্ৰদৰ্শন কৰি উক্ত গাঁওখনৰ লগতে দাঁতিকাষৰীয়া অঞ্চলত এনে অন্ধবিশ্বাসৰ বিৰুদ্ধে সজাগতা সভাও অনুষ্ঠিত কৰিছিল । জানিব পৰা মতে, এগৰাকী পূজাৰীৰ মৃত্যুৰ পাচৰে পৰা সুৰেন তেৰাং নামৰ লোকজনৰ পৰিয়ালক ডাইনীৰ সন্দেহ কৰিছিল একাংশ লোকে ৷ বিগত জুলাই মাহৰ পৰাই পৰিয়ালটোক গাঁৱৰ একাংশ লোকে ডাইনীৰ সন্দেহ কৰি অত্যাচাৰ কৰিবলৈ ধৰিছিল ৷

লগতে পঢ়ক : Witch Hunting in Goalpara: গোৱালপাৰাত ডাইনী সন্দেহত মহিলাক হত্য়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.