ETV Bharat / state

KAAC Budget Session 2023-24 : কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ সদনত দাখিল হ’ল জিলা বাজেট - কাৰ্বি স্বায়ত্ত পৰিষদৰ 244 সংখ্যক অধিৱেশন

কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ 244 সংখ্যক অধিৱেশনত বাজেট দাখিল কাৰ্বি স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ (KAAC Budget Session 2023-24) ৷ এই বাজেটত কাৰ্বি আংলঙৰ উন্নতিৰ হকে ৰাজহ সংগ্ৰহৰ দিশত বহু গুৰুত্ব আৰোপ কৰিছে ।

KAAC Budget Session 2023-24
বাজেট দাখিল কাৰ্বি স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ
author img

By

Published : Feb 23, 2023, 10:33 PM IST

বাজেট দাখিল কাৰ্বি স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ

ডিফু, 23 ফেব্ৰুৱাৰী : বৃহস্পতিবাৰে কাৰ্বি আংলং জিলা স্বায়ত্তশাসিত পৰিষদৰ ছেচন হলত আৰম্ভ হয় 244 সংখ্যক অধিৱেশন (244th Session of KAAC)৷ এই অধিৱেশনৰ লগত সংগতি ৰাখি বিত্ত বিভাগৰ দপ্তৰৰো দায়িত্ব থকা মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে আগন্তুক 2023-24 বিত্তীয় বৰ্ষৰ বাবে সদনত পৰিষদৰ বাজেট আৰু জিলা বাজেট দাখিল কৰে (KAAC Budget Session 2023-24) ।

মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে জিলা বাজেটৰ বাবে চাৰিশ কোটি আশী লাখ টকা ধাৰ্য কৰাৰ বিপৰীতে পৰিষদ বাজেটৰ বাবে 715 কোটি টকা ধাৰ্য কৰে । ডিফুস্থিত পৰিষদৰ ছেচন হলত অধ্যক্ষ ৰাজু তিছ’ৰ অধ্যক্ষতাত অনুষ্ঠিত হয় এই অধিৱেশনখন ৷

উক্ত অধিৱেশনতে মুখ্য কাৰ্যবাহী সদস্য ৰংহাঙে বাজেট সম্পৰ্কে কয় যে, কাৰ্বি আংলঙৰ সৰ্বাংগীন উন্নতিৰ বাবে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদে ৰাজহ সংগ্ৰহৰ দিশত গুৰুত্ব আৰোপ কৰিছে । বিগত বৰ্ষত পৰিষদে 60 কোটি টকা ৰাজহ সংগ্ৰহ কৰাৰ বিপৰীতে চলিত বৰ্ষত 186 কোটি টকাৰ ৰাজহ পৰিষদে সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে । মুখ্য কাৰ্যবাহী সদস্যৰ পুঁজিত 6505.01 লাখ টকা ধাৰ্য কৰা বুলিও তেওঁ উল্লেখ কৰে ৷

লগতে পঢ়ক : Union Budget 2023 : কেন্দ্ৰীয় বাজেটক অমৃত কালৰ সৰ্বোত্তম বাজেট আখ্যা হৰেনছিং বে'ৰ

লগতে চৰকাৰী গাঁওবুঢ়াৰ মাহিলি মাননিৰ বাবে 3 হাজাৰ টকা, কাৰ্বি যুৱ মহোৎসৱৰ বাবে এক কোটি টকা, কাৰ্বি সাহিত্য সভাৰ বাবে 20 লাখ টকা আৰু বিভিন্ন জনগোষ্ঠীৰ উৎসৱ উদযাপনৰ বাবে বাজেটত তিনি কোটি টকাৰ ধাৰ্য কৰা হৈছে বুলিও ৰংহাঙে সদনত প্ৰকাশ কৰে ।

মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে দাখিল কৰা বাজেট আলোচনাত ভাগ লোৱা সদস্যৰ ক্ৰমে ডি উফিং মাচলাই, মংগল ছিং তিমুং, ৰীতেশ ইংহি, পৱন কুমাৰ ৰয়, ৰিচাৰ্ড টকবি আৰু ৰীনা তেৰাংপীয়ে কাৰ্বি আংলঙৰসমূহ জনসাধাৰণৰ আশা আকাংক্ষাৰ বাজেট বুলি মন্তব্য কৰে ।

অৱশ্যে সদনৰ কাম-কাজ আৰম্ভ কৰাৰ পূৰ্বে 29 জানুৱাৰীত পৰলোক প্ৰাপ্তি হোৱাৰ পৰিষদৰ প্ৰাক্তন সদস্য ভীমকান্ত চৌহানক সোঁৱৰণ কৰি এক মিনিট মৌন প্ৰাৰ্থনা কৰাৰ লগতে শোক প্ৰস্তাৱ লোৱা হয় । ইয়াৰ পাচত সদস্যৰ জনী তিমুং আৰু পৱন কুমাৰ ৰয়ে ক্ৰমে মাৰাট লংৰি আৰু প্ৰধান মন্ত্ৰী চড়ক যোজনাৰ ৰূপায়নৰ সম্পৰ্কে সদনত প্ৰশ্ন উত্থাপন কৰে ।

মুখ্য কাৰ্যবাসী সদস্য তুলিৰাম ৰংহাঙে সদনত দাখিল কৰা ৰাজহুৱা হিচাপ সমিতিৰ খচৰাও সদনত গৃহীত হয় । কাইলৈ অৰ্থাৎ শুকুৰবাৰে জিলা বাজেট গৃহীত হ’ব বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক : Drinking water crisis in Guwahati: ২০২৪ ৰ ভিতৰত গুৱাহাটীবাসীয়ে লাভ কৰিব খোৱাপানী; অশোক সিংহল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.