ETV Bharat / state

ডিফুৰ ৰংকাংথিৰত "লংচৰ মিনাৰেল ৱাটাৰ" উদ্যোগৰ আধাৰশিলা স্থাপন - LANGCHAR MINAREL WATER INDUSTRY

ডিফুৰ ৰংকাংথিৰত স্থাপন কৰা হ'ব "লংচৰ মিনাৰেল ৱাটাৰ" উদ্যোগ । মঙলবাৰে উদ্যোগটোৰ আধাৰশিলা স্থাপন কৰে কাৰ্বি আংলং জিলা স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে । "লংচৰ মিনাৰেল ৱাটাৰ" উদ্যোগৰ স্বত্বাধিকাৰী মুন ইংতিপীৰ এই পদক্ষেপে আশাৰ বতৰা কঢ়িয়াই আনিছে জিলাখনৰ নিবনুৱা যুৱক-যুৱতীলৈ ।

TULIRAM RONGHANG LAYS FOUNDATION STONE OF MINAREL WATER INDUSTRY IN DIPHU
ডিফুৰ ৰংকাংথিৰত "লংচৰ মিনাৰেল ৱাটাৰ" উদ্যোগৰ আধাৰশিলা স্থাপন
author img

By

Published : Jun 30, 2021, 6:41 PM IST

ডিফু, ৩০ জুন: মিনাৰেল ৱাটাৰৰ উদ্যোগ স্থাপন কৰি নিজৰ লগতে শ শ নিবনুৱাক কৰ্মসংস্থাপন দিয়াৰ প্ৰয়াস কৰিছে কাৰ্বি আংলঙৰ মুন ইংতিপীয়ে । তেওঁ জিলাখনৰ ডিফুৰ ৰংকাংথিৰত "লংচৰ মিনাৰেল ৱাটাৰ" উদ্যোগ স্থাপন কৰাৰ বাবে সিদ্ধান্ত লৈছে । মঙলবাৰে উদ্যোগটোৰ আধাৰশিলা স্থাপন কৰে কাৰ্বি আংলং জিলা স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে ।

মুখ্য কাৰ্যবাহী সদস্যগৰাকীৰ লগত আধাৰশিলা স্থাপন কাৰ্যসূচীত উপস্থিত থাকে বিধায়ক বিদ্যাচিং ইংলেং, দৰচিং ৰংহাং, অমৰচিং তিচ'ৰ লগতে কেইবাগৰাকীও পাৰিষদ ৷ পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে উদ্যোগটোৰ আধাৰশিলা স্থাপন কৰি কয় যে, মুন ইংতিপীৰ প্ৰচেষ্টা এক মহান প্ৰচেষ্টা আৰু ইয়াৰ জৰিয়তে জিলাখনৰ নিবনুৱা যুৱক-যুৱতীসকল উপকৃত হ'ব ৷ কাল কৰ'ণাই সমগ্ৰ দেশ তথা ৰাজ্যৰ ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰাৰ ফলত ঠায়ে ঠায়ে সান্ধ্য জাৰি কৰিবলগীয়া হৈছে ।

ডিফুৰ ৰংকাংথিৰত "লংচৰ মিনাৰেল ৱাটাৰ" উদ্যোগৰ আধাৰশিলা স্থাপন

ফলত বহু উদ্যোগ বন্ধ হৈ পৰাত লাখ লাখ লোকে কৰ্ম সংস্থাপন হেৰুৱাবলগীয়া হৈছে । আনহাতে, পূৰ্বৰে পৰা এক প্ৰধান সমস্যা হিচাপে দেখা দিয়া নিবনুৱা সমস্যা আছেই ।

মুঠতে এতিয়া দৰিদ্ৰ লোকসকলে হাহাকাৰ কৰিবলগীয়া হৈছে । এনে সময়তে কাৰ্বি আংলঙৰ মুন ইংতিপীৰ পদক্ষেপে জিলাখনৰ নিবনুৱা যুৱক-যুৱতীলৈ আশাৰ বতৰা কঢ়িয়াই আনিছে । উদ্যোগী মহিলাগৰাকীয়ে ডিফু-মাঞ্জা পথ ৭ মাইলৰ ওচৰৰ ৰংকাংথিৰত "লংচৰ মিনাৰেল ৱাটাৰ" উদ্যোগ স্থাপন কৰাৰ বাবে কাম আৰম্ভ কৰিছে ।

সাংবাদিকৰ আগত তেওঁ কয় যে, জিলাখনৰ নিবনুৱা সমস্যাৰ প্ৰতি লক্ষ্য ৰাখিয়েই তেওঁ এই উদ্যোগটো স্থাপন কৰাৰ পৰিকল্পনা কৰিছে । ১২ কোটি টকা ব্যয় সাপেক্ষে ৰংকাংথিৰত ৯ বিঘা মাটিত এই উদ্যোগ স্থাপন কৰা হ'ব ৷ উদ্যোগটো স্থাপনৰ বাবে বেংকৰ পৰা যাৱতীয় ঋণ লোৱাৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে বুলিও তেওঁ জানিবলৈ দিয়ে ৷ ইফালে, মুন ইংতিপীৰ পদক্ষেপক লৈ আনন্দিত হৈ পৰিছে স্থানীয় লোকসকল ।

লগতে পঢ়ক:অসৎ গ্ৰাহকৰ বিৰুদ্ধে অসম শক্তি বিতৰণ নিগমৰ অভিযান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.