ডিফু, ২৩ জুন : তৃতীয়বাৰলৈ কাৰ্বি আংলং স্বায়ত্ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য আসনত ডঃ তুলিৰাম ৰংহাং (Tuliram Ronghang elected as CEM of KAAC)। যোৱা ৮ জুনত ঘোষণা হোৱা কাৰ্বি আংলং স্বায়ত্ত্ব শাসিত পৰিষদৰ নিৰ্বাচনত আটাইকেইখন আসনতে বিজেপিয়ে জয়লাভ কৰে । ইয়াৰ পাছতে পৰিষদখনৰ মুখ্য কাৰ্যবাহী সদস্য হিচাপে পুনৰ ডঃ তুলিৰাম ৰংহাঙকে নিৰ্বাচিত কৰা হয় (New CEM of KAAC)।
বুধবাৰে ৰাজু তিছ'ক কাৰ্বি আংলং স্বায়ত্ত্ব শাসিত পৰিষদৰ অধ্যক্ষ হিচাপে বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হোৱাৰ পাছত আৰু বৃহস্পতিবাৰে অৰ্থাৎ আজি কাৰ্বি আংলং প্ৰতিষ্ঠা দিৱসৰ (Foundation Day of Karbi Anglong)দিনাই ডঃ তুলিৰাম ৰংহাং পৰিষদৰ ২৯ সংখ্যক মুখ্য কাৰ্য্যবাহী সদস্য হিচাপে নিৰ্বাচিত হয় । নিৰ্বাচিত হোৱাৰ পাছতে ডঃ তুলিৰাম ৰংহাঙে ভাষণ প্ৰসংগত কয় যে কাৰ্বি আংলং জিলাৰ ৰাইজে ২৬ খন আসন দখল কৰাত বিজেপিক সহায় কৰিছে সেয়েহে তেওঁ আৰু তেওঁৰ সতীৰ্থসকলে কোনো ধৰণৰ অহংকাৰ নকৰাকৈ নিৰ্বাচনী প্ৰতিশ্ৰুতিবোৰ আখৰে আখৰে পালন কৰি সকলোৰে সমস্যা সমাধানৰ লগতে সকলোৰে উন্নতি সাধন কৰিবলৈ চেষ্টা কৰিব ।
ইয়াৰোপৰি ২০১১ চনত স্বাক্ষৰিত হোৱা এমঅ'এছ আৰু ২০২১ চনত ছয় উগ্ৰপন্থী সংগঠনৰ সৈতে হোৱা শান্তি চুক্তিৰ দফাসমূহো ৰূপায়ণ কৰাৰ বাবে তেওঁৰ চৰকাৰ সংকল্পবদ্ধ বুলি মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে আশ্বাস প্ৰদান কৰে ।
লগতে পঢ়ক :Hotel Radisson Blu-ত হঠাৎ চাহ খাবলৈ আহিল মেঘালয়ৰ মুখ্যমন্ত্রী কনৰাড চাংমা