ETV Bharat / state

আগন্তক নিৰ্বাচনৰ বাবে বিজেপিৰ সকলো নেতাকৰ্মী সাজু হোৱাৰ সময়ঃ তুলিৰাম ৰংহাঙ - ৰাজনৈতিক দল

দেওবাৰে বিজেপিত যোগদান কাৰ্বি আংলঙৰ বহু কেইগৰাকী কংগ্ৰেছ কৰ্মী ৷ লগতে, উক্ত সভাতে বহু কেইটা গুৰুত্বপূৰ্ণ বিষয় আলোচনা ৷ উপস্থিত কাৰ্বি পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙ ৷

Tuliram Ranghang Reaction Upcoming Elecation
আগন্তক নিৰ্বাচনৰ বাবে বিজেপিৰ সকলো নেতাকৰ্মী সাজু হোৱাৰ সময়ঃ তুলিৰাম ৰংহাং
author img

By

Published : Aug 23, 2020, 8:44 PM IST

কাৰ্বি আংলং, 23 আগষ্ট : আগন্তক বিধানসভা নিৰ্বাচনৰ বাবে বিজেপিৰ সকলো নেতা কৰ্মচাৰীক এতিয়াৰ পৰাই সাজু হ'বলৈ আহ্বান জনালে কাৰ্বি পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে ৷ দেওবাৰে টুমপ্ৰেঙত 11 টা পৰিয়ালে কংগ্ৰেছ দল ত্যাগ কৰি আনুষ্ঠানিকভাবে বিজেপিত যোগদান কৰা সভাত এই মন্তব্য প্ৰদান কৰিছে তুলিৰাম ৰংহাঙে ৷

লগতে, উক্ত সভাতে দলৰ প্ৰশাসনিক কামকাজ, লক্ষ্য, দলীয় আলোচনা, নিৰ্বাচনকেন্দ্ৰিক ৰণকৌশল আদিৰ বিষয়ে আলোচনা কৰাৰ উপৰিও কংগ্ৰেছ আৰু এএছডিচি ৰাজনৈতিক দলক কঠোৰ ভাষাৰে সমালোচনা কৰি কাৰ্বি আংলঙত বিজেপিয়ে কৰা উন্নয়ন আৰু বিকাশৰ কথা দোহাৰিলে তুলিৰাম ৰংহাঙে । বিশেষকৈ কাৰ্বি পৰিষদীয় বিথুং-ৰেংথেমা সমষ্টিত বিগত সময়ত প্ৰতিশ্ৰুতি অনুসৰি ৰংহাঙে 100 শতাংশ উন্নয়নৰ কামকাজ সম্পন্ন কৰিছে বুলি দাবী কৰি অনাগত সময়তো এই ধাৰা বাহাল থাকিব বুলি উল্লেখ কৰে ৰংহাঙে ।

Tuliram Ranghang Reaction Upcoming Elecation
আগন্তক নিৰ্বাচনৰ বাবে বিজেপিৰ সকলো নেতাকৰ্মী সাজু হোৱাৰ সময়ঃ তুলিৰাম ৰংহাং

আনহাতে, আগন্তক বিধানসভা নিৰ্বাচনত পৰিষদীয় বিথুং-ৰেংথেমা সমষ্টিত ৰাইজে যদি বিজেপিক ব্যাপক ব্যৱধানেৰে জয়ী কৰোৱাৰ গ্যাৰেন্টি দিব পাৰে তেতিয়া ৰংহাঙে 100 শতাংশ গ্যাৰেন্টিৰে ৰংখাং সংৰক্ষিত বনাঞ্চলত বসবাস কৰি থকা ৰাইজক ভূমি পট্টা প্ৰদান কৰিব বুলি উল্লেখ কৰে মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে ।

উল্লেখ্য যে, বিজেপিৰ এই সভাত পশ্চিম কাৰ্বি আংলং জিলা বিজেপিৰ সভাপতি ৰদীপ ৰংহাং, সাধাৰণ সম্পাদক, মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং, কাৰ্বি পৰিষদীয় সদস্য ক্ৰমে পৱন কুমাৰ, চন্দ্ৰ ছেত্ৰী, বৰ্ড অধ্যক্ষ দিত্যলাল হাষ্ণু, বিজেপি নেতা তাৰজান লাংথাছাকে ধৰি বিজেপিৰ বিভিন্ন পৰ্যায়ৰ নেতাকৰ্মী, মহিলা কৰ্মী উপস্থিত থাকে । এই সভাৰ মজিয়াতে আজি 11 টা পৰিয়ালে নিজৰ দল অৰ্থাৎ কংগ্ৰেছ দল ত্যাগ কৰি আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰে ।

লগতে পঢ়ক : অশোক গয়াৰীৰ বাহনত কৰা আক্ৰমণত জড়িত নহয় বিপিএফ: গিলবাৰ্ট বৰগয়াৰী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.