ETV Bharat / state

ডিলাইত বৃহৎ পৰিমাণৰ গাঞ্জাসহ ট্ৰাকচালক আটক - truck driver arrested in dilai

আৰক্ষীৰ ব্যাপক অভিযানৰ মাজতো ৰাজ্যত অব্যাহত আছে নিচাজাতীয় সামগ্ৰীৰ সৰবৰাহ ৷ লক-ডাউন তথা ক'ভিড নীতিৰ সুযোগ গ্ৰহণ কৰি অধিক সক্ৰিয় হৈ পৰিছে একাংশ দুষ্ট চক্ৰ ৷

truck-driver-with-large-quantity-of-ganja-arrested-in-dilai
ডিলাইত বৃহৎ পৰিমাণৰ গাঞ্জা সহ ট্ৰাকচালক আটক
author img

By

Published : Jul 11, 2021, 11:09 PM IST

ডিফু, 11 জুলাই : ক'ভিডসৃষ্ট ভয়াৱহ পৰিস্থিতিৰ মাজতে ড্ৰাগছ তথা নিচাজাতীয় সামগ্ৰী বিৰোধী অভিযান অধিক তীব্ৰতৰ কৰি তুলিছে অসম আৰক্ষীয়ে ৷ ইয়াৰ মাজতে দেওবাৰে বৃহৎ পৰিমানৰ গাঞ্জাসহ কাৰ্বি আংলং জিলাৰ ডিলাই আৰক্ষীৰ জালত পৰিছে এজন গাঞ্জা সৰবৰাহকাৰী ৷ ডিলাই থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিতোপন চুতীয়া, উপ-পৰিদৰ্শক হীৰকজ্যোতি দাস আৰু সহকাৰী উপ-পৰিদৰ্শক জীতেন গগৈৰ নেতৃত্বত আৰক্ষীৰ এটা দলে চলোৱা নিয়মীয়া তালাচীত জালত পৰে সৰবৰাহকাৰীটো ৷

উল্লেখ্য যে, গোপন সূত্ৰৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত দেওবাৰে বিয়লি কাৰ্বি আংলং জিলাৰ ডিলাই আৰক্ষীয়ে বিশেষ অভিযান চলাইছিল ৷ উক্ত তালাচীত ডিমাপুৰৰ পৰা গুৱাহাটী অভিমুখে আহি থকা AS-০১-CC-6593 নম্বৰৰ ট্ৰাকখনৰ পৰা দুটা পেকেটত ভৰাই অনা অৱস্থাত প্ৰায় 21 কেজি গাঞ্জা জব্দ কৰে আৰক্ষীয়ে ৷ জব্দ হোৱা ভাংখিনি ট্ৰাকখনৰ চালকৰ আসনৰ তলত কৌশলেৰে লুকুৱাই অনা হৈছিল বুলি জানিবলৈ দিছে আৰক্ষীয়ে ৷ লগতে গাঞ্জাখিনি অবৈধভাৱে সৰবৰাহ কৰি অনাৰ অভিযোগত আৰক্ষীয়ে ট্ৰাকখনৰ চালকজনকো গ্ৰেপ্তাৰ কৰিছে ৷

truck-driver-with-large-quantity-of-ganja-arrested-in-dilai
ডিলাইত বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ

ধৃত ট্ৰাকচালকজন বিহাৰৰ মুজাফৰপুৰ জিলাৰ বৰুৰাজৰ কৰিগ্ৰামা মাহাৱালৰ নিবাসী কৌশলেন্দ্ৰ কুমাৰ (21) বুলি চিনাক্ত কৰিছে আৰক্ষীয়ে ৷ আনহাতে জব্দকৃত ভাংখিনিৰ বজাৰ মূল্য প্ৰায় অৰ্ধ লক্ষাধিক টকা হব বু'লি প্ৰকাশ কৰিছে আৰক্ষীয়ে ৷

উল্লেখনীয় যে, লক-ডাউন তথা ক'ভিড নীতিৰ সুযোগ গ্ৰহণ কৰি অধিক সক্ৰিয় হৈ পৰিছে ড্ৰাগছ,গাঞ্জাকে ধৰি বিভিন্নি নিচাজাতীয় সামগ্ৰী সৰৱৰাহ কৰা চক্ৰ ৷ শুকুৰবাৰে নিশাও কোকৰাঝাৰ আৰক্ষীৰ অভিযানত বৃহৎ পৰিমাণৰ মণিপুৰী গাঞ্জা জব্দ হৈছিল ৷ কোকৰাঝাৰ জিলাৰ অন্তৰ্গত তথা অসম-পশ্চিম বংগৰ সীমান্তৱৰ্তী শ্ৰীৰামপুৰত উত্তৰ প্ৰদেশৰ হাজিপুৰ অভিমুখী এখন ট্ৰাকত তালাচী চলাই আৰক্ষীয়ে 850 কেজি মণিপুৰী গাঞ্জা জব্দ কৰে৷ আনহাতে উক্ত গাঞ্জা সৰবৰাহৰে জড়িত দুই গাঞ্জা ব্যৱসায়ী আৰক্ষীৰ গুলীত আহত হবলগীয়া হয় ৷

লগতে পঢ়কঃ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে কলগাছিয়াত উত্তাল প্ৰতিবাদ চি পি আই এমৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.