ETV Bharat / state

7 বজাৰ শীৰ্ষ 10 টা বাতৰি

7 বজাৰ শীৰ্ষ 10 টা বাতৰি

ETV Bharat top ten
7 বজাৰ শীৰ্ষ 10 টা বাতৰি
author img

By

Published : Mar 22, 2022, 7:33 PM IST

Lahorighat Police thrash minor : ASI উপেন চন্দ্ৰ বৰদলৈক নিলম্বন

লাহৰীঘাট থানাৰ ভিতৰত কিশোৰক বৰ্বৰোচিত নিৰ্যাতন ৷ ঘটনাত জড়িত আৰক্ষী বিষয়াক চাকৰিৰ পৰা নিলম্বন ৷ উক্ত ঘটনা সন্দৰ্ভত মঙলবাৰে সংবাদমেল সম্বোধন কৰে জিলা আৰক্ষী অধীক্ষক অৰ্পণা নটৰাজনে ৷

পেট্ৰ’ল-ডিজেলৰ লগতে মূল্যবৃদ্ধি হ’ল ৰন্ধন গেছৰ

মূল্যবৃদ্ধিৰ বোজা সহিব নোৱাৰা সাধাৰণ লোকৰ মূৰত পুনৰ ৰামটাঙোন ৷ মূল্যবৃদ্ধি ঘটোৱা হৈছে পেট্ৰ’পণ্যৰ লগতে ঘৰুৱা কাৰ্যত ব্যৱহৃত চিলিণ্ডাৰৰ ৷ মঙলবাৰৰে পৰা কাৰ্যকৰী কৰা হ’ব এই মূল্য ৷

জুনৰ ভিতৰত ১৬ হাজাৰ টেট শিক্ষকক নিযুক্তি দিয়া হ'ব: মুখ্যমন্ত্ৰী

চলিত বৰ্ষৰ জুন মাহৰ ভিতৰত ১৬ হাজাৰ টেট শিক্ষকক নিযুক্তি পত্ৰ প্ৰদান কৰিব অসম চৰকাৰে ৷ বিধানসভাৰ বাজেট অধিৱেশনৰ ষষ্ঠদিনা এই কথা সদৰি কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ।

Barpeta advocate murder case: অধিবক্তা ৰিণিমা হত্যাকাণ্ডত জড়িত দুই অভিযুক্তক আটক

অধিবক্তা ৰিণিমা বেগমৰ হত্যাকাণ্ডৰ সৈতে জড়িত দুই অভিযুক্তক আটক কৰা হৈছে ৷ সোমবাৰে সন্ধিয়া তিনিজনীয়া দুৰ্বৃত্তৰ দলে চোকা অস্ত্ৰৰে হানি-খুঁচি হত্যা কৰিছিল যুৱতী অধিবক্তাগৰাকীক ৷

খেৰণিত নাবালিকা ধৰ্ষণকাৰীক এনকাউন্টাৰ

পশ্চিম কাৰ্বি আংলঙত এনকাউন্টাৰত আহত ধৰ্ষণৰ অভিযুক্ত ৷ দুটিকৈ শিশুক ধৰ্ষণ কৰাৰ অভিযোগত অভিযুক্ত হৰিন্দ্ৰ ৰামক গুলীয়াই আহত কৰে আৰক্ষীয়ে ৷ আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰোঁতেই গুলীবিদ্ধ হয় অভিযুক্তটো ৷

১২৫ বছৰীয়া যোগগুৰুৱে গ্ৰহণ কৰিলে পদ্মশ্ৰী

নিঃস্বাৰ্থভাৱে মানৱ সমাজলৈ আগবঢ়োৱা অৱদানৰ বাবে ১২৫ বছৰীয়া যোগগুৰু স্বামী শিৱানন্দক আগবঢ়োৱা হয় 'পদ্মশ্ৰী' বঁটা । সোমবাৰে তেওঁ ৰাষ্ট্ৰপতি ৰাম নাথ কোবিন্দৰ পৰা গ্ৰহণ কৰে এই বঁটা । যোগ চৰ্চাৰ লগতে কুষ্ঠ ৰোগীসকলক কৰা সেৱাৰ বাবে তেওঁ আজি সমগ্ৰ দেশতে চৰ্চা লাভ কৰিছে ।

Lalu Prasad Yadav health update : উন্নত চিকিৎসাৰ বাবে লালুপ্ৰসাদ যাদৱক প্ৰেৰণ কৰা হ’ব দিল্লীলৈ

আৰ জে ডি দলৰ মুৰব্বী লালু প্ৰসাদ যাদৱৰ স্বাস্থ্যৰ অৱনতি । উন্নত চিকিৎসাৰ বাবে যাদৱক ৰাঁচীৰ পৰা দিল্লীলৈ নিয়াৰ প্ৰস্তুতি অব্যাহত ৷ এই সন্দৰ্ভত RIMS ৰ চিকিৎসা পৰিষদৰ বৈঠকত সিদ্ধান্ত লোৱা হ'ব ।

সদনত 'জয় শ্ৰীৰাম' আৰু 'জয় আই অসম' ধ্বনি

প্ৰশ্নকালীন ঘণ্টাত শাসক-বিৰোধীৰ আক্ৰমণ আৰু প্ৰত্যাক্ৰমণক কেন্দ্ৰ কৰি উত্তপ্ত সদন । মূল্যবৃদ্ধি আৰু নিযুক্তিৰ প্ৰসংগক লৈ বিধানসভাত সৰৱ বিৰোধী । বিজেপি চৰকাৰ আৰু প্ৰধানমন্ত্রীক মিছলীয়া আখ্যা দিলে অখিল গগৈয়ে ৷

কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনক অবৈধ আখ্যা ২৪ প্লাছ সংগঠনৰ

ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীৰ সুবিধা অনুসৰি নিজাববীয়া নীতি অবিহনে কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ লোৱা বুলি দাবী 24 প্লাছ সংগঠনৰ ৷ এই নিৰ্বাচন অবৈধ বুলি দাবী কৰে সংগঠনটোৰ মুখপাত্ৰগৰাকীয়ে ৷ বিষয় সন্দৰ্ভত সংবাদমেল সম্বোধন ৷

Brahmaputra river dries up : বন্যপ্ৰাণী, কৃষিজীৱী ৰাইজলৈ ভাবুকি

মৰুভূমি হ'ব নেকি ব্ৰহ্মপুত্ৰ উপত্যকা ? বন্যপ্ৰাণী কিম্বা মানুহৰ জীৱনৰ বাবে কি ইংগিত বহন কৰিছে মহাবাহু ব্ৰহ্মপুত্ৰই ? ভয়ানকভাৱে শুকাই গৈছে ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ প্ৰধান উপ-নৈ সমূহৰ পানী ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.