ETV Bharat / state

বাৰেৰহণীয়া কৃষ্টি-সংস্কৃতিৰে 47 সংখ্যক কাৰ্বি মহোৎসৱ আৰম্ভ - সােণাপুৰ

ডিফুত আৰম্ভ 47 সংখ্যক কার্বি যুৱ মহােৎসৱ ৷ 4 দিনীয়া কাৰ্যসূচীৰে আৰম্ভ কৰা হৈছে যুৱ মহোৎসৱ ৷ বিভিন্ন ধৰণৰ কৃষ্টি-সংস্কৃতি প্ৰদৰ্শন কৰা হ'ব মহোৎসৱত ৷ ইয়াকে লৈ ব্যাপক উৎসাহ কাৰ্বি ভূমিত ৷

today-47-th-karbi-youth-festival-starts-in-diphu
বাৰেৰহণীয়া কৃষ্টি-সংস্কৃতিৰে 47 সংখ্যক কাৰ্বি মহোৎসৱ আৰম্ভ
author img

By

Published : Feb 15, 2021, 9:58 PM IST

Updated : Feb 15, 2021, 10:10 PM IST

ডিফু, 15 ফেব্রুৱাৰী : শান্তি, ঐক্য আৰু সম্প্রীতিৰ মহান বাণীৰে সোমবাৰৰ পৰা আৰম্ভ হৈছে 47 সংখ্যক কার্বি যুৱ মহােৎসৱ ৷ কার্বি সকলৰ বর্ণাঢ্য কৃষ্টি সংস্কৃতিৰ চর্চাৰ অন্যতম আকষণীয় ক্ষেত্র হিচাপে বিগত সময়ছােৱাত বিশাল সাংস্কৃতিক প্রেক্ষাপটত এক সুকীয়া পৰিচয় দাঙি ধৰিবলৈ সক্ষম হােৱা তাৰালাংছ'ত বিগত বর্ষসমূহৰ দৰে আৰম্ভ হৈছে যুৱ মহােৎসৱ ৷

today-47-th-karbi-youth-festival-starts-in-diphu
বাৰেৰহণীয়া কৃষ্টি-সংস্কৃতিৰে 47 সংখ্যক কাৰ্বি মহোৎসৱ আৰম্ভ

কার্বি সকলৰ স্বকীয় তথা অন্যতম আকর্ষণীয় সাংস্কৃতিক বৈশিষ্ট্যৰ প্রদর্শনৰ অন্যতম গুৰুত্বপূর্ণ আকর্ষণীয় ক্ষেত্র হিচাপে ইতিমধ্যে দেশে-বিদেশে ইয়াৰ খ্যাতি অর্জন কৰিবলৈ সক্ষম হােৱা তাৰালাংছ’ত সমবেত হ'বলগীয়া অগণন শিল্পী তথা সংস্কৃতিপ্রেমী ৰাইজক আদৰিবলৈ সকলাে ধৰণৰ প্রস্তুতি সম্পূর্ণ কৰি তুলিছে ।

প্রাকৃতিকভাৱেই সৌন্দর্যময় তাৰালাংছক আয়ােজক সমিতিয়ে দিনে নিশা একাকাৰ কৰি কৰা শ্রমেৰে অধিক সুন্দৰ আৰু আকর্ষণীয় কৰি তােলাৰ ক্ষেত্রত যত্নৰ কোনাে ক্ৰটী কৰা নাই । মহােৎসৱত মুঠ 30 টা মাণ্ডলিক সাংস্কৃতিক দলে অংশগ্রহণ কৰিব বুলি কার্বি সাংস্কৃতিক সমাজৰ সভাপতি চন্দ্রছিং ক্ৰৱে জানিবলৈ দিছে । ইয়াৰে 25 টা সাংস্কৃতিক দল কার্বি আংলং জিলাৰ স্থানীয় শিল্পীৰ হােৱাৰ উপৰিও এইবাৰ বিশ্বনাথ চাৰিআলি, গুৱাহাটী, সােণাপুৰ, মেঘালয় আৰুৱ বৰাক উপত্যকাৰ পৰাও একোটাকৈ সাংস্কৃতিক দলে মহােৎসৱত অংশগ্রহণ কৰিব ।

লগতে পঢ়ক : দশম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীৰ বাবে সু-খবৰ

উল্লেখযােগ্য যে, তাৰালাংছৰ কার্বি যুৱ মহােৎসৱস্থলীত অধিক আকর্ষণীয় কৰি তােলাৰ ক্ষেত্রত বিগত সময়ছােৱাত কার্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ তৰফৰ পৰাও বিশেষ উদ্যোগ গ্রহণ কৰা পৰিলক্ষিত হৈছে । বিশেষকে মহােৎসৱক্ষেত্রলৈ প্রৱেশৰ বাটপথ অতি সুন্দৰকৈ নির্মাণ কৰি উলিওৱাৰ লগতে মহােৎসৱস্থলীত সম্মুখত সাজি উলিওৱা এক সুবৃহৎ প্রৱেশ তােৰণৰ সোমবাৰে শুভ উদ্বোধন কৰে কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কার্যবাহী সদস্য তুলিৰাম ৰংহাঙে ।

তাৰালাংছৰ সাংস্কৃতিক মহােৎসৱ উপভােগ কৰাৰ বাবে যােৱা দর্শকৰ বাবে এইবাব অন্যতম আকর্ষণ হিচাপে গঢ়ি তােলা হৈছে কাজিৰ ৰংহাংপী ক্লক টাৱাৰ ৷ উল্লেখযােগ্য যে, কার্বি মহিলাসকলে কাণত পিন্ধা অলংকাৰ (কাণফুলি) নথেংপিৰ নক্সাৰে মহােৎসৱস্থলীত এক বিশেষ ভৱনৰ নির্মাণ ইতিমধ্যে সম্পূর্ণ কৰি তােলা হৈছে ।

লগতে পঢ়ক : বৃন্দাবনত শীঘ্ৰেই প্ৰতিষ্ঠা হ'ব নামঘৰ: বুঢ়াসত্ৰীয়া বশিষ্ঠ শৰ্মা

ঠিক সেইদৰে দৃষ্টিনন্দন ক্লক টাৱাৰেও উপস্থিত ৰাইজৰ দৃষ্টি আকর্ষণ কৰাটো নিশ্চিত । মহােৎসৱত এইবাৰ বিদেশী পর্যটকৰ সংখ্যা কিমান হয় সেয়া এতিয়াও নিশ্চিত কৰিব পৰা হােৱা নাই । ইফালে, উৎসাহী দর্শকক কার্বিসকলৰ বাৰেৰহণীয়া সংস্কৃতিৰ সােৱাদ দিয়াৰ বাবে গ্রীক আৰ্হিত নিৰ্মিত মূল স্থায়ী মঞ্চৰ লগতে আন সকলাে মঞ্চ সাজু কৰি তােলা হৈছে ।

বিভিন্ন সাংস্কৃতিক প্রতিযােগিতা তথা সাংস্কৃতিক কার্যসূচীত অংশগ্রহণৰ বাবে বিভিন্ন স্থানৰ পৰা আহি উপস্থিত হােৱা জাকে জাকে ডেকা-গাভৰু শিল্পীৰ উপস্থিতিয়ে মায়া নগৰীলৈ পৰিণত কৰিব তাৰালাংছৰ সাংস্কৃতিক প্ৰকল্পক ৷ ইফালে, হেলিকপ্টাৰযােগে ডিফু নগৰ দর্শন কৰাৰ বাবেও দর্শকৰ বাবে ব্যৱস্থা কৰা হৈছে হেলিকপ্টাৰৰ ৷ উৎসবৰ আনন্দৰ লগতে ৰং আৰু মনােৰঞ্জনৰ সকলাে উপাদানেৰে পৰিপুষ্ট কৰি তােলা হৈছে মােহময়ী তাৰালাংছক ।

লগতে পঢ়ক : নগাঁৱত উপস্থিত নিৰ্বাচন আয়োগৰ সঞ্চালক প্ৰধান

Last Updated : Feb 15, 2021, 10:10 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.