ETV Bharat / state

Har Ghar Tiranga Abhiyan: ডিফুত জাতীয় পতাকা বিক্ৰী কেন্দ্ৰ আৰু ছেলফি পইণ্ট মুকলি - Tiranga Sales center opened in Diphu

আজাদী কা অমৃত মহোৎসৱৰ অংশ স্বৰূপে ডিফুত জাতীয় পতাকা বিক্ৰী কেন্দ্ৰ আৰু ছেলফি পইণ্ট মুকলি কৰা হয় । 'ঘৰ-ঘৰ ত্ৰিৰংগা’ (Har Ghar Tiranga Abhiyan) অভিযানক বাস্তৱ ৰূপ দিয়াৰ বাবে সমগ্ৰ দেশৰ লগত সংগতি ৰাখি পাহাৰীয়া জিলা কাৰ্বি আংলঙতো জাতীয় পতাকা বিক্ৰী কেন্দ্ৰ আৰু ছেলফি পইণ্ট মুকলি কৰে কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ প্ৰধান সচিব মুকুল কুমাৰ শইকীয়াই ৷

Tiranga Sales center and selfie point opened in Diphu
ডিফুত জাতীয় পতাকা বিক্ৰী কেন্দ্ৰ আৰু ছেলফি পইণ্ট মুকলি
author img

By

Published : Aug 5, 2022, 11:58 AM IST

ডিফু, 5 আগষ্ট: ভাৰতৰ স্বাধীনতাৰ ৭৫ বছৰ সম্পূৰ্ণ (75th years of Independence of India) হোৱাৰ উপলক্ষে আজাদী কা অমৃত মহোৎসৱ (Azadi Ka Amrit Mahotsav)ৰ লগত সঙ্গতি ৰাখি দেশজুৰি আৰম্ভ হৈছে 'ঘৰ-ঘৰ ত্ৰিৰংগা’ অভিযান (Har Ghar Tiranga Abhiyan) ৷

এই আজাদী কা অমৃত মহোৎসৱৰ অংশ স্বৰূপে ডিফুত জাতীয় পতাকা বিক্ৰী কেন্দ্ৰ আৰু ছেলফি পইণ্ট মুকলি কৰা হয় (Selfie point opened in Diphu)।'ঘৰ-ঘৰ ত্ৰিৰংগা’ অভিযানক বাস্তৱ ৰূপ দিয়াৰ বাবে সমগ্ৰ দেশৰ লগত সংগতি ৰাখি পাহাৰীয়া জিলা কাৰ্বি আংলঙতো জাতীয় পতাকা বিক্ৰী কেন্দ্ৰ আৰু ছেলফি পইণ্ট মুকলি কৰে কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ প্ৰধান সচিব মুকুল কুমাৰ শইকীয়াই (Tiranga Sales center opened in Diphu)৷

ডিফুত জাতীয় পতাকা বিক্ৰী কেন্দ্ৰ আৰু ছেলফি পইণ্ট মুকলি

বৃহস্পতিবাৰে ডিফু চহৰৰ এমজি পথৰ কেফেটেৰিয়াৰ সন্মুখত ৰাষ্ট্ৰীয় নগৰীয়া জীৱিকা অভিযানৰ অংশ স্বৰূপে ডিফু‌ মিউনিচিপালিটি বোৰ্ডৰ অধীনত LUMAR ALF ৰঙথিয়াৰ পথৰ বৰ্ডৰ চিটি মেনেজমেন্ট ইউনিটিৰ অধীনত জাতীয় পতাকাৰ সুলভ মূল্যৰ বিক্ৰী কেন্দ্ৰটো মুকলি কৰে কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ প্ৰধান সচিবগৰাকীয়ে ।

আনহাতে ডিফু মিউনিচিপালটি বোৰ্ডৰ অধীনত ৫টা বিক্ৰী কেন্দ্ৰ থকাৰ লগতে ১১টা এল এল এফৰ অধীনত ৫৩০ টা আত্মসহায়ক গোটে জিলাখনৰ ঘৰে ঘৰে ত্ৰিৰংগা বিক্ৰী কৰিব বুলি জানিব পৰা গৈছে । সংবাদ মাধ্যমৰ লগত কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ প্ৰধান সচিব মুকুল কুমাৰ শইকীয়াই কয় যে, ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৭৫ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে আজাদী কা অমৃত মহোৎসৱ উদযাপনৰ বাবে 'ঘৰ-ঘৰ ত্ৰিৰংগা’ৰ দৰে অভিযান আৰম্ভ কৰিছে ।

সেইমৰ্মে দেশ মাতৃৰ প্ৰতি অকুণ্ঠ শ্ৰদ্ধা আৰু সন্মান দেখুৱাবলৈ এই ছেলফি পইণ্ট আৰু আত্মসহায়ক গোটসমূহৰ অধীনত জাতীয় পতাকা বিক্ৰী কেন্দ্ৰ মুকলি কৰা হৈছে । উক্ত ছেলফি পইণ্টত যুৱক যুৱতীৰ লগতে বৃদ্ধ-বৃদ্ধাসকলে ছেলফি লৈ দেশ প্ৰেম প্ৰদৰ্শন কৰাৰ সুযোগ পোৱাৰ কথাও উল্লেখ কৰে সচিব গৰাকীয়ে ৷

উক্ত কাৰ্যসূচীত ডিফু মিউনিচিপালটি বোৰ্ডৰ অধ্যক্ষ ৰাহ ক্ৰ’, উপাধ্যক্ষ মীৰা টি চ'পী, পৰিষদৰ যুটীয়া সচিব দিলীপ তেৰাঙ, ডিফু মিউনিচিপালটি বোৰ্ডৰ জেষ্ঠ কাৰ্যবাহী অভিযন্তা নিপু চৰণ দত্ত উপস্থিত থাকে ।

লগতে পঢ়ক: Har Ghar Tiranga: হোজাইৰ উপায়ুক্ত কাৰ্য্যলয় চৌহদত ত্ৰিৰংগা বিক্ৰী কেন্দ্ৰ মুকলি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.