ডিফু, ২১ আগষ্ট: আন্তঃৰাজ্যিক গাড়ী চুৰি চক্ৰই চকুৰ টোপনি হৰিছে কাৰ্বি আংলং জিলাৰ সাধাৰণ লোকৰ । গাড়ী চুৰি চক্ৰৰ সক্ৰিয় সদস্যই টহল দি ফুৰিছে জিলাখনৰ বিভিন্ন প্ৰান্তত । সমান্তৰালকৈ গাড়ী চুৰি চক্ৰক জালত পেলাবলৈ পশ্চিম কাৰ্বি আংলং আৰক্ষী(West Karbi Anglong Police)য়েও অব্যাহত ৰাখিছে অভিযান । শেহতীয়াকৈ জিলাখনৰ ডালিমবাৰী আৰক্ষী পহৰা চকীৰ আৰক্ষীয়ে আটক কৰিলে তিনিটাকৈ দুৰ্ধৰ্ষ বাইক চোৰ ।
ধৃত চোৰকেইটাৰ পৰা আৰক্ষীয়ে ৫ খন বাইক(Bike) আৰু ৩ খন স্কুটী(scooty) জব্দ কৰে । বৰ্তমানেও আৰক্ষীয়ে চোৰকেইটাৰ জেৰা অব্যাহত ৰাখিছে । ডালিমবাৰী আৰক্ষী পহৰা চকীৰ ভাৰপ্ৰাপ্ত বিষয়া মাহাত্ম্য মানস সন্দিকৈ(Mahatmya Manash handique)য়ে জনোৱা মতে, আৰু বহু কেইখন দুচকীয়া বাহন জব্দ হোৱাৰ সম্ভাৱনা আছে ।
ভাৰপ্ৰাপ্ত বিষয়া মাহাত্ম্য মানস সন্দিকৈৰ নেতৃত্বত আৰক্ষীৰ এটা দলে পশ্চিম কাৰ্বি আংলং-নগাঁও সীমান্তৰ গছপাৰা অঞ্চলত অভিযান চলাই চোৰকেইটাক আটক কৰিছে ।
ধৃত চোৰকেইটা হৈছে- অৰ্জুন সৰকাৰ,আশিস দাস আৰু অভিষেক দাস ৷ গুৱাহাটী, নগাঁও আদিৰ পৰা এই বাইকবোৰ চুৰি কৰি আনি ডালিমবাৰী,গছপৰা আদি অঞ্চলত বিক্ৰী কৰি আহছিল এই চুৰি চক্ৰটোৱে । এনে চুৰি বাইক ক্ৰয় কৰা ৭ জন লোককো আৰক্ষীয় সোধা-পোছাৰ বাবে আটক কৰিছে ।
এই সন্দৰ্ভত আৰক্ষীয়ে এক গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে ৷ কেৱল কাৰ্বি আংলঙেই নহয়, ৰাজ্যৰ ভিন্ন প্ৰান্তত বৰ্তমান দুচকীয়া বাহন চুৰি চক্ৰৰ দৌৰাত্ম্য বাঢ়িছে । আৰক্ষীয়ে গিজগিজাই থকা চহৰৰ পৰাও অতি সহজেই বাই, স্কুটী আদি চুৰি কৰি নিয়ে গভাইত চোৰে ।