ডিফু, 21 মাৰ্চ : ডিফু মেডিকেল কলেজ হাস্পাতালত চিকিৎসা কৰাবলৈ আহি সৰ্বস্বান্ত হ'ল এগৰাকী মহিলা ৷ চোৰে চুৰি কৰি নিলে ডিফু ৰুকাচেনৰ জয়শ্ৰী ৰাজবংশী নামৰ মহিলাগৰাকীৰ লক্ষাধিক টকাৰ সোণৰ গহনা, আ-অলংকাৰ, ম’বাইল ফোন আৰু নথি-পত্ৰ ৷ নিজৰ ৰোগগ্ৰস্ত বৃদ্ধা মাতৃৰ চিকিৎসাৰ বাবেই ডিফু মেডিকেল কলেজ হাস্পাতালত চিকিৎসা কৰাবলৈ গৈছিল পৰিয়ালটোৱে ৷
ভুক্তভোগী মহিলাগৰাকীয়ে সাংবাদিকক জানিবলৈ দিয়া অনুসৰি বৃহস্পতিবাৰে নিশা মহিলাগৰাকীয়ে নিজ ৰুগীয়া বৃদ্ধা মাতৃক হাপানী ৰোগৰ বাবে চিকিৎসকৰ পৰামৰ্শ মৰ্মে ডিফু চিকিৎসা মহাবিদ্যালয় হাস্পাতালত মেডিচিন বিভাগৰ মহিলা ৱাৰ্ডৰ 6 নং বিছনাত ভৰ্তি কৰাইছিল৷ কিন্তু যোৱা নিশা ৰুগীয়া মাকৰ সৈতে চিকিৎসালয়খনৰ সংশ্লিষ্ট বিছনাখনত মহিলাগৰাকী নিদ্ৰামগ্ন অৱস্থাত থকাত মহিলাগৰাকীৰ লগত থকা প্ৰায় লক্ষাধিক টকাৰ সোণৰ আ-অলংকাৰ থকা ভেনিটি বেগটো কোনো দুৰ্বৃত্তই চুৰি কৰি লৈ যায় ৷
চোৰে নিয়া ভেনিটি বেগটোত মহিলাগৰাকীৰ এটা ম’বাইল ফোন, 9565637532 নম্বৰৰ ছীম কাৰ্ড, এডাল সোণৰ চেইন, এডাল সোণৰ নেকলেছ, সোণৰ আঙুঠি তিনিটা, এটা অসমীয়া কেঁচা গহনা, দুযোৰ সোণৰ কাণফুলি, নগধ 2500 টকা আৰু আছিল নিজৰ আধাৰ কাৰ্ডখন৷ সাংবাদিকৰ আগত মহিলাগৰাকীৰ সোণৰ আ-অলংকাৰখিনি চুৰিৰ কথাৰ বিৱৰণী দি উচুপি উঠে ৷
নিজৰ বেমাৰী মাতৃৰ চিকিৎসা কৰিবলৈ আহি চোৰৰ হাতত নিজৰ বহু কষ্টোপাৰ্জিত আ-অলংকাৰখিনি হেৰুৱাই সৰ্বস্বান্ত হৈ পৰে মহিলাগৰাকী৷ এই সন্দৰ্ভত ডিফু থানাত ভাৰতীয় দণ্ড বিধি আইনৰ 380 ধাৰাত 73/2020 নম্বৰত এটা গোচৰ ৰুজু দি তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷