ETV Bharat / state

হাওৰাঘাটত নৈৰ বুকুত উদ্ধাৰ যুৱকৰ মৃতদেহ

ডিফু হাওৰাঘাটত নৈত গা ধুবলৈ গৈ সলিল সমাধি উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ এগৰাকী শিক্ষাৰ্থীৰ । পশ্চিম কাৰ্বি আংলংঙৰ অভিনব ডেকাৰজা নামৰ ১৮ বছৰীয়া যুৱকজন নৈত গা ধুবলৈ যোৱা সময়তে নৈৰ কোৱাল সোতে উটুৱাই নিয়ে ।

author img

By

Published : May 29, 2020, 6:21 PM IST

ডিফু
হাওৰাঘাটত নৈৰ বুকুত উদ্ধাৰ যুৱকৰ মৃতদেহ

ডিফু, ২৯ মে': হাওৰাঘাট নগৰৰ গাতে লাগি থকা হাতিপাৰাত বৃহস্পতিবাৰে নদীৰ কোৱাল সোতে উটুৱাই নিয়া এগৰাকী যুৱকৰ মৃতদেহ শুকুৰবাৰে দুপৰীয়াৰ ভাগত উদ্ধাৰ হয় ৷ ঘটনাৰ বিৱৰণী অনুসৰি, পশ্চিম কাৰ্বি আংলং জিলাৰ তৰাডুবি নিবাসী ৰাজেন ডেকাৰজাৰ একমাত্ৰ পুত্ৰ অভিনব ডেকাৰজা (১৮) কিছুদিন পূৰ্বে হাওৰাঘাট হাতীপাৰাত থকা পেহীয়েকৰ ঘৰত ফুৰিবলৈ আহিছিল ৷ এইবাৰ উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষত অৱতীৰ্ণ হোৱা অভিনৱে পেহীয়েকৰ ঘৰৰ পৰা বৃহস্পতিবাৰে ১০/১২ জন লগৰীয়াৰ সৈতে এৰা দীঘলপানী নৈত গা ধুবলৈ গৈছিল ৷ এনে সময়তে নদীত গা ধুই থকা অৱস্থাত নদীৰ কোৱাল সোতে যুৱক জনক উটুৱাই লৈ যায় ৷

হাওৰাঘাটত নৈৰ বুকুত উদ্ধাৰ যুৱকৰ মৃতদেহ

ঘটনাক লৈ অঞ্চলজুৰি চাঞ্চল্য সৃষ্টি হয় যদিও বৃহস্পতিবাৰে উদ্ধাৰ কৰিব নোৱাৰিলে যুৱকজনক । কিন্তু শুকুৰবাৰে পুৱা ভাগৰ পৰা আৰম্ভ কৰা এছ ডি আৰ এফৰ জোৱানৰ নিৰন্তৰ অভিযানত ঘটনা সংঘটিত হোৱা স্থানৰ পৰা ৫০০ মিটাৰ নিলগৰ নদীৰ কাষৰ কলমৌ গছত লাগি থকা অৱস্থাত উদ্ধাৰ হয় মৃতদেহ ।

ইফালে বাঢ়নী পানীৰ সোঁতত সলিল সমাধি ঘটা একমাত্ৰ পুত্ৰৰ মৃত্যুৰ খবৰ পাই শোকত ভাগি পৰিছে যুৱক গৰাকীৰ দুৰ্ভগীয়া পিতৃ- মাতৃ ৷ সহজ- সৰল স্বভাৱৰ অভিনৱ ডেকাৰজা তিৱা ছাত্ৰ সন্থাৰ ৰংখাং আঞ্চলিকৰ সহকাৰী সম্পাদকৰ দায়িত্বত আছিল বুলি জানিবলৈ দিয়ে ৷

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.