ETV Bharat / state

বকলীয়াঘাটত কীর্তন-দশমৰ স্বৰলিপি প্রস্তুত প্রক্রিয়া আৰম্ভ

গুৰুজনাৰ সৃষ্টিৰাজিক জীয়াই ৰখাৰ লগতে প্ৰসাৰৰ বাবে এক ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰিছে শ্ৰীমন্ত শংকৰদেৱ সংঘই । গুৰুজনাই ৰচনা গীতৰ প্রকৃত সুৰ অক্ষুণ্ণ ৰখাৰ প্রয়াস কৰিছে শ্ৰীমন্ত শংকৰদেৱ সংঘই । ইয়াৰে এক অংশ হিচাপে বকলীয়াঘাট আঞ্চলিক সাংস্কৃতিক শাখাৰ তত্বাৱধানত বকলীয়াঘাট আঞ্চলিক শাখাৰ নামঘৰত কীর্তন-দশম আদি পুথিৰ স্বৰলিপি প্ৰস্তুতৰ প্রক্রিয়া আৰম্ভ কৰা হৈছে ।

author img

By

Published : Jan 11, 2021, 7:56 PM IST

বকলীয়াঘাটত কীর্তন-দশমৰ স্বৰলিপি প্রস্তুত প্রক্রিয়া আৰম্ভ
বকলীয়াঘাটত কীর্তন-দশমৰ স্বৰলিপি প্রস্তুত প্রক্রিয়া আৰম্ভ

ডিফু, ১১ ডিচেম্বৰ: মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আপুৰুগীয়া কৃষ্টি-সংস্কৃতি,নীতি-আদৰ্শ প্ৰচাৰত সদায় গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে শ্ৰীমন্ত শংকৰদেৱ সংঘই । অসম মুলুকত একশৰণ হৰি নামধর্মৰ প্রতিষ্ঠা কৰি গুৰুজনাই অসমীয়া ৰাইজক একতাৰ বান্ধোনেৰে একত্ৰিত কৰাৰ প্ৰয়াস কৰিছিল । গুৰুজনাই তেওঁৰ জীৱনকালত কীর্তন,দশমকে ধৰি ভালেকেইখন পুথি,বৰগীত,অংকীয়া নাট ৰচনা কৰি থৈ গৈছে । গুৰুজনাৰ দ্বাৰা ৰচিত পুথিসমূহ পাঠ কৰা, গীত পৰিৱেশন কৰাৰ ক্ষেত্ৰতো পূৰ্বৰে পৰা এক সুকীয়া সুৰ অনুকৰণ কৰা হৈছে । এই মহান সৃষ্টিৰাজিয়ে ৰচনা কালৰ সময়ৰে পৰা কেইবাশ বছৰ ইতিমধ্যে অতিক্রম কৰিছে ।

সুদীর্ঘ সময়ৰ পৰিক্রমাত অসমৰ বিভিন্ন স্থানত বিভিন্ন সুৰ আৰু লয়ত এইসমূহ গীত পৰিৱেশন কৰি অহা হৈছে । সেয়ে,ইয়াৰ প্রকৃত সুৰসমূহৰ স্বৰলিপি প্রস্তুত কৰি সংৰক্ষিত কৰি ৰখাৰ এক গুৰুত্বপূর্ণ পদক্ষেপ গ্রহণ কৰিছে শ্ৰীমন্ত শংকৰদেৱ সংঘই। ইয়াৰে অংশ হিচাপে সংঘৰ কার্বি আংলং জিলাৰ বকলীয়াঘাট আঞ্চলিক শাখাৰ ব্যৱস্থাপনাত তথা বকলীয়াঘাট আঞ্চলিক সাংস্কৃতিক শাখাৰ তত্বাৱধানত বকলীয়াঘাট আঞ্চলিক শাখাৰ নামঘৰত কীর্তন-দশম আদি পুথিৰ স্বৰলিপি প্ৰস্তুতৰ প্রক্রিয়া আৰম্ভ কৰা হৈছে । শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মূলৰ গৱেষক প্রয়াত নীল বৰাই পূর্বে বকলীয়াঘাটলৈ অহাৰ সময়তাে স্থানীয় ভকতসকলৰ কণ্ঠেৰে কীর্তন-দশমৰ পাঠ শুনি এই অঞ্চলতে কীর্তন-দশমৰ প্রকৃত সুৰ বিৰাজমান হৈ থকা বুলি মন্তব্য কৰিছিল ।

লগতে এই সুৰ সংৰক্ষণ,প্রচাৰ আৰু প্রসাৰৰ বাবে পদক্ষেপ গ্রহণ কৰাৰ বাবে আহ্বান জনায় । ইয়াৰ পিছৰে পৰা সংঘৰ মূলৰ প্রশিক্ষক তথা শংকৰী সংগীত-নৃত্যৰ এগৰাকী বিশিষ্ট গৱেষক জন্মেজয় হাজৰিকাৰ তত্বাৱধানত আঞ্চলিক শাখাৰ নামঘৰত সম্প্রতি এক কর্মশালাৰ জৰিয়তে কীর্তন-দশমৰ স্বৰলিপি প্রস্তুত প্রক্রিয়াৰ শুভাৰম্ভ কৰা হৈছে । গুৰুজনাৰ গীত-মাতৰ চর্চাৰ সৈতে পূর্বৰে পৰা জড়িত একাংশ অভিজ্ঞ লােকক এই কাম আৰম্ভ কৰা হৈছে । গুৰুজনাৰ গীত-মাতসমূহৰ প্রকৃত সুৰৰ নিৰ্দিষ্ট স্বৰলিপি প্রস্তুত কৰি ইয়াৰ সংৰক্ষণ কৰিলে এই সুৰসমূহ বিকৃতকৰণ হােৱাৰ আশংকাও নাথাকিব বুলি আশা কৰা হৈছে ।

লগতে পঢ়ক:ধেমাজিত আছুৰ নৱনিৰ্বাচিত সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাক সম্বৰ্ধনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.