ETV Bharat / state

খটখটীত ড্ৰাগছৰ সৈতে দুই মহিলাসহ এজন পুৰুষ আটক - খটখটীত ড্ৰাগছৰ সৈতে দুই মহিলাসহ এজন পুৰুষ আটক

কাৰ্বি আংলং জিলাৰ অসম-নাগালেণ্ড সীমান্তত বুধবাৰে পুৱাৰ ভাগত বুজন পৰিমানৰ সন্দেহযুক্ত হে’ৰইনসহ আৰক্ষীয়ে আটক কৰে দুই মহিলাসহ এজন পুৰুষক (Heroine seized in khatkhoti) ৷ তিনি সৰবৰাহকাৰীৰ পৰা মুঠ ১৪৭.৪৮ গ্ৰাম সন্দেহযুক্ত হেৰ’ইন জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে ৷ এই সন্দৰ্ভত ধৃত দুলন মজুমদাৰৰ পৰা এ এছ 06 ডি 6199 নম্বৰৰ এখন বাহনো জব্দ কৰে বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ ৷

suspected heroin seized at  khotkhoti
খটখটীত ড্ৰাগছৰ সৈতে দুই মহিলাসহ এজন পুৰুষ আটক
author img

By

Published : Jun 29, 2022, 6:28 PM IST

ডিফু, ২৯ জুন: কাৰ্বি আংলং জিলাৰ অসম-নাগালেণ্ড সীমান্তত ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীয়ে লাভ কৰিছে ধাৰাবাহিক সফলতা ৷ বুধবাৰে পুৱাৰ ভাগত বুজন পৰিমানৰ সন্দেহযুক্ত হে’ৰইনসহ আৰক্ষীয়ে আটক কৰে দুই মহিলাসহ এজন পুৰুষক (Heroine seized in khatkhoti) ৷

প্ৰাপ্ত খবৰ অনুসৰি আজি পুৱাৰ ভাগত খটখটী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰাজু দুৱৰাৰ নেতৃত্বত খটখটী থানাৰ আৰক্ষীৰ এটা দল আৰু বোকাজান চিআৰপিএফ ২০ বিএনৰ দলৰ সহযোগত খটখটীত এক নাকা তালাচী অভিযান চলায় ৷

উক্ত নাকা তালাচী অভিযানত পুৱা ৯ মান বজাত এ এছ 21 চি 9306 নম্বৰৰ এখন বাছত তালাচী চলাই ১০ টা চাবোনৰ বাকচত কঢ়িয়াই অনা ১২৯.৩৪ গ্ৰাম সন্দেহযুক্ত হে’ৰইন জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে ৷ সন্দেহযুক্ত হে’ৰইনখিনি বাছখনত যাত্ৰী হিছাপে থকা হোজাই জিলাৰ লামডিঙৰ অফিচাৰ্ছ কলনিৰ কুৰম ৰাওৰ কন্যা ২৬ বছৰীয়া সাৰদা ৰাৱে নিজৰ দেহত কৌশলগত ভাৱে লুকুৱাই অনা অৱস্থাত আৰক্ষীয়ে উদ্ধাৰ কৰে হে’ৰইনখিনি ৷

উল্লেখ্যযোগ্য যে, ধৃত মহিলা গৰাকীৰ স্বীকাৰোক্তিৰ ভিত্তিত বোকাজান মহকুমা আৰক্ষী বিষয়া জন দাসৰ নেতৃত্বত খটখটী আৰক্ষী আৰু ডিমাপুৰ পুৱ থানাৰ আৰক্ষীৰ সহযোগত ডিমাপুৰৰ হোটেল নিউ কেণ্টৰ ৩১১ আৰু ৩১২ নম্বৰ কোঠালীত অভিযান চলায় ৷ উক্ত অভিযান কালত দুজন লোকক আটক কৰাৰ লগতে ২৮'১৪ গ্ৰাম সন্দেহযুক্ত হে’ৰইন জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে ৷

হোটেলখনৰ পৰা হোজাই জিলাৰ লামডিং থানা এলেকাৰ ছাউথ হিল কলনিৰ কমল মজুমদাৰৰ পুত্ৰ দুলন মজুমদাৰ (26) আৰু মণিপুৰ সেনাপতি জিলাৰ খামচং কেৰং গাঁৱৰ টি ৰবিনাহ লাংনেহক (37) আটক কৰিবলৈ সক্ষম হয় ৷

তিনি সৰবৰাহকাৰীৰ পৰা মুঠ ১৪৭.৪৮ গ্ৰাম সন্দেহযুক্ত হেৰইন জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে ৷ এই সন্দৰ্ভত ধৃত দুলন মজুমদাৰৰ পৰা এ এছ 06 ডি 6199 নম্বৰৰ এখন বাহনো জব্দ কৰে বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ ৷

লগতে পঢ়ক: ডিফুত প্ৰায় পোন্ধৰ লাখ টকাৰ হেৰ’ইন জব্দ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.