ETV Bharat / state

Operation against heroin : খটখটীত উদ্ধাৰ সন্দেহযুক্ত হেৰ'ইন

author img

By

Published : Mar 5, 2022, 11:11 AM IST

শুকুৰবাৰে সন্ধিয়া খটখটীৰ বাসবাৰীৰ আৰক্ষীয়ে চলাই অভিযান ৷ এই অভিযানত খটখটী আৰক্ষীয়ে বৃহৎ পৰিমাণৰ সন্দেহযুক্ত হেৰ'ইন উদ্ধাৰ কৰিবলৈ সক্ষম হয় (Suspected heroin seized at Khotkhoti) ৷ এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আটক কৰে বাসবাৰী টিলাবস্তিৰ নাছিৰ উদ্দিনৰ পুত্ৰ দিলুৱাৰ হুছেইনক ৷

Suspected heroin seized at Khotkhoti
নিচাজাতীয় সামগ্ৰীৰ সৰৱৰাহ

ডিফু, ৫ মাৰ্চ : বৰ্তমানৰ যুৱ প্ৰজন্মক কোঙা কৰি পেলোৱা ড্ৰাগছকে ধৰি বিভিন্ন নিষিদ্ধ নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে আৰক্ষীকে ধৰি প্ৰশাসনে গ্ৰহণ কৰি আহিছে বিভিন্ন পদক্ষেপ ৷ ইয়াৰ বিৰুদ্ধে আৰক্ষীয়ে যিমান কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে, সিমানেই দুষ্ট চক্ৰই নানান চতুৰালি অৱলম্বন কৰি এইসমূহ নিচাজাতীয় সামগ্ৰীৰ সৰবৰাহ অব্যাহত ৰাখে ৷

এইসমূহ মাৰাত্মক সামগ্ৰীৰ ব্যৱসায়, ব্যৱসায়ী তথা সৰবৰাহ বিৰুদ্ধে আৰক্ষীয়ে কঠোৰৰ পৰা কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰাৰ পিছতো থমকি ৰোৱা নাই ক’লা সাম্ৰাজ্যৰ মাফিয়াবোৰ (Operation against drugs) ৷ ৰাজ্যৰ বিভিন্ন স্থানত আৰক্ষীয়ে প্ৰতিদিনেই ক’লা সাম্ৰাজ্যখনৰ লগত জড়িত একাংশক আটক কৰাৰ লগতে উৎখাত কৰি আহিছে নিচাজাতীয় সামগ্ৰীৰ বিভিন্ন ঘাটি ৷ বিশেষকৈ কাৰ্বি আংলং জিলাৰ অসম-নাগালেণ্ড সীমান্তত নিতৌ আৰক্ষীয়ে ব্যৰ্থ কৰি আহিছে ড্ৰাগছ মাফিয়াৰ দ্বাৰা চলি অহা সৰবৰাহ, ব্যৱসায়ৰ প্ৰচেষ্টা ৷

Suspected heroin seized at Khotkhoti
নিচাজাতীয় সামগ্ৰীৰ সৰবৰাহকাৰী আটক

শেহতীয়াকৈ শুকুৰবাৰে সন্ধিয়া খটখটী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাজু দুৱৰাই থানাৰ উপ-পৰিদৰ্শৰ ৰাজীৱ বৰা সমন্বিতে আৰক্ষীৰ এটা দলে বাসবাৰীত চলালে অভিযান ৷

এক গোপন খবৰৰ ভিত্তিত খটখটী থানাৰ অন্তৰ্গত বাসবাৰীৰ এজন লোকৰ ঘৰত অভিযান চলাই আৰক্ষীৰ দলটোৱে বৃহৎ পৰিমাণৰ সন্দেহযুক্ত হেৰ'ইন উদ্ধাৰ কৰিবলৈ সক্ষম হয় (Narcotics seized at Diphu) ৷ আৰক্ষীয়ে লোকজনৰ শোৱনী কোঠাত গাৰুৰ ভিতৰত ভৰাই ৰখা অৱস্থাত ৮ টা প্লাষ্টিক চাবোনৰ বাকচত মুঠ ১০৮.৩৪ গ্ৰাম সন্দেহযুক্ত হেৰ'ইন উদ্ধাৰ কৰে (Suspected heroin seized at Khotkhoti) ৷ এই সন্দৰ্ভত আৰক্ষীয়ে বাসবাৰী টিলাবস্তিৰ নাছিৰ উদ্দিনৰ পুত্ৰ দিলোৱাৰ হুছেইনক আটক কৰিছে ৷

আটকাধীন দিলোৱাৰ হুছেইনৰ পৰা তিনিটা ম’বাইল হেণ্ডছেটৰ লগতে নগদ ১১ হাজাৰ টকা আৰক্ষীয়ে উদ্ধাৰ কৰাৰ কথা সদৰি কৰিলে বোকাজান মহকুমা আৰক্ষী বিষয়া জন দাসে ৷ ইতিমধ্যে এই সন্দৰ্ভত এনডিপিএছ আইনৰ অধীনত খটখটী আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি আৰম্ভ কৰিছে তদন্ত ৷

লগতে পঢ়ক : Operation against drugs: নগাঁও আৰক্ষীৰ বৃহৎ সফলতা, গ্ৰেপ্তাৰ দুই কুখ্যাত ড্ৰাগছ ব্যৱসায়ী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.