ETV Bharat / state

কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদত কৃতি ছাত্ৰ- ছাত্ৰীক সম্বৰ্ধনা - ETV BHARAT

সদ্য ঘোষিত উচ্চ আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ লুম্বাজং পৰিষদীয় সমষ্টিৰ সকলো কৃতি ছাত্ৰ- ছাত্ৰীক আনুষ্ঠানিক ভাবে সম্বৰ্ধনা জনোৱা হয়৷

কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদত কৃতি ছাত্ৰ- ছাত্ৰীক সম্বৰ্ধনা
author img

By

Published : Jul 14, 2019, 3:04 AM IST

ডিফু,14 জুলাই:- শনিবাৰে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ বৃহৎ আৰু গুৰুত্বপূৰ্ণ লুম্বাজং পৰিষদীয় সমষ্টিৰ পৰা সদ্য ঘোষিত উচ্চ আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ সকলো ছাত্ৰ- ছাত্ৰীক আনুষ্ঠানিক ভাবে সম্বৰ্ধনা জনোৱা হয়৷ লুম্বাজং পৰিষদীয় সমষ্টিৰ এম এ চি তথা ই এম ৰতন টেৰণে আয়োজন কৰা সম্বৰ্ধনা অনুষ্ঠানত লুম্বাজং সমষ্টিৰ বিভিন্ন প্ৰান্তৰ প্ৰায় ৫ শতাধিক ছাত্ৰ- ছাত্ৰীক ফুলাম গামোছা আৰু একোখনকৈ অভিধানেৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয়৷ সম্বৰ্ধনা অনুষ্ঠানত ক্ৰমে পাৰ্বত্য উন্নয়ণ মন্ত্ৰী ছুম ৰংহাঙ, লাংফেৰ পৰিষদীয় সমষ্টিৰ এমএচি ৰামচিং তিমুঙ, ডিফু চৰকাৰী মহাবিদ্যালয়ৰ প্ৰৱক্তা মেগী কাথাৰপী, অসম বিশ্ববিদ্যালয় ডিফু চৌহদৰ ভূগোল বিভাগৰ প্ৰবক্তা আতুৰ কিৰি ইংতি, হোজাই কলেজৰ প্ৰৱক্তা বন্দিতা টেৰণপী আৰু বিশিষ্ট কবি সাহিত্যিক ধনেশ্বৰ ইংতি আৰু গণ্য মান্য ব্যক্তি সকল উপস্থিত থাকে৷ সভাত বিশিষ্ট বক্তা সকলে ছাত্ৰ- ছাত্ৰী সকলক উদ্দেশ্যি ছাত্ৰ জীৱনত কেনেকৈ ঈপ্সিত সফলতা কেনেকৈ লাভ কৰিব পাৰি তাৰ ওপৰত বক্তৃতা প্ৰদান কৰে ৷

কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদত কৃতি ছাত্ৰ- ছাত্ৰীক সম্বৰ্ধনা

সম্বৰ্ধনা অনুষ্ঠানত ছাত্ৰ- 'ছাত্ৰীৰ কৃতকাৰ্যতাৰ কোনোধৰণৰ শ্ৰেণী বিভাজন নকৰাকৈ উত্তীৰ্ণ হোৱা সকলো ছাত্ৰ- ছাত্ৰীক আয়োজক সকলে সম্বৰ্ধনা জ্ঞাপন কৰি অনুপ্ৰেৰণা যোগায়৷ মুখ্য অতিথি হিচাপে উপস্থিত থকা পাৰ্বত্য উন্নয়ণ মন্ত্ৰী ছুম ৰংহাঙে কয় যে কাৰ্বি আংলঙত শিক্ষাৰ মানদণ্ড উন্নত কৰিবলৈ আৰু গুণগত মান উন্নত কৰিবলৈ বছৰটোত এবাৰ হ'লেও দুদিনীয়া কাৰ্যসূচীলৈ অভিভাৱক, ছাত্ৰ-ছাত্ৰী আৰু শিক্ষা গুৰু সকলক লৈ সভা অনুষ্ঠিত কৰি কেৱল শৈক্ষিক দিশ সমূহৰ ওপৰত আলোচনা কৰিব লাগে৷ ৰাজনীতিবিদ সকলে কেৱল ৰাজনীতি নকৰি সমাজত শিক্ষাৰ পৰিবেশ গঢ়িবলৈ নিজকে আত্ম নিয়োজিত কৰিব লাগিব বুলিও কয় মন্ত্ৰী ৰংহাঙে৷ শিক্ষাত বিশিষ্ট বক্তা সকলে নিজৰ বহুমূলীয়া ভাষণত কয় যে, শিক্ষা কেৱল চাকৰিমুখী নহৈ জনমুখী হ'ব লাগে৷

প্ৰতিজন শিক্ষাৰ্থীৰ জীৱনত নিৰ্দিষ্ট লক্ষ্য থাকিব লাগে, লক্ষ্য থাকিলেহে জীৱনলৈ কৃতকাৰ্যতা সহ সফলতা আহে ৷ কেৱল চিকিৎসক,অভিযন্তা হলেই জীৱন সাৰ্থক নহয় সমাজৰ সেৱা সমূহ পূৰাবলৈ নিজ সন্তানক একোজন যোগ্য ব্যক্তি হিচাপে গঢ়ি তোলাটোৱেই প্ৰতিগৰাকী অভিভাৱকৰ দায়িত্ব ৷ গীতা উপনিষেদৰ উদ্ধৃতি দি জ্ঞানক গাখীৰৰ লগত তুলনা কৰিছে আৰু এই জ্ঞান সদৃশ গাখীৰ কৃষ্ণৰ পৰা অৰ্জুণে পান কৰাৰ দৰে ছাত্ৰ সমাজক জ্ঞানসাগৰৰ দুগ্ধ পান কৰি নৈতিক শিক্ষাৰে শিক্ষিত হবলৈ ছাত্ৰ সমাজলৈ আহ্বান জনাই বালিমাহী কবি ধনেশ্বৰ ইংতিয়ে৷

Intro: লুম্বাজং পৰিষদীয় সমষ্টিৰ উচ্চ আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ- ছাত্ৰীক সম্বৰ্ধনা ৷

**কাৰবি আংলঙত গুণগত শিক্ষাৰ পৰিবেশ গঢ়ি তুলিব লাগে----- মন্ত্ৰী ছুম ৰংহাঙ ৷**

ষ্টাফ ৰিপৰ্টাৰ, ডিফু, ১৩ জুলাই:- কাৰবি আংলং স্বায়ত্ত শাসিত পৰিষদৰ বৃহৎ আৰু গুৰুত্বপূৰ্ণ লুম্বাজং পৰিষদীয় সমষ্টিৰ পৰা সদ্য ঘোষিত উচ্চ আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ সকলো ছাত্ৰ- ছাত্ৰীক আনুষ্ঠানিক ভাবে সম্বৰ্ধনা জনোৱা হয় ৷ লুম্বাজং পৰিষদীয় সমষ্টিৰ এমএচি তথা ইএম ৰতন টেৰণে আয়োজন কৰা সম্বৰ্ধনা অনুষ্ঠানত লুম্বাজং সমষ্টিৰ বিভিন্ন প্ৰান্তৰ প্ৰায় ৫ শতাধিক ছাত্ৰ- ছাত্ৰীক ফুলাম গামোছা আৰু একোখনকৈ অভিধানেৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয় ৷ সম্বৰ্ধনা অনুষ্ঠানত ক্ৰমে পাৰ্বত্য উন্নয়ণ মন্ত্ৰী ছুম ৰংহাঙ, লাংফেৰ পৰিষদীয় সমষ্টিৰ এমএচি ৰামচিং তিমুঙ, ডিফু চৰকাৰী মহাবিদ্যালয়ৰ প্ৰৱক্তা মেগী কাথাৰপী, অসম বিশ্ববিদ্যালয় ডিফু চৌহদৰ ভূগোল বিভাগৰ প্ৰৱক্তা আতুৰ কিৰি ইংতি, হোজাই কলেজৰ প্ৰৱক্তা বন্দিতা টেৰণপী আৰু বিশিষ্ট কবি সাহিত্যিক ধনেশ্বৰ ইংতি আৰু গণ্য মান্য ব্যক্তি সকল উপস্থিত থাকে ৷ সভাত বিশিষ্ট বক্তা সকলে ছাত্ৰ- ছাত্ৰী সকলক উদ্দেশ্যি ছাত্ৰ জীৱনত কেনেকৈ ঈপ্সিত সফলতা কেনেকৈ লাভ কৰিব পাৰি তাৰ ওপৰত মন পৰশা বক্তৃতা প্ৰদান কৰে ৷ আজিৰ সম্বৰ্ধনা অনুষ্ঠানত ছাত্ৰ- 'ছাত্ৰীৰ কৃতকাৰ্যতাৰ কোনোধৰণৰ শ্ৰেণী বিভাজন নকৰাকৈ উত্তীৰ্ণ হোৱা সকলো ছাত্ৰ- ছাত্ৰীক আয়োজক সকলে সম্বৰ্ধনা জ্ঞাপন কৰি অনুপ্ৰেৰণা যোগায় ৷মুখ্য অতিথি হিচাপে উপস্থিত থকা পাৰ্বত্য উন্নয়ণ মন্ত্ৰী ছুম ৰংহাঙে কয়যে কাৰবি আংলঙত শিক্ষাৰ মানদণ্ড উন্নত কৰিবলৈ আৰু গুণগত মান উন্নত কৰিবলৈ বছৰটোত এবাৰ হলেও দুদিনীয়া কাৰ্যসূচীলৈ অভিভাবক, ছাত্ৰ-ছাত্ৰী আৰু শিক্ষা গুৰু সকলক লৈ সভা অনুষ্ঠিত কৰি কেৱল শৈক্ষিক দিশ সমূহৰ ওপৰত আলোচনা কৰিব লাগে ৷ ৰাজনীতিবিদ সকলে কেৱল ৰাজনীতি নকৰি সমাজত শিক্ষাৰ পৰিবেশ গঢ়িবলৈ নিজকে আত্ম নিয়োজিত কৰিব লাগিব বুলিও কয় মন্ত্ৰী ৰংহাঙে৷ শিক্ষাত বিশিষ্ট বক্তা সকলে নিজৰ বহুমূলীয়া ভাষণত কয় যে, শিক্ষা কেৱল চাকৰিমুখী নহৈ জনমুখী হব লাগে ৷ প্ৰতিজন শিক্ষাৰ্থীৰ জীৱনত নিৰ্দিষ্ট লক্ষ্য থাকিব লাগে, লক্ষ্য থাকিলেহে জীৱনলৈ কৃতকাৰ্যতা সহ সফলতা আহে ৷ কেৱল চিকিৎসক, অভিযন্তা হলেই জীৱন সাৰ্থক নহয় সমাজৰ সেৱা সমূহ পূৰাবলৈ নিজ সন্তানক একোজন যোগ্য ব্যক্তি হিচাপে গঢ়ি তোলাটোৱেই প্ৰতিগৰাকী অভিভাৱকৰ দায়িত্ব ৷ গীতা উপনিষেদৰ উদৃতি দি জ্ঞানক গাখীৰৰ লগত তুলনা কৰিছে আৰু এই জ্ঞান সদৃশ গাখীৰ কৃষ্ণৰ পৰা অৰ্জুণে পাণ কৰাৰ দৰে ছাত্ৰ সমাজক
জ্ঞানসাগৰৰ দুগ্ধ পাণ কৰি নৈতিক শিক্ষাৰে শিক্ষিত হবলৈ ছাত্ৰ সমাজলৈ আহ্বান জনাইছে বালিমাহী কবি ধনেশ্বৰ ইংতিয়ে ৷

কামৰুল খান, ডিফুBody:****-**************Conclusion:******************-
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.