ETV Bharat / state

শক্তি বিভাগক ব্যক্তিগতকৰণৰ বিৰুদ্ধে ডিফু-হাওৰাঘাটত প্রতিবাদ - কেন্দ্রীয় চৰকাৰ

বৃহস্পতিবাৰে ডিফু আৰু হাওৰাঘাটত বিভাগটোৰ বিষয়া-কর্মচাৰীসকলে হাতে হাতে 'বিদ্যুৎ খণ্ডৰ ব্যক্তিগতকৰণ বন্ধ কৰক, বিদ্যুৎখণ্ডক পুঁজিপতিৰ হাতত গতাই দিয়া নচলিব' আদি শ্লগান সম্বলিত প্লে-কার্ড হাতে হাতে লৈ শক্তিখণ্ডৰ ব্যক্তিগতকৰণৰ বিৰুদ্ধে তীব্ৰ প্রতিবাদ সাব্যস্ত কৰে । শক্তিখণ্ড ব্যক্তিকৰণ হ‘লে উপভোক্তাসকলৰ ওপৰত অধিক বিল বহনেৰে মাধমাৰ দিয়া হ'ব বুলিও অভিযোগ কৰে প্ৰতিবাদকাৰী সকলে ৷

STRIKE_OF_ELECTRICTY_EMPLOYEES
শক্তি বিভাগক ব্যক্তিগতকৰণৰ বিৰুদ্ধে ডিফু-হাওৰাঘাটত প্রতিবাদ
author img

By

Published : Nov 26, 2020, 9:06 PM IST

ডিফু, ২৬ নবেম্বৰঃ কেন্দ্রীয় চৰকাৰে দেশৰ বিদ্যুৎ খণ্ডক ব্যক্তিগতকৰণৰ বাবে হাতত লােৱা পদক্ষেপৰ বিৰুদ্ধে বৃহস্পতিবাৰে সমগ্র দেশজুৰি বিদ্যুৎ বিভাগৰ কর্মীসকলে আহ্বান জনাইছিল সাধাৰণ ধর্মঘট কার্যসূচীৰ ৷ উক্ত সাধাৰণ ধর্মঘট কার্যসূচীলৈ কাৰ্বি আংলং জিলাৰ বিদ্যুৎ বিভাগৰ কর্মচাৰীসকলে পূর্ণ সঁহাৰি জনােৱা পৰিলক্ষিত হয়।

বৃহস্পতিবাৰে ডিফু আৰু হাওৰাঘাটত বিভাগটোৰ বিষয়া-কর্মচাৰীসকলে হাতে হাতে 'বিদ্যুৎ খণ্ডৰ ব্যক্তিগতকৰণ বন্ধ কৰক, বিদ্যুৎখণ্ডক পুঁজিপতিৰ হাতত গতাই দিয়া নচলিব' আদি শ্ল'গান সম্বলিত প্লে-কার্ড হাতে হাতে লৈ শক্তিখণ্ডৰ ব্যক্তিগতকৰণৰ বিৰুদ্ধে তীব্ৰ প্রতিবাদ সাব্যস্ত কৰে । শক্তিখণ্ড ব্যক্তিকৰণ হ‘লে উপভোক্তাসকলৰ ওপৰত অধিক বিল বহনেৰে মাধমাৰ দিয়া হ'ব বুলিও অভিযোগ কৰে প্ৰতিবাদকাৰীসকলে ৷ শক্তি খণ্ডৰ কৰ্মচাৰী সকলৰ ভৱিষ্যত অন্ধকাৰ দেখিয়েই ব্যক্তিগতকৰণৰ বিৰুদ্ধে এনে গণতান্ত্ৰিক আন্দোলন গ্ৰহণ কৰিছে বুলি প্ৰতিবাদকাৰীসকলে মন্তব্য কৰে ৷

প্রতিবাদকাৰীসকলে সংবাদ মাধ্যমৰ সন্মুখতো এই সন্দৰ্ভত তীব্র প্রতিক্রিয়া প্রকাশ কৰি দেহত শেষ বিন্দু তেজ থকা পর্যন্ত চৰকাৰৰ এনে জনবিৰোধী সিদ্ধান্তৰ বিৰুদ্ধে প্রতিবাদ সাব্যস্ত কৰি যাব বুলি হুংকাৰ প্রদান কৰে। আজি ডিফুত হোৱা প্ৰতিবাদী কাৰ্যসূচীত কোঅৰ্ডিনেছন কমিটি অৱ ইলেক্ট্ৰিচিটি এমপ্লয়িজ, ইঞ্জিনিয়াৰ্চ আৰু পেঞ্চনাৰ্চ সকলৰ মুখ্য আহ্বায়ক আৰিফ উদ্দিন, আহ্বায়ক নয়নমনি দাস, সদস্য সকল ক্ৰমে, অৰূপ শৰ্মা, শশাংক দাস আৰু ইলোৰা বৰুৱা উপস্থিত থাকে ৷

লগতে পঢ়ক: আমবাৰীৰ বুঢ়া জামে মছজিদত তৰুণ গগৈক শেষ শ্ৰদ্ধা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.