ডিফু, ৯ আগষ্ট : যক্ষ্মা ৰোগ নিৰ্মূলৰ বাবে বিশ্বৰ বিভিন্ন দেশে ন ন ব্যৱস্থা হাতত লৈ আহিছে । ভাৰততো ২০২৫ চনৰ ভিতৰত যক্ষ্মা ৰোগ নিৰ্মূল কৰাৰ লক্ষ্য স্থিৰ কৰাৰ কথা ঘোষণা কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে । ২০১৮ চনত 'END TB' শীৰ্ষক সন্মিলনত অংশ লৈ এই বিষয়ে প্ৰধানমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছিল ।
ইয়াৰ বাবে চৰকাৰে বিভিন্ন আঁচনিও গ্ৰহণ কৰি আহিছে । ৰাষ্ট্ৰীয় যক্ষ্মা নিৰাময় কাৰ্যসূচীৰ অধীনত সময়ে সময়ে সজাগতামূলক অনুষ্ঠানৰো আয়োজন কৰা হয় । সোমবাৰে ৰাষ্ট্ৰীয় যক্ষ্মা নিৰাময় কাৰ্যসূচীৰ অধীনত কাৰ্বি আংলং জিলাৰ ডিফুত এক সংবাদ কৰ্মশালা অনুষ্ঠিত কৰা হয় । ডিফুৰ যক্ষ্মা কেন্দ্ৰত ৰাজ্যিক ভিত্তিক এই ভাৰ্চুৱেল কৰ্মশালা অনুষ্ঠিত হয় ।
গুৱাহাটীৰ পৰা কেইবাগৰাকীও শীৰ্ষ বিষয়াই সাংবাদিকসকলক ভাৰ্চুৱেল মাধ্যমেৰে প্ৰশিক্ষণ দিয়ে ৷ জিলা যক্ষ্মা বিষয়া ডাঃ গণেশ দেউৰীৰ উপস্থিতিত কেইবাগৰাকীও সাংবাদিকে এই কৰ্মশালাত অংশগ্ৰহণ কৰে ৷
গুৱাহাটী প্ৰেছ ক্লাৱৰ পৰা এই কৰ্মশালাৰ আৰম্ভণি কৰা হয় । ৰাজ্যিক যক্ষ্মা বিষয়া নয়নজ্যোতি দাসে যক্ষ্মা ৰোগ নিৰাময়ৰ সকলো দিশৰ ওপৰত বিস্তৃত বাখ্যা আগবঢ়ায় ৷ ইয়াৰ উপৰিও বিষয়াগৰাকীয়ে যক্ষ্মা ৰোগ নিৰাময়ৰ সন্দৰ্ভত সংবাদ মাধ্যমৰ বিশেষ ভূমিকাৰ বিষয়েও আলোকপাত কৰে । লগতে স্বাস্থ্যখণ্ডৰ একো একোটা ইতিবাচক বাতৰিয়ে সমাজত বিশেষ প্ৰভাৱ পেলায় বুলি তেওঁ মন্তব্য কৰে ।
লগতে সাংবাদিকসকলে এনে বাতৰিৰ পৰিৱেশন কৰিলে মিডিয়া ফেল'শ্বিপ পোৱাৰো থল থাকে বুলি তেওঁ জানিবলৈ দিয়ে ৷ অসমৰ প্ৰতিখন গাঁৱত, প্ৰতিটো চুবুৰীত যক্ষ্মা ৰোগৰ বিষয়ে সজাগতা গঢ়ি তোলাত সংবাদ মাধ্যমক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিবলৈ তেওঁ আহ্বান জনায় ৷ কৰ্মশালাত অংশগ্ৰহণ কৰা প্ৰতিজন সাংবাদিকক জিলা যক্ষ্মা কাৰ্যলয়ৰ তৰফৰ পৰা একোখনকৈ মানপত্ৰ প্ৰদান কৰা হয় ৷ এই ক্ষেত্ৰত সাংবাদিকসকলে নিজৰ দায়িত্ব পালন কৰি যক্ষ্মা ৰোগ নিৰ্মূল কৰাৰ ক্ষেত্ৰত সজাগতাৰ সৃষ্টি কৰি চৰকাৰক সহযোগিতা আগবঢ়াৱ বুলি আশা কৰিছে স্বাস্থ্য বিভাগে ।
লগতে পঢ়ক : 16 আগষ্টৰ পৰা বন্ধ হ’ব ৰাজ্যৰ পানী যোগান !