ETV Bharat / state

হাথৰছ কাণ্ডৰ প্রতিবাদত ডিফুত কংগ্রেছৰ মৌন সত্যাগ্রহ

author img

By

Published : Oct 7, 2020, 5:43 PM IST

উত্তৰ প্ৰদেশৰ হাথৰছ কাণ্ডৰ নিৰ্যাতিতাৰ ন্যায়ৰ দাবীত ডিফুত কংগ্রেছৰ মৌন সত্যাগ্রহ। উত্তৰ প্ৰদেশ চৰকাৰে অমানৱীয় আৰু অগণতান্ত্রিক আচৰণ প্ৰদৰ্শন কৰাৰ অভিযোগ কংগ্ৰেছৰ।

হাথৰছ কাণ্ডৰ প্রতিবাদত ডিফুত কংগ্রেছৰ মৌন সত্যাগ্রহ
হাথৰছ কাণ্ডৰ প্রতিবাদত ডিফুত কংগ্রেছৰ মৌন সত্যাগ্রহ

ডিফু, ৭ অক্টোবৰ: দেশ কঁপোৱা হাথৰছৰ গণধৰ্ষণ কাণ্ডক লৈ ৰাজ্যৰ ভিন্ন প্ৰান্তত মৌন সত্যাগ্ৰহ কাৰ্যসূচী ৰূপায়ণ কৰিছে কংগ্ৰেছে। ডিফুত কাৰ্বি আংলং জিলা কংগ্ৰেছেও প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে। চেমচনছিং ইংতি স্মৃতি উদ্যানৰ সম্মুখত দিনৰ ১১ বজাৰ পৰা ২ ঘণ্টীয়া মৌন সত্যাগ্ৰহ কাৰ্যসূচী ৰূপায়ণ কৰে দলটোৰ নেতা-কৰ্মীয়ে। নিৰ্যাতিতাৰ ন্যায়ৰ দাবী জনায় প্ৰতিবাদকাৰীয়ে। উত্তৰ প্ৰদেশ চৰকাৰে অমানৱীয় আৰু অগণতান্ত্রিক আচৰণ প্ৰদৰ্শন কৰাৰো অভিযোগ উত্থাপন কৰে কংগ্ৰেছে।

হাতে হাতে বিভিন্ন শ্ল'গান সম্বলিত প্লে'কাৰ্ড লৈ ঘৃণনীয় কাণ্ডৰ প্ৰতিবাদ কৰে আৰু যুৱতীগৰাকীৰ ন্যায়ৰ লগতে দোষীক মৃত্যুদণ্ড দিয়াৰ দাবী জনায়। প্রতিবাদী কার্যসূচীত অংশগ্রহণ কৰি অসম প্রদেশ কংগ্রেছৰ সম্পাদক মংবে ৰংপিয়ে হাথৰছৰ ঘটনাক কঠোৰ ভাষাৰে গৰিহণা দিয়ে। নির্যাতিতাৰ পৰিয়ালক সাক্ষাতৰ বাবে যােৱা অৱস্থাত কংগ্রেছ নেতা ৰাহুল গান্ধী আৰু প্রিয়ংকা গান্ধীক কৰা দুর্ব্যৱহাৰ বিৰূদ্ধেও প্রতিবাদ জনায়। ফাষ্টট্রেক আদালতত বিচাৰ প্রক্রিয়া চলাই দোষীক কঠোৰ শাস্তি প্রদানৰ দাবী জনায়।

হাথৰস কাণ্ডৰ প্রতিবাদত ডিফুত কংগ্রেছৰ মৌন সত্যাগ্রহ

জিলা কংগ্রেছৰ কার্যকৰী সভাপতি অশােক টেৰণে দোষীক ফাঁচী দিয়াৰ দাবী জনায়। প্ৰতিবাদী কাৰ্যসূচীত জিলা কংগ্ৰেছৰ উপ-সভাপতি ৰতন ইংতি আৰু ৰাতুল টেৰণ লগতে মহিলা কংগ্ৰেছৰ নেত্ৰীসকল আৰু কংগ্ৰেছৰ বন্ধু সংগঠনৰ নেতা-কৰ্মীও উপস্থিত থাকে।

লগতে চাওকঃ ঘোষণা হ‘ল ৰসায়ন বিজ্ঞানত 2020ৰ বাবে নোবেল পুৰস্কাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.