ETV Bharat / state

বাণিজ্য শাখাত ষষ্ঠ স্থানেৰে ডিফুলৈ গৌৰৱ কঢ়িয়ালে শ্ৰুতি জৈনে

author img

By

Published : Jun 26, 2020, 6:04 PM IST

ডিফু ডনবস্ক' হায়াৰ ছেকেণ্ডাৰী স্কুলৰ পৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল শ্ৰুতি ৷

Diphu
শ্ৰুতি জৈন

ডিফু, ২৫ জুন: বৃহস্পতিবাৰে ঘোষণা কৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত বাণিজ্য শাখাত অসমৰ ভিতৰত ষষ্ঠ স্থান দখল কৰি সমগ্ৰ কাৰবি আংলঙৰ লগতে ডিফুলৈ গৌৰৱ কঢ়িয়াই আনে শ্ৰুতি জৈনে ৷ ডিফু ডনবস্ক' হায়াৰ ছেকেণ্ডাৰী স্কুলৰ পৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল শ্ৰুতি ৷ বাণিজ্য শাখাত মুঠ ৪৫৭ নম্বৰেৰে ৯১.০২ শতাংশ লাভ কৰি অসমৰ ভিতৰত ষষ্ঠ স্থান লাভ কৰিবলৈ সক্ষম হয় ছাত্ৰীগৰাকী ৷

শ্ৰুতি জৈন

লগতে পঢ়কঃ চাংলাঙৰ চাংকা হাবিত আটক চাৰি গৰাকী আলফা (স্বা) কেডাৰ

শ্ৰুতিৰ এই ফলাফলৰ পাছতে উখল মাখল পৰিৱেশৰ সৃষ্টি হয় পাহাৰীয়া জিলাখনৰ লগতে ছাত্ৰীগৰাকীৰ বিদ্যালয়খনত ৷ ছাত্ৰীগৰাকীয়ে তেওঁৰ সফলতাৰ বাবে বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী, পৰিচালনা ব্যৱস্থাৰ লগতে পিতৃ-মাতৃক ধন্যবাদ জ্ঞাপন কৰে ৷ ভৱিষ্যতে এগৰাকী চাৰ্টাৰদ একাউণ্টেত হোৱাৰ সপোন পুহি ৰাখিছে কৃতী ছাত্ৰী শ্ৰুতি জৈনে ৷

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.