ডিফু,১১ ডিচেম্বৰ: ডিফু ৰংকিমি পথস্থিত জিলা তথ্য আৰু জনসংযোগ বিভাগৰ কাৰ্যালয়ত কাৰ্বি আংলং জিলা ধপাত নিয়ন্ত্ৰণ কোষৰ মত বিনিময় অনুষ্ঠান ৷ ধপাত সেৱনৰ ফলত হ'ব পৰা মাৰাত্মক বেমাৰৰ সম্পৰ্কে স্থানীয় সাংবাদিক সকলৰ সৈতে মত বিনিময় কৰে জিলা ধপাত নিয়ন্ত্ৰণৰ নডেল বিষয়া ডাঃ গুণটি নাথে ৷ অনুষ্ঠানত নানা ৰোগৰ সম্পৰ্কে আলোচনা কৰাৰ বিপৰীতে অসম কেন্সাৰ কেয়াৰ ফাউণ্ডেছনৰ জিলা হেলথ মেনেজাৰ হিম কুমাৰ ঘিমিৰিয়ে কৰ্কট ৰোগ আৰম্ভণিতে ধৰা পেলাব পাৰিলে জীৱনৰ প্ৰতি শংকা হ্ৰাস পায় বুলি সাংবাদিক মহলক অৱগত কৰে ৷
আনহাতে, ধপাত সেৱন মুখ গহ্বৰ, স্তন আৰু জৰায়ুৰ কৰ্কট ৰোগৰ প্ৰধান কাৰণ বুলি উল্লেখ কৰাৰ লগতে ধপাত আৰু কৰ্কট ৰোগৰ সন্দৰ্ভত গণ চেতনাত সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায় বিষয়া গৰাকীয়ে ৷ এই বিনিময় অনুষ্ঠানত জিলা তথ্য আৰু জন সংযোগৰ বিষয়া উৎপল ডিমাছা, জ্যেষ্ঠ সাংবাদিক সঞ্জু বৰা, কাংবুৰা চিংনাৰ,স্বৰুপ লষ্কৰ আৰু দিপেন বৰা উপস্থিত থাকে ৷
লগতে পঢ়ক: মিজোৰাম বিজেপি প্ৰদেশৰ তত্বাবধায়ক শ্ৰী মনলুম্ কিকনৰ সৈতে ইটিভি ভাৰতৰ আছুতীয়া সাক্ষাৎকাৰ